ETV Bharat / state

কবি প্ৰণৱ কুমাৰ বৰ্মন আৰু ঔপন্যাসিক ৰাস্না পালকলৈ নতুন সুৰ প্ৰকাশন পৰিষদৰ বঁটা

author img

By

Published : Jan 1, 2022, 6:40 PM IST

নতুন সুৰ প্ৰকাশন পৰিষদে কবি প্ৰণৱ কুমাৰ বৰ্মনলৈ ‘সাহিত্যজ্যোতি’ বঁটা আৰু ঔপন্যাসিক ৰাস্না পালকলৈ ‘কথা-বৈভৱ’ বঁটা আগবঢ়ায় (Natun Sur Prakashan Parisad Award) ৷ 2022 বৰ্ষৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ’ব লগা এক বিশেষ অনুষ্ঠানত এই দুয়োগৰাকী বিশিষ্ট সাহিত্যিকক বঁটা প্ৰদান কৰা হ’ব বুলি জানিব পৰা গৈছে ৷

katha-baibhav-or-sahittya-jyoti-award-to-pranab-kumar-barman-and-rashna-palak
কবি প্ৰণৱ কুমাৰ বৰ্মন আৰু ঔপন্যাসিক ৰাস্না পালকলৈ নতুন সুৰ প্ৰকাশন পৰিষদৰ বঁটা

লখিমপুৰ, 1 জানুৱাৰী : নতুন সুৰ প্ৰকাশন পৰিষদে 2022 বৰ্ষৰ ‘কথা-বৈভৱ’ বঁটা আগবঢ়াইছে ঔপন্যাসিক ৰাস্না পালকলৈ (Katha Baibhav to Rashna Palak) । লগতে ২০২২ বৰ্ষৰ ‘সাহিত্যজ্যোতি’ বঁটাৰ বাবে নতুন সুৰ প্ৰকাশন পৰিষদে নিৰ্বাচন কৰিছে অসমীয়া কবিতাত নব্য আলোড়ন আৰু চেতনা প্ৰদান কৰা বিশিষ্ট কবি প্ৰণৱ কুমাৰ বৰ্মনক ( Sahittya Jyoti Award to Pranab Kumar Barman) ৷ ‘নতুন সুৰ প্ৰকাশন পৰিষদ’ৰ সহযোগী অনুষ্ঠান ‘মঙলবোধ জাগৰণ কেন্দ্ৰ’ৰ দ্বাৰা 2022 বৰ্ষৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ’ব লগা এক বিশেষ অনুষ্ঠানত এই দুয়োগৰাকী বিশিষ্ট সাহিত্যিকক বঁটা প্ৰদান কৰা হ’ব ।

কবিতাক আবেদনময় শৈলীৰে নতুন গতি প্ৰদান কৰি পাঠকৰ চিত্তত সমলয় সৃষ্টি কৰা প্ৰণৱ কুমাৰ বৰ্মনৰ প্ৰগাঢ় সমাজ চেতনা, সময় প্ৰবাহৰ জটিলতাৰ মাজতো প্ৰেম আৰু জীৱনৰ পুৰাতন অংগীকাৰক বলিষ্ঠ ৰূপত প্ৰতিষ্ঠা কৰা সাহিত্যৰাজিৰ স্বীকৃতিৰূপে নতুন সুৰ প্ৰকাশন পৰিষদে তেখেতলৈ “সাহিত্যজ্যোতি“ বঁটা প্ৰদানৰ সিদ্ধান্ত লৈছে ৷ ইয়াৰোপৰি কবি প্ৰণৱ কুমাৰ বৰ্মনৰ কবিতাৰ লগতে উপন্যাস, চুটিগল্প, প্ৰবন্ধৰ প্ৰায় 49 খন গ্ৰন্থ প্ৰকাশ পোৱাৰ লগতে কেইবাখনো চিনেমা পৰিচালনা কৰা কবি প্ৰণৱ কুমাৰ বৰ্মনৰ কেইখনো গ্ৰন্থ সম্প্ৰতি প্ৰকাশৰ পথত আছে ৷

আনহাতে ‘কথা-বৈভৱ’ বঁটাৰ বাবে নিৰ্বাচিত প্ৰতিশ্ৰুতিসম্পন্ন লেখিকা ৰাস্না পালকে ‘বেলিবিহীন কপালৰ ৰ’দঘাই মানুহজনী’, উভতি ৰ’দৰ বাটেৰে’, ‘ৰ’দালি ৰ’দ দে’, ‘যাতনাৰ পৃষ্ঠা’ নামেৰে চাৰিখন উপন্যাস ৰচনা কৰিছে ৷ নৱ প্ৰজন্মৰ বলিষ্ঠ লেখিকা ৰাস্না পালক ‘‘খোজ পাব্লিকেশন’’ৰ স্বত্বাধিকাৰী তথা গুৱাহাটীৰ পৰা প্ৰকাশিত ‘বিন্দু’ আলোচনীৰ এগৰাকী সম্পাদক ৷

উল্লেখ্য যে, সাহিত্য চৰ্চাৰ জৰিয়তে সুস্থ পৰিৱেশ সৃষ্টিৰ লগতে সমাজ-জীৱনলৈ সৃষ্টিশীলতাৰ জাগৰণ অনা আৰু সুস্থ জীৱনবোধ প্ৰতিষ্ঠাৰ বাবে দীৰ্ঘ সময়জুৰি কাম কৰি অহা উত্তৰ লখিমপুৰৰ অগ্ৰণী প্ৰকাশন অনুষ্ঠান নতুন সুৰ প্ৰকাশন পৰিষদে বিগত 2006 চনৰ পৰা অসমীয়া সাহিত্য-সংস্কৃতি জগতলৈ ইতিবাচক অৱদান যোগোৱা ব্যক্তি বিশেষক ‘সাহিত্যজ্যোতি’ আৰু ‘কথা-বৈভৱ’ বঁটা প্ৰদানেৰে সন্মানিত কৰি আহিছে (Natun Sur Prakashan Parisad Award) ৷

লগতে পঢ়ক : 1st Sunrise of the year : গুৱাহাটীৰ পৰা নৱবৰ্ষৰ পহিলা দিনটোৰ সূৰ্যোদয়ৰ দৃশ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.