ETV Bharat / state

ৰাজ্যত পুনৰ আক্ৰমণৰ বলি সাংবাদিক

author img

By

Published : Jan 3, 2021, 2:02 PM IST

নাৰায়ণপুৰত দুৰ্বৃত্তৰ আক্ৰমণৰ বলি এটি ব্যক্তিগত বৈদ্যুতিক মাধ্যমৰ সাংবাদিক সুব্ৰত কাকতি ৷ বাতৰি সংগ্ৰহৰ বাবে যোৱাৰ সময়তেই সাংবাদিক গৰাকীক আক্ৰমণ কৰে দুৰ্বৃত্তই ৷

As_BHP_journalist-being-attacked_img_ASC10039
পুনৰ আক্ৰমণৰ বলি সাংবাদিক

বিহপুৰীয়া,3 জানুৱাৰী: ৰাজ্যত পুনৰ সংঘটিত হ’ল সাংবাদিকক আক্ৰমণৰ ঘটনা ৷ এইবাৰ নাৰায়ণপুৰত দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হ’বলগীয়া হ’ল বৈদ্যুতিক মাধ্যমৰ সাংবাদিক ৷ লখিমপুৰ জিলাৰ নাৰায়ণপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ভোগপুৰ চাৰিআলিত বাতৰি সংগ্ৰহৰ বাবে যোৱা সময়তেই দুৰ্বৃত্তই আক্ৰমণ কৰে এটি ব্যক্তিগত বৈদ্যুতিক মাধ্যমৰ সাংবাদিক সুব্ৰত কাকতিক ৷ এটা মাৰপিটৰ ঘটনাৰ বাতৰি সংগ্ৰহ কৰাৰ সময়তেই মন বৰুৱা ওৰফে কাকু নামৰ এজন যুৱকে আক্ৰমণ কৰে সুব্ৰত কাকতিক ৷

ৰাজ্যত পুনৰ আক্ৰমণৰ বলি সাংবাদিক

ইতিমধ্যে ঘটনা সন্দৰ্ভত নাৰায়ণপুৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে সাংবাদিক সুব্ৰত কাকতিয়ে ৷ সাংবাদিক গৰাকীৰ অভিযোগৰ ভিত্তিতেই মন বৰুৱা সন্ধানত আৰক্ষীয়ে আৰম্ভ কৰিছে অভিযান ৷ আনহাতে, এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে দোষীক উপযুক্ত শাস্তি প্ৰদান কৰাৰ বাবে দাবী উত্থাপন কৰিছে নাৰায়ণপুৰ প্ৰেছ ক্লাৱ,বান্দৰদেৱা প্ৰেছ ক্লাৱ আৰু বিহপুৰীয়া প্ৰেছ ক্লাৱে ৷

লগতে পঢ়ক-ভোগালীক আদৰাৰ প্ৰস্তুতি তুংগত উঠিছে ৰাজ্যত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.