নাওবৈচা,২৫ মাৰ্চ: অসম বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ নিবাৰ্চনী প্ৰচাৰ বৃহস্পতিবাৰে অন্ত পৰিব । আন আন সমষ্টিসমূহৰ দৰে ১১০নং নাওবৈচা বিধানসভা সমষ্টিটো শাসক-বিৰোধী আৰু নিদ্দলীয় প্ৰাৰ্থী সকলে চলাইছে অন্তিমটো নিৰ্বাচনী প্ৰচাৰ ৷ ভোটাৰ ৰাইজক আকৰ্ষিত কৰিবলৈ বিভিন্ন পন্থা অৱলম্বন কৰি সকলোৱে সমষ্টিবাসীৰ মন জয় কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে । সমষ্টিটো নিজৰ দখলত ৰাখিব বাবে প্ৰতিজন প্ৰাৰ্থীয়ে নানা ৰকমৰ প্ৰচাৰ অভিযানেৰে ভোটাৰ ৰাইজক আকৰ্ষিত কৰি সামৰণি পেলাব প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ ।
নাওবৈচা সমষ্টিটো অগপ-বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত খাউণ্ডে দলীয় কাৰ্যকৰ্তা আৰু সমৰ্থকক লগতলৈ সমষ্টিটোত এক বৃহৎ কাৰ ৰেলী উলিয়াই নিজৰ শক্তি প্ৰদৰ্শন কৰে । প্ৰাৰ্থী গৰাকীৰ নাওবৈচা মাজগাঁৱৰ নিজা বাসভৱনৰ পৰা প্ৰায় এহেজাৰখন গাড়ীৰে আৰম্ভ কৰা ৰেলী ফুলবাৰী পঞ্চায়তহৈ লালুকৰ মাজৰে গৈ সমষ্টিৰটোৰ ২০ খন পঞ্চায়তৰ মাজেৰে পুনৰ প্ৰাৰ্থী গৰাকী গৃহত সামৰণি পৰে । মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত খাউণ্ডে সংবাদ মাধ্যমৰ আগত কয়, এইবাৰ নাওবৈচাত ৰাইজে উন্নয়ন আৰু বিকাশৰ পক্ষত থাকি তেওঁক বিপুল ভোটত জয়ী কৰাব৷ লগতে নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থী ভৰত নৰহৰ সৈতে নিৰ্বাচনী মূল যুঁজ হ'ব বুলি উল্লেখ কৰে ।
লগতে পঢ়ক: ঢেকীয়াজুলিত অন্তিম প্ৰচাৰত ব্যস্ত অশোক সিংহল