ETV Bharat / state

Air combat drill in Lakhimpur: শনিবাৰৰ পৰা গোলা-বাৰুদৰ শব্দত কঁপিব লখিমপুৰৰ দুলুং বনাঞ্চল - ভাৰতীয় বায়ু সেনা

শনিবাৰৰ পৰা লখিমপুৰৰ দুলুং সংৰক্ষিত বনাঞ্চলত চলিব ভাৰতীয় বায়ু সেনাৰ প্ৰশিক্ষণ ৷ বোমা, গোলা-বাৰুদৰ শব্দত 15 দিনলৈ কঁপি উঠিব বনাঞ্চলখন ৷ যাৰ বাবে বনাঞ্চলখনত জাৰি কৰা হৈছে 144 ধাৰা (Air combat drill in Lakhimpur) ৷

Air combat drill in Lakhimpur
শনিবাৰৰ পৰা গোলা-বাৰুদৰ শব্দত কঁপিব লখিমপুৰৰ দুলুং বনাঞ্চল
author img

By

Published : Mar 31, 2023, 10:49 PM IST

লখিমপুৰ, 31 মাৰ্চ: ভাৰতীয় বায়ু সেনাৰ যুঁজাৰো বিমানৰ গৰ্জন, বেমাৰ শব্দ, গোলাবৰ্ষণৰ শব্দত কঁপিব লখিমপুৰৰ দুলুং সৰক্ষিত বনাঞ্চল ৷ যাৰ বাবে লখিমপুৰ জিলা দণ্ডাধীশে ভাৰতীয় ফৌজদাৰী কাৰ্যবিধিৰ 144 ধাৰা জাৰি কৰিছে বনাঞ্চলখনত ৷ এক সমৰ সদৃশ পৰিৱেশৰ সৃষ্টি হ’ব দুলুং সৰক্ষিত বনাঞ্চলত (Air combat drill in Lakhimpur) ৷

উল্লেখ্য যে, শনিবাৰৰ পৰা অৰ্থাৎ 1 এপ্ৰিলৰ পৰা দুলুং বনাঞ্চলত সামৰিক অনুশীলন কৰিব ভাৰতীয় বায়ু সেনাৰ 11 উইংয়ে ৷ 1 এপ্ৰিলৰ পৰা সম্পূৰ্ণ এটা পষেক ধৰি চলিব এই অনুশীলন ৷ গোলা-বাৰুদৰ শব্দত কঁপি উঠিব সমগ্ৰ বনাঞ্চল ৷

অনুশীলনৰ সময়চোৱাত কোনো লোকে যাতে বনাঞ্চলখনত প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে দণ্ডাধীশে জাৰি কৰিছে 144 ধাৰা ৷ জীৱ-জন্তু প্ৰৱেশতো জাৰি কৰা হৈছে নিষেধাজ্ঞা ৷ দুলুং সংৰক্ষিত বনাঞ্চলৰ ভিতৰত থকা অনুশীলন ক্ষেত্ৰত 14 এপ্ৰিললৈকে চলিব অনুশীলন ৷ উল্লেখ্য যে, প্ৰতি বছৰে বনাঞ্চলখনত সামৰিক অনুশীলন কৰি আহিছে ভাৰতীয় বায়ু সেনাই (Air force drilling in Dullung forest) ৷

অনুশীলনৰ সময়ত যুঁজাৰু বিমানৰ পৰা ৰকেট, বোমা, গোলা আদি নিক্ষেপ কৰা হয় আৰু প্ৰতি বছৰে মানুহ আৰু জীৱ-জন্তুৰ প্ৰতি আহিব পৰা ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি জাৰি কৰা হয় 144 ধাৰা ৷ শুকুৰবাৰে জিলা দণ্ডাধীশে জাৰি কৰা নিষেধাজ্ঞাৰ প্ৰতিলিপি বনাঞ্চলখনৰ গাতে লাগি থকা অৰুণাচলৰ কামলে ৰাগা জিলাৰ উপায়ুক্ত, সমীপতে থকা এনএইচপিচিৰ পৰিচালক, ৰাজ্য চৰকাৰৰ সচিব, বায়ু সেনাৰ কামাণ্ডিং বিষয়া, জিলাৰ বন বিষয়া, আৰক্ষী অধীক্ষক, কদম ৰাজহ চক্ৰ বিষয়ালৈয়ো প্ৰেৰণ কৰা হৈছে (Air combat exercise in Lakhimpur) ৷

সামৰিক অনুশীলন চলি থকাৰ সময়চোৱাত যদিহে কোনো লোকে বনাঞ্চলৰ ভিতৰত প্ৰৱেশ কৰে তেন্তে প্ৰাণহানি হোৱাৰ পূৰ্ণ সম্ভাৱনা থাকে ৷ সেয়েহে সাম্ভাব্য বিপদৰ পৰা ৰক্ষা পাবলৈ সকলোকে সজাগ আৰু সতৰ্ক হোৱাৰ আহ্বান জনোৱা হৈছে (144 imposed in Dullung forest)

লগতে পঢ়ক: TATA IPL 2023 : আজিৰে পৰা আইপিএল ২০২৩, দলবোৰে মানিব লাগিব কেইবাটাও নতুন নিয়ম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.