ETV Bharat / state

নাৰায়ণপুৰত পথ নিৰ্মাণত বিসংগতিৰ অভিযোগ - ঠিকাদাৰ পাপু শইকীয়া

নাৰায়ণপুৰৰ ধলপুৰ দকুৱাৰ পৰা দুলীয়াপথাৰ সংযোগী প্ৰায় 9 কিল’মিটাৰ দৈৰ্ঘৰ পথচোৱা নিৰ্মাণত বিসংগতিৰ অভিযোগ ৰাইজৰ ৷ উক্ত পথচোৱা নিৰ্মাণৰ বাবদ প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত আৱণ্টন দিয়া হৈছিল 11 কোটি টকা । কিন্তু ঠিকাদাৰে আধাতে সামৰিলে পথ নিৰ্মাণ কাৰ্য ৷

নাৰায়ণপুৰত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ পথ নিৰ্মাণত বিসংগতি

author img

By

Published : May 23, 2021, 12:10 PM IST

বিহপুৰীয়া,23 মে’: লখিমপুৰ জিলাৰ নাৰায়ণপুৰত সংঘটিত হৈছে পথ নিৰ্মাণত অনিয়ম ৷ প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ পথ নিৰ্মাণত হৈছে বিসংগতি ৷ এই অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ।

স্থানীয় ৰাইজে অভিযোগ কৰা অনুসৰি, ঠিকাদাৰে আধাতে সামৰিলে প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ পথ নিৰ্মাণ কাৰ্য । যাৰ ফলত যাতায়তৰ ক্ষেত্ৰত যমৰ যাতনা ভোগ কৰিবলগা হৈছে অঞ্চলবাসীয়ে । উপায়ন্তৰ হৈ অঞ্চলটোৰ ৰাইজে নাৰায়ণপুৰৰ ধলপুৰ দকুৱাৰ পৰা দুলীয়াপথাৰ সংযোগী এই অৰ্ধনিৰ্মিত পথচোৱা নিজে নিৰ্মাণ কৰিবলৈ ওলাই আহে ৷

নাৰায়ণপুৰত পথ নিৰ্মাণত বিসংগতিৰ অভিযোগ

উল্লেখ্য যে, প্ৰায় 9 কিল’মিটাৰ দৈৰ্ঘৰ উক্ত পথচোৱা নিৰ্মাণৰ বাবদ প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত আৱণ্টন দিয়া হৈছিল 11 কোটি টকা । সম্প্ৰতি নিৰ্মাণ কাৰ্য বন্ধ হৈ থকা উক্ত পথটোত নতুনকৈ নিৰ্মাণ কৰা হৈছিল কেবাটাও পকী কালভাৰ্ট । কিন্তু দুৰ্ভাগ্যজনক কথা যে, এমাহৰ পূৰ্বে আটাইকেইটা কালভাৰ্টৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ'ল যদিও কালভাৰ্ট কেইটাৰ দুয়োমূৰে আজিকোপতি পেলোৱা নহ'ল শিল-বালি অথবা মাটি । পৰিণতিত বিগত এমাহ ধৰি যাতায়াতৰ ক্ষেত্ৰত দুৰ্ভোগ ভূগিবলগা হৈছে পথচাৰীসকলে ।

নিৰ্মাণ কাৰ্যত নিয়োজিত পাপু শইকীয়া নামৰ ঠিকাদাৰ গৰাকীক অঞ্চলটোৰ ৰাইজে বাৰম্বাৰ কালভাৰ্টৰ দুয়োমূৰে মাটি, শিল, বালি পেলাই যাতায়াতৰ বাবে সূচল কৰি তুলিবলৈ দাবী জনাই আহিছিল, যদিও কোনো সুফল লাভ নকৰিলে অঞ্চলবাসীয়ে ।

আনহাতে, কালভাৰ্টৰ দুয়োমূৰে মাটি নিদিয়াৰ ফলত যোৱা কেইদিনত সংঘটিত হৈছে কেবাটাও সৰু-বৰ পথ দুৰ্ঘটনা । ইমানৰ পিছতো ঠিকাদাৰ গৰাকীয়ে কাণসাৰ নিদিয়াত উপায়ন্তৰ হৈ স্থানীয় ৰাইজে শনিবাৰে কালভাৰ্টৰ দুয়ো মূৰে শিল-বালি আৰু মাটি দি যাতায়াতৰ উপযোগী কৰি তোলে ৷

ইফালে ঠিকাদাৰ পাপু শইকীয়াই পথচাৰীসকলৰ দুৰ্দশাৰ কথা উপলব্ধি নকৰি এনেদৰে মইমতালিৰে নিৰ্মাণ কাৰ্য বন্ধ কৰি ৰখা কাৰ্যক কঠোৰ ভাষাৰে সমালোচনা কৰাৰ লগতে এইক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষৰ হস্তক্ষেপ দাবী কৰিছে অঞ্চলটোৰ ৰাইজে ৷

লগতে পঢ়ক: ৰঙিয়াত‌ উদ্ধাৰ দুষ্প্ৰাপ্য প্ৰজাতিৰ বৰটোকোলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.