ETV Bharat / state

মাতৃ-কন্যাৰ হত্যাক কেন্দ্ৰ কৰি নাৰায়ণপুৰত উত্তপ্ত পৰিস্থিতি

author img

By

Published : Oct 4, 2020, 8:34 PM IST

শনিবাৰে নিশা নাৰায়ণপুৰৰ জালুককটা গাঁৱত সংঘটিত হৈছিল এক লোমহৰ্ষক হত্যাকাণ্ড ৷ উক্ত ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি ৷

Hungama due to murder in narayanpur lakhimpur assam etv bharat news
নাৰায়ণপুৰত উত্তপ্ত পৰিস্থিতি

বিহপুৰীয়া,4 অক্টোবৰ: লখিমপুৰ জিলাৰ নাৰায়ণপুৰত মাতৃ-কন্যাৰ হত্যাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে এক উত্তপ্ত পৰিস্থিতি ৷ শনিবাৰে নিশা নাৰায়ণপুৰৰ জালুককটা গাঁৱত সংঘটিত হৈছিল এক লোমহৰ্ষক হত্যাকাণ্ড ৷ প্ৰাপ্ত তথ্য অনুসৰি, শোৱাপাটীতে কন্যাক হত্যা কৰাৰ পিছত মাতৃকো হত্যা কৰি মৃতদেহটো ওলোমাই থয় কোনো দুৰ্বৃত্তই ৷ দুটাকৈ সন্তানৰ মাতৃ মঞ্জু ফুকন আৰু কন্যা প্ৰস্তুতি ফুকনৰ এই মৃত্যু আত্মীয় তথা স্থানীয় ৰাইজে পৰিকল্পিত হত্যাকাণ্ড বুলি দাবী কৰে ৷

উল্লেখ্য যে,মহিলাগৰাকীৰ স্বামী কমল ফুকনৰ ২ বছৰ পূৰ্বে মৃত্যু হৈছিল ৷ কমল ফুকনৰ মৃত্যুৰ পিছতে বৰদেউতাক দিনাৰাম ফুকনে পৰিয়ালটোৰ ওপৰত চলাই আহিছিল মানসিক অত্যাচাৰ ৷ এই অভিযোগ উত্থাপন কৰিছে ৰাইজৰ লগতে ভুক্তভোগীৰ আত্মীয়ই ৷ তিনিজনীয়া পৰিয়ালটোক পূৰ্বেও বহুবাৰ হত্যাৰ ভাবুকি প্ৰদান কৰিছিল প্ৰাক্তন সেনা তথা ষ্টেট বেংকৰ নাৰায়ণপুৰ শাখাত নিৰাপত্তাৰক্ষী হিচাপে কৰ্মৰত দিনাৰাম ফুকনে ৷ সেয়ে এই হত্যাত দিনাৰাম ফুকন জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে গাঁৱবাসীয়ে ৷ কিয়নো বাৰ বছৰীয়া কন্যা প্ৰস্তুতিৰ মৃতদেহত আঘাতৰ চিন স্পষ্ট পৰিলক্ষিত হৈছে ৷ ইতিমধ্যে আৰক্ষী আৰু দণ্ডাধীশ ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷

নাৰায়ণপুৰত উত্তপ্ত পৰিস্থিতি

ইপিনে, দিনাৰাম ফুকনৰ গ্ৰেপ্তাৰৰ দাবীত উত্তাল হৈ পৰে ভুক্তভোগীৰ পৰিয়াল ৷ যদিহে আৰক্ষীয়ে ব্যক্তিগৰাকীক গ্ৰেপ্তাৰ নকৰে তেন্তে আইন হাতত তুলি লোৱাৰ হুংকাৰ প্ৰদান কৰিছে ৰাইজে ৷ ৰাইজৰ দাবীত সেও মানি আৰক্ষীয়ে তদন্তৰ খাতিৰত আটক কৰিছে দিনাৰাম ফুকনক ৷ আনহাতে,আৰক্ষীৰ সন্মুখতে উত্তেজিত ৰাইজে দিনাৰাম ফুকনৰ বাসগৃহত আক্ৰমণ কৰি বিস্তৰ ক্ষতিসাধন কৰাৰ লগতে মৃতদেহ দুটা দাহনৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ ঘটনাটো সংঘটিত হোৱাৰ সময়ত পৰিয়ালটোৰ একমাত্ৰ পুত্ৰ ঘৰত নাছিল ৷

লগতে চাওকঃ এনএছচিএন আলফাৰে ভয়াৱহ সংঘৰ্ষত শ্বহীদ আছাম ৰাইফলছৰ জোৱান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.