ETV Bharat / state

লখিমপুৰৰ এখন বিদ্যালয়ত ২৯ গৰাকী ছাত্রীৰ উচুপনি - hslc failed student protest

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ছাত্ৰীসকলৰ ক্ষেত্ৰত অন্যায় কৰাৰ অভিযোগ লখিমপুৰৰ ছাত্ৰীসকলৰ । ন্যায় বিচাৰি বিদ্যালয় চৌহদত প্ৰতিবাদ সাব্যস্ত কৰে অনুত্তীৰ্ণ ছাত্ৰীসকলে ।

লখিমপুৰৰ এখন বিদ্যালয়ত ২৯ গৰাকী ছাত্রীৰ উচুপনি

author img

By

Published : Jul 31, 2021, 8:47 PM IST

লখিমপুৰ,৩১জুলাই : ক'ভিড (Covid) সৃষ্ট পৰিস্থিতিৰ মাজতে বহু জল্পনা কল্পনাৰ অন্তত শুকুৰবাৰে ঘোষণা কৰা হয় হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ (HSLC exam) ফলাফল । পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰি পুৰণি নম্বৰৰ ওপৰতে নিৰ্ভৰ কৰি এইবাৰ ফলাফল প্ৰকাশ কৰা হয় । পিছে এই ফলাফলে বহু ছাত্র-ছাত্রীক আন্ধাৰৰ মাজলৈহে ঠেলি দিলে । পৰীক্ষা নোহোৱাকৈ ফলাফল দিয়া এই প্ৰক্ৰিয়াত ১ নম্বৰৰ বাবেও উত্তীৰ্ণ হ'ব নোৱাৰিলে একাংশ শিক্ষাৰ্থী ।

লখিমপুৰৰ এখন বিদ্যালয়ত ২৯ গৰাকী ছাত্রীৰ উচুপনি

ৰাজ্যৰ বহু ঠাইৰ দৰে লখিমপুৰতো তেনে ঘটনা সংঘটিত হৈছে । যাৰ বাবে শনিবাৰে লখিমপুৰৰ এখন বিদ্যালয়ত কান্দোনৰ ৰোল শুনিবলৈ পোৱা গ'ল । বিদ্যালয়খনৰ ২৯ গৰাকীকৈ ছাত্রী অনুত্তীৰ্ণ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ।

লখিমপুৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এক অভাৱনীয় পৰিৱেশৰ সৃষ্টি হয় । শনিবাৰে ন্যায় বিচাৰি ছাত্রীসকলে উত্তাল কৰে বিদ্যালয়ৰ চৌহদ । কান্দোনত ভাগি পৰা ছাত্রীসকলে তেওঁলোকৰ প্ৰতি অন্যায় কৰাৰ অভিযোগ তোলে ।

উল্লেখ্য যে, পৰীক্ষা অনুষ্ঠিত হ'লে দুই এগৰাকী ছাত্ৰীয়ে মাত্ৰ অনুত্তীৰ্ণ হোৱা এই বিদ্যালয়খনত এইবাৰ ২৯ গৰাকী ছাত্রীক উত্তীৰ্ণৰ নম্বৰখিনিও নিদিয়াৰ বাবে ক্ষোভিত হৈ পৰে ছাত্ৰীসকল । টেষ্টত ভাল নম্বৰ পোৱা একাংশ ছাত্রীও অনুত্তীৰ্ণ হৈছে বুলি অভিযোগ কৰে ছাত্ৰীসকলে । যাৰ বাবে বিদ্যালয়খনৰ চৌহদত প্ৰতিবাদ সাব্যস্ত কৰে অনুত্তীৰ্ণ ছাত্ৰীসকলে ।

ইফালে এই ক্ষেত্ৰত ছাত্ৰীসকলক ন্যায় প্ৰদানৰ দাবী জনায় ছাত্ৰীসকলে । আনহাতে সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰাও সমগ্ৰ বিষয়টো পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনোৱা হৈছে । কেৱল লখিমপুৰতে নহয় ফলাফল ঘোষণাৰ পাচতে বিভিন্ন স্থানত শনিবাৰৰ দিনটোত প্ৰতিবাদ সাব্যস্ত কৰে একাংশ অনুত্তীৰ্ণ শিক্ষাৰ্থীয়ে ।

লগতে পঢ়ক : চাংসাৰীত PDSৰ চাউল ভৰ্তি ট্ৰাক জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.