ETV Bharat / state

হিন্দু পৰিয়ালে কবৰস্থানৰ বাবে দান কৰিলে ভূমি, ইতিবাচক বাৰ্তা বিলাইছে লখিমপুৰৰ নকাৰীয়ে - নকাৰী কবৰস্থান

সমাজ এখন, ধৰ্মহে ভিন্ন ৷ কোনো মুছলমান, কোনো হিন্দু ৷ কোনোৱে মৃতদেহ দাহ কৰে শ্মশানত, কোনোৱে কবৰস্থ কৰে কৱৰস্থানত ৷ লখিমপুৰৰ নাহৰ পুখুৰীৰ পাৰত নিকপকপীয়া হৈ থকা সম্প্ৰীতিৰ এনাজৰীডালে বান্ধিব পাৰে আপোনাৰো মন !

Kabarsthan Lakhimpur
হিন্দু পৰিয়ালে কবৰস্থানৰ বাবে দান কৰিলে ভূমি
author img

By ETV Bharat Assamese Team

Published : Dec 13, 2023, 8:24 PM IST

হিন্দু পৰিয়ালে কবৰস্থানৰ বাবে দান কৰিলে ভূমি

লখিমপুৰ, 13 ডিচেম্বৰ : ধৰ্মৰ ভিন্নতাৰ গইনা লৈ বহুতে সমাজত সৃষ্টি কৰে বিশৃংখলতাৰ ৷ বহুতেই মানুহ ভেদে বিচাৰি পায় ভিন্নৰঙী তেজ ৷ অস্থায়ী জীৱনৰ পিচল বাটত আগুৱাই যাবলৈও যেন বিচাৰি ফুৰে ধৰ্মৰ শিকলি ৷ যেন ধৰ্মীয় গোড়ামিতেই বিচাৰি ফুৰে সাৰ্থক জীৱনৰ মাদকতা ৷ কিন্তু সকলো তেনে নহয় ৷ জীৱনৰ প্ৰকৃত অৰ্থ বিচাৰি পোৱা একাংশও মাজে-সময়ে চৰ্চালৈ আহে ৷ আজি আপোনাক দেখুৱাম ঠিক তেনে এক উদাহৰণ ৷

সম্প্ৰীতিৰ এনাজৰীডাল নিকপকপীয়া হৈ আছে লখিমপুৰৰ নকাৰীত ৷ সকলো লোকেই অন্তিম শয়নলৈকেহে যে হিন্দু বা মুছলমান সেই কথা অনুভৱ কৰিয়েই ভেদভাৱক প্ৰাধান্য দিয়া নাই একাংশ লোকে ৷ তাৰে উদাহৰণ নকাৰীৰ নৰেন্দ্ৰ নাথ দত্তৰ পৰিয়াল ৷ এই পৰিয়ালটোৱে ইতিমধ্যে এনে এটা কাম কৰি থৈছে, যিটো আজিৰ সময়ত সঁচাকৈয়ে বিৰল বুলিয়েই ক’ব পাৰি ৷ যি মাটিৰ বাবে আপোনজনকো মানুহে পাহৰি যায়, যি মাটিৰ বাবে সহোদৰৰ তেজ মাটিত পেলাবলৈও কুণ্ঠাবোধ নকৰে আজিৰ মানুহে, ঠিক এনে এক সময়তে নৰেন্দ্ৰ নাথ দত্তৰ পৰিয়ালটোৱে মুঠ ১ বিঘা ২ কঠা ১৯ লোচা মাটি দান কৰিলে এখন কবৰস্থানৰ বাবে ৷ এটা হিন্দু পৰিয়ালে কবৰস্থানৰ বাবে ভূমি দান কৰা কাৰ্য সাধাৰণতে দেখা পোৱা নাযায় ৷

লখিমপুৰ ৰে’লৱে ষ্টেচনৰ সমীপতে থকা এইটো ঐতিহাসিক নাহৰ পুখুৰী ৷ আহোম ৰাজত্ব কালৰ স্মৃতি জড়িত হৈ আছে এই ঐতিহাসিক পুখুৰীটোৰ সৈতে । পুখুৰীটোৰ এটা পাৰে আছে হিন্দুৰ শ্মশান আৰু আনটো ফালে আছে এখন কবৰস্থান ৷ স্বৰ্গদেউ চুখামফা ওৰফে খোৰা ৰজাৰ পুত্ৰ আছিল নাহৰ । নাহৰে সেই সময়ত এই অঞ্চলটোৰ চোৱাচিতা কৰিছিল । তেওঁ ১৪৮৭ শক অথবা ১৫৬৫ খ্ৰীষ্টাব্দত নকাৰী এলেকাত এই বিশাল পুখুৰীটো খন্দাইছিল । সেয়ে পুখুৰীটোৱে নাম পালে নাহৰ পুখুৰী । ক্ৰমাৎ সময় বাগৰিল ৷ নাহৰ পুখুৰী কিন্তু একেই থাকিল ৷ মানুহৰ মনবোৰ সলনি হ’ল ৷ তই হিন্দু, মই মুছলমান জাতীয় কথাবোৰ ক’ব নোৱৰাকৈয়ে প্ৰাসংগিক হ’বলৈ ধৰিলে ৷ কিন্তু মনবোৰ সলনি হ’লেও সলনি নহ’ল নাহৰ পুখুৰীৰ পানী ৷

ঐতিহাসিক নাহৰ পুখুৰী পাৰৰ শ্মশান আৰু কবৰস্থানে হিন্দু-মুছলমানৰ সম্প্ৰীতি দিনক দিনে সুদৃঢ় কৰি তুলিলে । তাতোকৈ ভাললগা কথা যে নাহৰ পুখুৰী কবৰস্থানৰ বাবে কিছু ভূমি দান কৰিছিল এটা হিন্দু পৰিয়ালে । নগৰৰ নকাৰী নিবাসী প্ৰয়াত নৰেন্দ্ৰ নাথ দত্ত আৰু নগৰৰ সমীপৰ গড়েহগা নিবাসী প্ৰয়াত কৰুণাকান্ত ভূঞাৰ স্মৃতিত নৰেন্দ্ৰ নাথ দত্তৰ পৰিয়ালে কবৰস্থানখনলৈ মাটিখিনি দান কৰিছিল । কবৰস্থান পৰিচালনা সমিতিয়ে নৰেন্দ্ৰ নাথ দত্তৰ পৰিয়ালৰ লোকসকলৰ এই বদান্যতাৰ বাবে বিশেষভাৱে সন্মানো যাঁচে ।

কেৱল ধৰ্মীয় গোড়ামিত ব্যস্ত নথকা লোকসকলে একেমুখে কৈছে, সমাজৰ সকলো লোক নৰেন্দ্ৰ নাথ দত্তৰ পৰিয়ালৰ দৰে হোৱাহেতেন !

লগতে পঢ়ক : লখিমপুৰৰ দুই স্মৃতি বহনকাৰী কাৰ্যালয় সংৰক্ষণৰ দাবী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.