লখিমপুৰ,19 জানুৱাৰীঃ সোমবাৰে নিশা দুদিনীয়া ভ্ৰমণ কাৰ্যসূচীৰে উত্তৰ অসমত উপস্থিত হোৱা ৰাজ্য চৰকাৰ বিত্ত, স্বাস্থ্য, শিক্ষা মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা লখিমপুৰত উপস্থিত হয় ৷ ধেমাজীত দিনৰ ভাগত চাইকেল ৰেলীত অংশগ্ৰহণ কৰি নিশা লখিমপুৰত নিৰ্মিত হৈ থকা মেডিকেল কলেজৰ নিৰ্মাণৰ কাম পৰ্যবেক্ষণ কৰি আগন্তুক ফ্ৰেব্ৰুবাৰী মাহৰ ভিতৰত সম্পূৰ্ণ হ’ব বুলি উল্লেখ কৰে ৷
উল্লেখযোগ্য যে,যি সমূহ কাম অসম্পূৰ্ণ হৈ আছে সেই সমূহ আগন্তুক দুমাহৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে ৷ ইপিনে মন্ত্ৰী গৰাকীক চিকিৎসা মহাবিদ্যালয় খন পৰিদৰ্শনৰ সময়ত সংগ দিয়ে লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱাই ৷
লগতে পঢ়কঃ বৰপেটাত হোলীগীত আৰু ভোৰতাল নৃত্যৰ কৰ্মশালা