ETV Bharat / state

ৰঙালাও খেতিৰে সেউজ বিপ্লৱ লখিমপুৰৰ কৃষকৰ - বিয়াগোম কৃষি বিভাগৰ বিষয়া-কর্মচাৰী

লখিমপুৰৰ ঘুনাসুতিৰ তিনিকুৰি গাঁৱত ৰঙালাও খেতিৰে সেউজ বিপ্লৱৰ সূচনা ৷ তিনিকুৰি গাঁৱৰ বহু কৃষকে ৰঙালাও বিক্ৰী কৰি একৰ পৰা দুই লাখ টকা পৰ্যন্ত উপাৰ্জন ৷

grreen-revolution-through-pumpkin-crop-in-lakhimpur-etv-bharat-news
ৰঙালাও খেতিৰে সেউজ বিপ্লৱ লখিমপুৰৰ কৃষকৰ
author img

By

Published : Apr 23, 2021, 9:26 PM IST

নাওবৈচা, ২৩এপ্ৰিল: যি সময়ত অসমত নিবনুৱা সমস্যাৰ কৱলত পৰি হাজাৰ হাজাৰ নিবনুৱাই কৰ্ম সংস্থাপন বিচাৰি বহি:ৰাজ্যলৈ ঢাপলি মেলিব লগীয়া হৈছে, ঠিক সেই সময়তে কৃষি কাৰ্য্যৰ জৰিয়তে এক বিপৰীত নিদৰ্শন দাঙি ধৰিছে লখিমপুৰৰ ঘুনাসুতিৰ তিনিকুৰি গাঁৱৰ একাংশ কৃষকে ৷ ৰঙালাও খেতিৰে স্বাৱলম্বীতাৰ বাট মুকলি কৰি আদৰ্শ হৈ পৰিছে গাওঁখনৰ বহু কৃষক । হাড়ভগা শ্ৰমকে উপজীব্য কৰি লখিমপুৰ জিলাৰ অতি ভিতৰুৱা ঘুনাসুতি অঞ্চলৰ শ শ কৃষকে ৰঙালাও খেতিৰ জৰিয়তে সেউজ বিপ্লৱৰ সুচনা কৰি গ্ৰাম্য অৰ্থনীতিলৈ যোগাত্মক বাৰ্তা কঢ়িয়াই আনিছে ৷

ৰঙালাও খেতিৰে সেউজ বিপ্লৱ লখিমপুৰৰ কৃষকৰ

চৰকাৰৰ বিয়াগোম কৃষি বিভাগৰ সাহাৰ্য্য অবিহনেই অঞ্চলটোৰ কৃষকে শ শ ভূমিত কৰিছে ৰঙালাওৰ খেতি আৰু একোজন কৃষকে এই ৰঙালাও বিক্ৰী কৰি বছৰি ২ লাখ টকালৈকে উপাৰ্জন কৰিবলৈ সক্ষম হৈছে ৷ এইসকল কৃষকে উৎপাদন কৰা ৰঙালাও এতিয়া লখিমপুৰ, মাজুলী, ধেমাজি, ডিব্ৰুগড়, তিনিচুকীয়াৰ বজাৰ দখল কৰিছে । ইফালে কৃষিতে প্ৰকৃত ধন লুকাই থকা কথাষাৰ সাৰ্থক কৰি কৃষিকাৰ্যত নিয়োজিত হৈ স্বাৱলম্বীৰ মুখ দেখি নিজকে সুখী কৰাৰ সময়তে নিজাববীয়াকৈ খেতি কৰা এইসকল কৃষকে বিয়াগোম কৃষি বিভাগৰ বিষয়া-কর্মচাৰীৰ পৰামর্শৰ বাৰুকৈয়ে অভাৱ অনুভৱ কৰে বুলি জানিবলৈ দিয়ে ।

লগতে পঢ়ক : কলিয়াবৰত ক’ভিড প্ৰটকল ভংগকাৰীক জৰিমনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.