ETV Bharat / state

16 দিন পিচত কবৰ খান্দি উলিওৱা হ'ল মৃতদেহ !

author img

By

Published : Jun 8, 2019, 6:09 PM IST

লখিমপুৰ জিলাত ১৬ দিন পূৰ্বে কবৰ দিয়া মৃতদেহ খান্দি উলিয়াই মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ফৰেনছিক দলে । অৰুণাচলৰ বিধায়ক তিচি কা'চৰ ঘৰত চিপ লোৱা অৱস্থাত উদ্ধাৰ হৈছিল দলহাট চাহ বাগিছাৰ যজ্ঞেশ্বৰ নাগৰ কন্যা বিচি নাগৰ মৃতদেহ ।

ফৰেঞ্চিকৰ দলে খান্দি উলিয়ালে কবৰ দিয়া মৃতদেহ

লখিমপুৰ, ৮ জুন : লখিমপুৰ জিলাৰ নাওবৈছাৰ দলহাট চাহ বাগিছাত ১৬ দিন পূৰ্বে কবৰ দিয়া মৃতদেহ খান্দি উলিয়াই মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিলে ফৰেনছিক দলে । যোৱা ২০ মে'ত অৰুণাচলৰ বিধায়ক তিচি কা'চৰ নাহৰলগুণৰ বুৰুং বস্তিৰ বাসগৃহত বনকৰা হিচাপে থকা দলহাট চাহ বাগিছাৰ যজ্ঞেশ্বৰ নাগৰ কন্যা বিচি নাগৰ মৃতদেহ চিপ লোৱা অৱস্থাত উদ্ধাৰ হৈছিল । ১২ বছৰীয়া কিশোৰী গৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতে নাহৰলগুণ আৰক্ষীয়ে পৰিয়ালক বুজাই - বঢ়াই বাগিছাত মৃতদেহ কবৰ দি দায়িত্ব সামৰিছিল ।

ফৰেঞ্চিকৰ দলে খান্দি উলিয়ালে কবৰ দিয়া মৃতদেহ

কিন্তু সমগ্ৰ ঘটনাৰ পাছতে ৰহস্যৰ গোন্ধ পাই স্থানীয় আৰক্ষীয়ে নাহৰলগুণ আৰক্ষীৰ সৈতে লগলাগি কাষ চাপে চাহ জনজাতি ছাত্ৰ সন্থাৰ । অৱশেষত ছাত্ৰ সংগঠনটোৱে ৰাষ্ট্ৰীয় শিশু সুৰক্ষা সমিতিৰ কাষ চাপে আৰু সমিতিৰ সদস্য আৰু ফৰেনছিক বিশেষজ্ঞৰ দলে আৰক্ষীৰ সৈতে উপস্থিত হৈ শনিবাৰে খান্দি উলিয়ালে কিশোৰী গৰাকীৰ মৃতদেহ । বৰ্তমান মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা প্ৰতিবেদনতহে স্পষ্ট হ'ব প্ৰকৃততে অৰুণাচলৰ বিধায়ক গৰাকীৰ ঘৰত কিশোৰী গৰাকীয়ে আত্মহত্যা কৰিলে নে এইয়া এক পৰিকল্পিত হত্যাকাণ্ড ।

NLP DEADBODY

১৬ দিন পূৰ্বে কবৰ দিয়া মৃতদেহ লখিমপুৰ দ'ল হাতত খান্দি উলিয়ালে ফৰেঞ্চিকৰ দলে। প্ৰেৰণ কৰা হল উৱলি যোৱা মৃতদেহ মৰোনোত্তত পৰীক্ষাৰ বাবে। এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে লখিমপুৰ জিলাৰ নাওবৈছাৰ দ'লহাট চাহ বাগিছাত। ঘটনাটো যোৱা ২০ মেৰ। দলহাট চাহ বাগিছাৰ যজ্ঞেশ্বৰ নাগৰ কনা বিচি নাগ বনকৰা হিচাপে আছিল অৰুণচল বিধায়ক তিচি কা'চৰ নাহৰলগুণৰ বুৰুং বস্তিৰ বাসগৃহত। কিন্তু ২০ মেত ১২ বছৰীয়া কিশোৰী উদ্ধাৰ হল চিপ লোৱা অৱস্থাত। লগে লগে নাহৰলগুণ আৰক্ষীয়ে কিশোৰীৰ মৃতদেহ লৈ আনিলে দলহাটলৈ পৰিয়ালক বুজাই বঢ়াই মৃতদেহ কবৰ দি গল বাগিছাৰ ত। কিন্তু এই সমগ্ৰ ঘটনাত ৰহস্যৰ গোন্ধ পাই চাহ জনজাতি ছাত্ৰ সন্থা ওচৰ চাপিল স্থানীয় আৰক্ষীৰ লগতে নাহৰলগুণৰ আৰক্ষীৰ । কিন্তু কোনো সহাৰি নাপাই অবশেষত ছাত্ৰ সংগঠনটো কাষ চাপিল ৰাষ্ট্ৰীয় শিশু সুৰক্ষা সমিতিৰ ওচৰত । ৰাষ্ট্ৰীয় শিশু সুৰক্ষা সমিতিৰ সদস্য আৰু ফৰেঞ্চিকৰ বিশেষজ্ঞৰ দলে আৰক্ষীক লগত লৈ শনিবাৰে খান্দি উলিয়ালে কিশোৰীৰ মৃতদেহ। প্ৰেৰণ কৰা হল মৰোনোত্তত পৰীক্ষাৰ বাবে। মৰোনোত্তত পৰীক্ষাৰ প্ৰতিবেদনত স্পষ্ট হব প্ৰকৃততে অৰুণচলৰ বিধায়কৰ ঘৰত কিশোৰীৰ হত্যা নে আত্মহত্যা।

Sent from my Samsung Galaxy smartphone.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.