বিহপুৰীয়া, ২৭ মাৰ্চ: দেওবাৰে বিহপুৰীয়া জাপজুপ মজলীয়া বিদ্যালয়ত ৰুৰেল চচিঅ' ইকনমিক ডেভেলপমেণ্ট চছাইটিৰ উদ্যোগত এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিৱিৰ(Free Health Camp) অনুস্থিত কৰা হয় । বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিৱিৰৰ সমান্তৰালকৈ স্থানীয় ৰাইজৰ মাজত বিভিন্ন ৰোগৰ ঔষধ বিতৰণ কৰা হয় ।
![free health camp held in bihpuria](https://etvbharatimages.akamaized.net/etvbharat/prod-images/asc-bihpuria-healthchamp-video-byte-10086_27032022145433_2703f_1648373073_403.jpg)
উক্ত স্বাস্থ্য পৰীক্ষা শিৱিৰ আৰু বিনামূলীয়া ঔষধ বিতৰণ কাৰ্যসূচীত প্ৰায় শতাধিক স্থানীয় পুৰুষ-মহিলাই স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে বিনামূলীয়া ঔষধ গ্ৰহণ কৰে । বিহপুৰীয়া জাপজুপ মজলীয়া বিদ্যালয়ত অনুষ্ঠিত কৰা কাৰ্যসূচীত উপস্থিত থাকে স্বাস্থ্য বিষয়া সপ্তৰ্ষী শৰ্মা,স্বাস্থ্য কৰ্মী গুৰিস্মীতা গগৈ,নৱনীতা ভূঞা,ছাইদুল ইছলাম,কবিতা পাঁচনি,স্থানীয় আশা কৰ্মী বুলু ফুকন,হেমপ্ৰভা বৰা ।
![free health camp held in bihpuria](https://etvbharatimages.akamaized.net/etvbharat/prod-images/asc-bihpuria-healthchamp-video-byte-10086_27032022145433_2703f_1648373073_941.jpg)
লগতে সংস্কাৰ ৰুৰেল চচিঅ' ইকনমিক ডেভেলপমেণ্ট চছাইটিৰ সম্পাদক ৰূপমজ্যোতি চেতিয়াকে আদি কৰি সংস্থাটোৰ ভালেকেইজন বিষয়ববীয়াও উপস্থিত থাকে সমাজহিতৈষী অনুষ্ঠানটোত । এই কাৰ্যসূচীৰ জড়িয়তে স্থানীয় ৰাইজ যথেষ্ট উপকৃত হ'ব বুলি আশা প্ৰকাশ কৰে উদ্যোগতাসকলে ।
লগতে পঢ়ক: নিযুক্তিৰ বিজ্ঞাপনৰ আবেদন মাচুল প্ৰত্যাহাৰৰ দাবী দল-সংগঠনৰ