ETV Bharat / state

দ্বিতীয় বাৰলৈ একে স্থানতে আধাৰশিলা স্থাপন মাধৱদেৱ কলাক্ষেত্ৰৰ

author img

By

Published : Jun 4, 2020, 8:13 PM IST

বৃহস্পতিবাৰে পুনৰ একে স্থানতে বহু প্ৰত্যাশিত মাধৱদেৱ কলাক্ষেত্ৰৰ আধাৰশিলা স্থাপন কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ২০০৭ চনৰ ২৩ মাৰ্চতে স্থাপন কৰিছিল মাধৱদেৱ কলাক্ষেত্ৰৰ আধাৰশিলা ৷ কিন্তু সম্পূৰ্ণ হৈ নুঠিল নিৰ্মাণকাৰ্য ৷

foundation-stone placed for mahapurush madhabdev kalakshetra for the second time in narayanpur

নাৰায়ণপুৰ, 4 জুনঃ নাৰায়ণপুৰত নিৰ্মীয়মাণ অৱস্থাত থকা বহু প্ৰত্যাশিত মাধৱদেৱ কলাক্ষেত্ৰৰ কাম আধাতে সামৰি বৃহস্পতিবাৰে পুনৰ একে স্থানতে আধাৰশিলা স্থাপন কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ ২০০৭ চনৰ ২৩ মাৰ্চত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে নাৰায়ণপুৰৰ বদলা পদ্ম আতা সত্ৰৰ প্ৰয়াত সত্ৰাধিকাৰ, শ্ৰীকান্ত গোস্বামীয়ে দান হিচাপে দিয়া ভূমিত স্থাপন কৰিছিল মাধৱদেৱ কলাক্ষেত্ৰৰ আধাৰশিলা ৷ কংগ্ৰেছ চৰকাৰে প্ৰথম পৰ্যায়ত আবণ্টন দিয়া ৫ কোটি টকাৰে লেহেমীয়া গতিত প্ৰায় 20 শতাংশ কাম আগবঢ়াৰ পিচত দখললৈ আহিছিল বিজেপি চৰকাৰ ৷ ২০১৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল ৬ মাহৰ ভিতৰত মাধৱদেৱ কলাক্ষেত্ৰৰ কাম সম্পূৰ্ণ কৰাৰ ৷

দ্বিতীয় বাৰলৈ একেটা স্থানতে আধাৰশিলা স্থাপন মাধৱদেৱ কলাক্ষেত্ৰৰ

লখিমপুৰ জিলা তথা উত্তৰ অসমবাসীৰ অতি আশাৰ শ্ৰীশ্ৰী মাধৱদেৱ কলাক্ষেত্ৰৰ নিৰ্মাণ কাৰ্য ইমানৰ পিচতো চলিছিল লেহেমীয়া গতিৰেই ৷ বিগত বৰ্ষৰ ১৬ আগষ্টত পুনৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বদলা সত্ৰৰ প্ৰাংগণত উপস্থিত হৈ কাম পুনৰ ক্ষীপ্ৰ গতিত আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দি ৩৪ কোটি টকা আৱন্টনৰ কথা ঘোষণা কৰে ৷ লগতে কলাক্ষেত্ৰখনৰ সম্পূৰ্ণ আৰ্হি প্ৰস্তুত কৰি নাৰায়ণপুৰবাসীৰ সম্মুখত প্ৰদৰ্শন কৰে ৷ বৃহস্পতিবাৰে পুনৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰস্তাৱিত মাধৱদেৱ কলাক্ষেত্ৰত উপস্থিত হৈ আধাৰশিলা স্থাপন কৰে ৷ প্ৰতিশ্ৰুতি অনুসৰি অহা এপ্ৰিলৰ ভিতৰত আৱণ্টিত ৩৪ কোটি টকাৰ কাম সম্পূৰ্ণ কৰিব চৰকাৰ খনে ৷ কিন্তু পৰিতাপৰ বিষয় যে,সপোনৰ কলাক্ষেত্ৰখনলৈ মুক্তহস্তে ৪৪ বিঘা মাটি দান কৰা বদলা সত্ৰৰ সত্ৰাধিকাৰগৰাকীয়ে যোৱা ১৬ ফেব্ৰুৱাৰীত বাৰ্ধক্যজনিত কাৰণত মৃত্যুক সাৱটি লয় ৷ বৃহস্পতিবাৰে আধাৰশিলা স্থাপন অনুষ্ঠানত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে উপস্থিত থাকে সাংসদ পল্লৱ লোচন দাস,মন্ত্ৰী নৱ দলে,পীযুষ হাজৰিকা,যোগেন মোহন আৰু স্থানীয় বিধায়ক দেৱানন্দ হাজৰিকা ৷

লগতে পঢ়কঃ ডিব্ৰুগড়ৰ এজন অপ্ৰতিৰুদ্ধ যোদ্ধা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.