ETV Bharat / state

Food Safety Van : লখিমপুৰত পোন প্ৰথমবাৰৰ বাবে মুকলি ভ্ৰাম্যমাণ খাদ্য সুৰক্ষা বাহন - ভ্ৰাম্যমাণ খাদ্য সুৰক্ষা বাহন

লখিমপুৰবাসীৰ বাবে সুখবৰ । সোমবাৰে মুকলি কৰা হয় ভ্ৰাম্যমাণ খাদ্য সুৰক্ষা বাহন (Food Safety on Wheels in Lakhimpur)। ঠাইতে খাদ্য সামগ্ৰী পৰীক্ষণ কৰাৰ লগতে সজাগতা আৰু প্ৰশিক্ষণৰ কাম কৰিব বাহনখনে ।

Food Safety Van
লখিমপুৰত পোন প্ৰথমবাৰৰ বাবে মুকলি ভ্ৰাম্যমাণ খাদ্য সুৰক্ষা বাহন
author img

By

Published : May 23, 2023, 5:14 PM IST

লখিমপুৰত পোন প্ৰথমবাৰৰ বাবে মুকলি ভ্ৰাম্যমাণ খাদ্য সুৰক্ষা বাহন

লখিমপুৰ,২৩ মে': লখিমপুৰ জিলাত পোন প্ৰথমবাৰৰ বাবে মুকলি কৰা হ'ল ভ্ৰাম্যমাণ খাদ্য সুৰক্ষা বাহন (Food Safety on Wheels in Lakhimpur)। লখিমপুৰ জিলাৰ স্বাস্থ্য বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত গীতালি দুৱৰাই যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত সোমবাৰে ভ্ৰাম্যমাণ খাদ্য সুৰক্ষা বাহনখন মুকলি কৰে । অভিহিত খাদ্য সুৰক্ষা বিষয়া কৰুণাকান্ত দলেই সেই উপলক্ষে নিজৰ ভাষণত কয় যে এই বাহনখনে মূলত তিনিটা দিশ ক্ৰমে নিৰীক্ষণ, সজাগতা আৰু প্ৰশিক্ষণ সামৰি ল'ব ।

বাহনখনে বিভিন্ন বজাৰত উপলব্ধ খাদ্য সামগ্ৰীসমূহ ঠাইতে পৰীক্ষা কৰিব, উপভোক্তা ৰাইজক খাদ্য সামগ্ৰীৰ ভেজালকৰণ সম্পৰ্কে সজাগ কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰিব আৰু উপভোক্তাসকলক খাদ্য সামগ্ৰীৰ গুণাগুণ সম্পৰ্কে প্ৰশিক্ষণ দিব । উক্ত বাহনত খাদ্য সুৰক্ষা বিষয়াৰ নেতৃত্বত এগৰাকী সহকাৰী ৰাসায়নবিদ, লেবৰেটৰী টেকনিচিয়ানৰ সহযোগত উপৰোক্ত কাৰ্যসূচীসমূহ ৰূপায়ণ কৰিব ।

উল্লেখ্য যে সমগ্ৰ অসমৰ ভিতৰতে লখিমপুৰ জিলাই ভ্ৰাম্যমাণ খাদ্য সুৰক্ষা বাহন কাৰ্যকৰী কৰিবলৈ সক্ষম হৈছে বুলি খাদ্য সুৰক্ষা বিষয়া কৰুণাকান্ত দলেই মন্তব্য কৰে । এই বাহনখন এফএচএচএআইৰ পৰা অসম চৰকাৰৰ খাদ্য সুৰক্ষা আয়ুক্তৰ জৰিয়তে লখিমপুৰৰ জিলালৈ ১৫ মে' তাৰিখে অৰ্পণ কৰা হৈছিল (Food Safety Van in Lakhimpur)। অতিৰিক্ত উপায়ুক্ত গীতালি দুৱৰাই নিজৰ ভাষণত সমগ্ৰ অসমৰ ভিতৰতে এই বিশেষ বাহনখন লখিমপুৰ জিলাত প্ৰথমবাৰৰ বাবে কাৰ্যকৰী কৰিবলৈ সক্ষম হোৱা বাবে বিভাগক প্ৰশংসা কৰে আৰু আগন্তুক দিনত বাহনখনৰ জৰিয়তে জিলাখনৰ জনসাধাৰণ লাভান্বিত হ'ব বুলিও আশা প্ৰকাশ কৰে ।

জিলাখনৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ড৹ গুণীন কুমাৰ গগৈয়ে অসমৰ ভিতৰতে এই বাহনখনে কাৰ্যকৰী কৰিবলৈ সক্ষম হোৱা বাবে সৌভাগ্যৱান বুলি মন্তব্য কৰি বাহনখনৰ লগত জড়িতসকলক বাহনখন নিজৰ বুলি ভাবি সুন্দৰভাৱে পৰিচালনা কৰিবলৈ আহ্বান জনায় । অনুষ্ঠানত মহকুমা স্বাস্থ্য চিকিৎসা বিষয়াসকল, স্বাস্থ্য বিভাগৰ বিষয়া কৰ্মচাৰী, আশাকৰ্মী আৰু বিভিন্নজন উপস্থিত থাকে ।

লগতে পঢ়ক :Wild Elephant stuck: সজুঁলিৰ অভাৱত বন বিভাগে উদ্ধাৰ কৰিব পৰা নাই পিতনিত আৱদ্ধ হাতী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.