ETV Bharat / state

Flood In Lakhimpur: বলিয়া বানে বিস্তৰ ক্ষতি সাধন কৰিলে লখিমপুৰৰ বিভিন্ন অঞ্চল - Flood Victims in Lakhimpur

লখিমপুৰত বানৰ প্ৰকোপ হ্ৰাস পাইছে যদিও বিপৰীতে দুৰ্ভোগ বাঢিছে বানাক্ৰান্ত ৰাইজৰ ৷ কদৰ্যময় পৰিবেশত থাকিব লগীয়া হৈছে বন্যাৰ্ত ৰাইজ ৷

Flood Victims in Lakhimpur Crying For Basic Needs
কদৰ্যময় পৰিবেশত থাকিব লগীয়া হৈছে বন্যাৰ্ত ৰাইজ
author img

By

Published : Jun 26, 2023, 8:30 PM IST

দুৰ্ভোগ বাঢিছে বানাক্ৰান্ত ৰাইজৰ

লখিমপুৰ, 26 জুন: কেইদিনমান পূৰ্বে শিঙৰা, ৰঙানদীৰ বানে ঠেকেচি থৈ গ’ল লখিমপুৰ জিলাৰ বিভিন্ন অঞ্চল ৷ বৰ্তমান বানৰ প্ৰকোপ হ্ৰাস পাইছে ৷ কিন্ত বিপৰীতে দুৰ্ভোগ বাঢিছে বানাক্ৰান্ত ৰাইজৰ ৷

দশকৰ পাছত দশক ধৰি বানে জুৰুলা কৰি আহিছে লখিমপুৰ জিলাক ৷ জিলাখনৰ উন্নয়নৰ ধাৰাক পশ্চাদগামী কৰি প্ৰতিবছৰে বানে বিস্তৰ ক্ষতি সাধন কৰি আহিছে ৷ এইবাৰো তাৰ ব্যতিক্ৰম নহ’ল ৷ মাথো কেইদিনমানৰ পূৰ্বে মথাউৰি ছিঙি শিঙৰা নৈয়ে ত্ৰাসৰ সৃষ্টি কৰিলে জিলাখনৰ বিভিন্ন অঞ্চলত ৷ বলিয়া বানে বিস্তৰ ক্ষতি সাধন কৰিলে নাওবৈচা অঞ্চলত ৷ সমানে নীপকোৱে এৰি দিয়া পানী যোগ হোৱাৰ ফলত ৰঙানদীয়েও নদীপৰীয়া অঞ্চলত সংহাৰ মূৰ্তি ধাৰণ কৰিলে ৷ ফলত ৰাইজৰ বিলাই-বিপত্তিৰ সীমা নোহোৱা হ’ল ৷

সম্প্ৰতি বানৰ প্ৰকোপ কিছু হ্ৰাস পাইছে জিলাখনত ৷ বানে বুৰাই পেলোৱা আপোন ঘৰখন এৰি প্ৰাণৰ মায়াত আতৰি যোৱা লোক সকল দুই-এজনকৈ ঘৰখনলৈ ঘূৰি আহিছে ৷ পিছে হেপাঁহৰ ঘৰখন দেখি মৰ্মাহত হৈ পৰিছে তেওঁলোক ৷ কিয়নো ঘৰবোৰৰ বহুখিনি বানে উটুৱাই লৈ গ’ল ৷ কিছু ঘৰ হাউলি পৰিল ৷ কোনোমতে বাঁহৰ ঠেকা দি ঘৰবোৰ পোনাই ৰখা হৈছে ৷ ঘৰৰ ভিতৰত একাঁঠু পৰ্যন্ত বোকা ৷ ঘৰৰ পিৰালি পৰ্যন্ত পানী ৷

এনে কদৰ্যময় পৰিবেশত থাকিব লগীয়া হৈছে বন্যাৰ্ত ৰাইজ ৷ ইফালে চৰকাৰী সাহাৰ্য পাইছে যদিও সেইয়া পৰ্যাপ্ত নহয় বুলি খেদ প্ৰকাশ কৰিছে ৰাইজে ৷ খোৱাপানীও গাড়ীৰে আনি বানাক্ৰান্ত এলেকাত দিয়া হৈছিল যদিও বৰ্তমান সেয়াও নোপোৱা হৈছে বুলি অভিযোগ কৰিছে বন্যাৰ্ত ৰাইজে ৷ যাৰ বাবে কলগছৰ ভূৰত পানীৰ পাত্ৰ লৈ দূৰণিৰ পৰা খোৱাপানী সংগ্ৰহ কৰিব লগীয়া হৈছে দুৰ্দশাগ্ৰস্ত ৰাইজে ৷

কেৱল লখিমপুৰেই নহয়, ৰাজ্যৰ বানাক্ৰান্ত অঞ্চল সমূহত এতিয়া এনে কৰুণ প্ৰতিচ্ছবি সততে পৰিলক্ষিত হৈছে ৷ অন্ন-বস্ত্ৰ-বাসস্থানৰ বাবে হাহকাৰ কৰা, বানে জুৰুলা কৰা ছবিখন প্ৰকট হৈছে বান বিধ্বস্ত অঞ্চলত ৷ বান কমাৰ বিপৰীতে বানাক্ৰান্ত অঞ্চলৰ ৰাইজৰ দুৰ্ভোগ বৃদ্ধি পোৱা, যাতনা ভৰা দৃশ্যই এতিয়া প্ৰতিজন হৃদয়ৱান লোকক দুখী কৰি তুলিছে ৷

লগতে পঢ়ক: Boat Accident in Dibru River: চাবুৱাৰ ডিব্ৰু নদীত শোকাৱহ নাও দুৰ্ঘটনা, সন্ধানহীন দুজন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.