ETV Bharat / state

নাওবৈচাত শিঙৰা নৈ পুনৰ তাণ্ডৱ: পৰিস্থিতি জটিল ৰূপ - শিঙৰা নদীৰ বানত জলমগ্ন ২০ খনতকৈ অধিক গাঁও

নাওবৈচাত শিঙৰা নৈ পুনৰ তাণ্ডৱ ৷ শিঙৰা নদীৰ বানত জলমগ্ন ২০ খনতকৈ অধিক গাঁও ৷ বাঢ়নী পানীত ডুব গল পহুমৰা-পকণীয়া সংযোগী গড়কাপ্তানি পথ ৷ যাতায়ত বন্ধ ৷ শ-শ বিঘা পকা বড়োধান পানীৰ তলত ৷ শিঙৰা নদীখনৰ উন্মুক্ত মথাউৰি নিৰ্মাণৰ কাৰণে যোৱা পাঁচ-ছয় বছৰে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাকে ধৰি বহু আন্দোলনৰ কৰিছিল যদিও চৰকাৰ তথা জিলা প্ৰশাসনে উন্মুক্ত মথাউৰি অংশ নিৰ্মাণৰ ক্ষেত্ৰত কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত সমগ্ৰ ৰাইজ দুটাকৈ সংহাৰী বানত ককবকাব লগা হৈছে ।

নাওবৈচাত শিঙৰা নৈ পুনৰ তাণ্ডৱ
author img

By

Published : Jun 17, 2022, 4:30 PM IST

নাওবৈচা, 17 জুন: লখিমপুৰ জিলা গাতে লাগি থকা পাহাৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ লগতে শিঙৰাৰ উৎপত্তিস্থলত যোৱা চাৰি-পাঁচ দিনে হৈ থকা ধাৰাসাৰ বৰষুণৰ ফলত শিঙৰা নদীৰ জলপৃষ্ঠ অস্বাভাৱিকভাৱে উফন্দি অহাত নাওবৈচাত বানে সংহাৰী ৰূপ ধাৰণ কৰিছে (Flood situation in Naoboicha) । নদীখনৰ সংহাৰী বানে মহাপ্ৰলয়ৰ সূচনা কৰি যোৱা নাওবৈচা ৰাজহ চক্ৰৰ অধীনস্থ দক্ষিণ নাওবৈচাৰ ২০ খনতকৈ অধিক গাঁৱৰ সহস্ৰাধিক বাসিন্দাৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰিছে ।

নাওবৈচাত শিঙৰা নৈ পুনৰ তাণ্ডৱ
নাওবৈচাত শিঙৰা নৈ পুনৰ তাণ্ডৱ

উল্লেখযোগ্য যে শিঙৰা নদীৰ সোঁপাৰৰ শিঙৰা গাঁৱৰ সমীপত থকা উন্মুক্ত মথাউৰি অংশৰে অহৰহ নদীখনৰ বাঢ়নী পানী সোমাই থকাৰ পৰিপ্ৰেক্ষিতত অঞ্চলটোৰ গোসাঁনীবাৰী, ১ নং গেলাহাটী, ২নং গেলাহাটী, ৰৌদোং ,বৰপথাৰ, চেঙেলীজান, আহুমণি, শিঙৰা গাঁও, গড়ছিগা, পানধোৱা, মহঘুলি, টকৌগুৰি, বঙালচুক, বৰচলা আদিকে ধৰি ২০ খনতকৈ অধিক গাঁও জলমগ্ন কৰি জনসাধাৰণৰ মাজত স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হৈ পৰিছে ।

লগতে পঢ়ক: লখিমপুৰত ৰঙানদীয়ে সৃষ্টি কৰিছে তাণ্ডৱ: তেজপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথত জাৰি নিষেধাজ্ঞা

বিশেষকৈ অঞ্চলটোৰ ৰাইজে শিঙৰা নদীখনৰ উন্মুক্ত মথাউৰি নিৰ্মাণৰ কাৰণে যোৱা পাঁচ-ছয় বছৰে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাকে ধৰি বহু আন্দোলনৰ কৰিছিল যদিও চৰকাৰ তথা জিলা প্ৰশাসনে উন্মুক্ত মথাউৰি অংশ নিৰ্মাণৰ ক্ষেত্ৰত কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত সমগ্ৰ ৰাইজ দুটাকৈ সংহাৰী বানত ককবকাব লগা হৈছে ।

নাওবৈচাত শিঙৰা নৈ পুনৰ তাণ্ডৱ
নাওবৈচাত শিঙৰা নৈ পুনৰ তাণ্ডৱ

নদীখনৰ উভতনি পানী আৰু অঞ্চলটোৰ মাজৰে পাৰ হৈ যোৱা চাৰি-পাঁচটা জান-জুৰিৰ পানী একেলগ হৈ যোৱা দুটা দিনে অঞ্চলটোৰ ৰাইজৰ মাজত আতংক সৃষ্টি কৰাৰ লগতে শ শ বিঘা পকা বড়োধানৰ খেতি পানীত ডুব যোৱাত কৃষকসকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে । আনহাতে আজি পুৱাৰে পৰা অঞ্চলটোত বান পৰিস্থিতি অধিক জটিল হৈ পৰে । নদীখনৰ সংহাৰী বানে পহুমৰা পকণীয়া সংযোগী গড়কাপ্তানি পথৰ গোসাঁনীবাৰী, গেলাহাটী আৰু শিঙৰা গাঁৱৰ তিনিটা অংশত একাঠু পৰ্যন্ত ডুবাই ৰখাত পথটোৰে বৰ্তমান যাতায়ত বন্ধ হৈ পৰিছে ।

লগতে পঢ়ক: ২৫ খন জিলাৰ ১৭০২ খন গাঁও বিধ্বস্ত

যোগাযোগ বিচ্ছিন্ন ৰাইজে এতিয়া নাওঁৰে যাতায়ত অব্যাহত ৰাখিব লগীয়া হৈছে । ইফালে অঞ্চলটোত বান হোৱা ২৪ ঘণ্টা পাৰ হৈ যোৱাৰ পিছতো জিলা প্ৰশাসনে এতিয়ালৈকে বান সাহাৰ্য প্ৰদান নকৰা বানপিড়ীত ৰাইজৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে । গোসাঁনীবাৰীৰ বহু বানাক্ৰান্ত পৰিয়ালে ঘৰৰ ভিতৰতে ওখ বাঁহৰ জাং পাতি বানৰ সৈতে সহাৱস্থান কৰিব লগীয়া হৈছে ।

দুটা দিনে বান সাহাৰ্য প্ৰদান নকৰা সম্পৰ্কত নাওবৈচা ৰাজহ চক্ৰ কাৰ্যালয়ৰ পৰা জানিব বিচৰাত কাৰ্যালয়ে বান পৰিস্থিতি চাইহে বান সাহাৰ্য দিয়া হব বুলি উল্লেখ কৰে । ইফালে অঞ্চলটোৰ ২০ খনতকৈ অধিক গাঁৱৰ জনসাধাৰনৰ জীৱন ধাৰণৰ কাৰণে অন্ন বস্ত্ৰ বাসস্থান পানীৰ তলত ডুব যোৱাৰ ফলত জীৱন যাত্ৰা ব্যাহত হৈ এক অভাৱনীয় পৰিস্থিতিৰ সম্মুখীন হৈ আছে যদিও এতিয়ালৈকে নাওবৈচাৰ বিধায়ক ভৰত নৰহে বান পৰিস্থিতিৰ খবৰ লবলৈ আহৰিয়েই পোৱা নাই (Naoboicha MLA Bharat Narah) ।

নাওবৈচাত শিঙৰা নৈ পুনৰ তাণ্ডৱ
নাওবৈচাত শিঙৰা নৈ পুনৰ তাণ্ডৱ

অকল জনসাধাৰনেই নহয় ওখ ঠাইত আবদ্ধ হৈ থকা গৰু ছাগলী, গাহৰি আদি জীৱকুলেও খাদ্যৰ বাবে হাহাকাৰ কৰি থাকিব লগীয়া হৈছে । আনহাতে বানৰ প্ৰকোপত গোসাঁনীবাৰী প্ৰাথমিক বিদ্যালয়, গেলাহাটী প্ৰাথমিক বিদ্যালয়কে ধৰি বহু কেইখন বিদ্যালয়ত পাঠদান বন্ধ ৰাখিব লগীয়া হৈছে ।

উল্লেখযোগ্য যে যদিহে আজিও এনেদৰে নেৰানেপেৰাকৈ জিলাখনৰ লগতে শিঙৰা নদীৰ উৎপত্তিস্থলত বৰষুণ দি থাকে অঞ্চলটোত বান পৰিস্থিতি অধিক ভয়াবহ হব বুলি ৰাইজে আশংকা কৰিছে । আনহাতে অঞ্চলটোৰ ৰাইজে বানত সৰ্বস্বান্ত হৈ জীৱন মৰণৰ লগত যুজঁ দিবলগীয়া পৰিস্থিতিটোত জিলা প্ৰশাসনে কি দৰে তৎপৰতাৰে বান সাহাৰ্য প্ৰদান কৰি বানপিড়ীতক উদ্ধাৰ কৰিব লাগিছিল তেনে কোনো তৎপৰতা অৱলম্বন নকৰাৰ অভিযোগ তুলিছে বনপীড়িত ৰাইজে।ফটো আছে ।

লগতে পঢ়ক: Flood situation of Assam : ৰাজ্যত বছৰৰ দ্বিতীয়টো বানে লৈছে ভয়ংকৰ ৰূপ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.