ETV Bharat / state

Flood in Lakhimpur: অপৰিৱৰ্তিত লখিমপুৰৰ বান পৰিস্থিতি; মূষলধাৰ বৰষুণে জটিল কৰি তুলিছে পৰিস্থিতি

কেইবাদিনো ধৰি হোৱা ধাৰাসাৰ বৰষুণে জটিল কৰিছে লখিমপুৰৰ বান পৰিস্থিতি ৷ মুখ্যমন্ত্ৰীক সহায়ৰ আহ্বান বন্যাৰ্ত ৰাইজৰ ৷ শিঙৰা নৈৰ পাচত এইবাৰ গাভৰু নৈয়ে মথাউৰি ছিঙি বহু গাঁও, পথ, শস্য ক্ষেত্ৰৰ বিস্তৰ ক্ষতি সাধন কৰে ৷

Flood situation in Lakhimpur remains unchanged
ধাৰাসাৰ বৰষুণত জটিল হৈ পৰিছে লখিমপুৰৰ বান পৰিস্থিতি
author img

By

Published : Jul 13, 2023, 9:46 AM IST

পৰিৱৰ্তন হোৱা নাই লখিমপুৰৰ বান পৰিস্থিতিৰ

লখিমপুৰ, 13 জুলাই : ধাৰাসাৰ বৰষুণত জটিল হৈ পৰিছে লখিমপুৰৰ বান পৰিস্থিতি ৷ বিশেষ কোনো পৰিৱৰ্তন হোৱা নাই লখিমপুৰৰ বান পৰিস্থিতিৰ ৷ বতৰৰ অৱস্থাৰ পৰিৱৰ্তন নহ’লে জিলাখনৰ বান পৰিস্থিতি উন্নত হোৱাৰ মুঠেও সম্ভাবনা নাই ৷ ফেনে-ফুটুকাৰে বাঢ়ি অহা নৈ সমূহৰ তাণ্ডৱ কিছু শাম কাটিলেও মূষলধাৰ বৰষুণে পৰিস্থিতি এতিয়াও জটিল কৰি ৰাখিছে জিলাখনত ৷

কেইবাদিনো ধৰি হোৱা ধাৰাসাৰ বৰষুণে জটিল কৰি ৰাখিছে লখিমপুৰৰ বান পৰিস্থিতি ৷ মুখ্যমন্ত্ৰীক সহায়ৰ আহ্বান বন্যাৰ্ত ৰাইজৰ ৷ যোৱা প্ৰায় এটা পষেক ধৰি হৈ থকা ধাৰাষাৰ বৰষুণৰ বাবে এতিয়াও জটিল হৈ আছে লখিমপুৰৰ বান পৰিস্থিতি ৷ চলিত বৰ্ষাকালৰ আৰম্ভণিতে শিঙৰা নৈয়ে মথাউৰি ছিঙাৰ পাছত দ্বিতীয়টো বানত গাভৰু নৈয়ে মথাউৰি ছিঙি বহু গাঁও, পথ, শস্য ক্ষেত্ৰৰ বিস্তৰ ক্ষতি সাধন কৰে ৷ সমান্তৰালভাৱে নীপকোৱে প্ৰকল্পৰ পানী এৰি দিয়াৰ ফলত ৰঙানদীয়েও সংহাৰ মুৰ্তি ধাৰণ কৰিছিল জিলাখনত ৷ বৰ্তমান নৈ সমূহৰ বানৰ প্ৰকোপ কিছু শাম কাটিলেও পৰিস্থিতি জটিল হৈয়েই আছে জিলাখনত ৷

ধাৰাসাৰ বৰষুণে জটিল বান পৰিস্থিতি অব্যাহত ৰখাত অৰিহণা যোগাই আহিছে জিলাখনৰ বিভিন্ন অঞ্চলত ৷ জিলা প্ৰশাসনৰ তৰফৰ পৰা বুধবাৰে সন্ধিয়া প্ৰকাশ কৰা তথ্য মতে এতিয়াও জিলা খনত 36 খন গাঁও বানৰ কবলত আছে ৷ জিলাখনৰ বিহপুৰীয়া ৰাজহ চক্ৰত 11 খন, নাওবৈচা ৰাজহ চক্ৰত 6 খন আৰু সোৱণশিৰি ৰাজহ চক্ৰত 19 খন গাঁও বানৰ কবলত আছে ৷ এই বানপিঢ়ীত এলেকা সমূহৰ 25 হেজাৰ 752 জন লোক ক্ষতিৰ সন্মুখীন হৈছে ৷ প্ৰায় 295.50 হেক্টৰ শস্য ক্ষেত্ৰ বিনষ্ট হৈছে ৷ এইয়াই জিলাখনৰ শেহতীয়া বান পৰিস্থিতিৰ ৰেহৰূপ ৷

উল্লেখযোগ্য যে, নৈ সমূহে পথ মথাউৰি ছিঙি পোনপটীয়াকৈ বান সংকট সৃষ্টি কৰাৰ সমানে পৰোক্ষ ভাৱেও বিস্তৰ ক্ষতি সাধন কৰিছে ৷ বিশেষকৈ নাওবৈচা অঞ্চলত 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা নামনিৰ দিশে এক বিস্তীৰ্ণ অঞ্চলত উভটনি সোঁত সৃষ্টি কৰি প্ৰায় 25 খনমান গাঁৱৰ ব্যাপক ক্ষতি কৰিছে ৷ ঘৰ-বাৰী, শস্য ক্ষেত্ৰ আদি প্লাবিত কৰি অঞ্চলটো বিপৰ্যস্ত কৰি তুলিছে ৷

অঞ্চলটোৰ এই সংকট কোনো নতুন কথা নহয় ৷ এটা দশকৰো অধিক কাল অঞ্চলটোৰ ৰাইজে এনে যাতনা ভোগ কৰি আহিছে ৷ জিলা উপায়ুক্তৰ পৰা চৰকাৰী ভাৱেও অঞ্চলটোৰ শিঙৰা নৈৰ ওভটনি সোঁতৰ সমস্যা সমাধান কৰাৰ আশ্বাস দি আহিছে যদিও সমস্যা সমাধান হোৱা নাই ৷ বিগত বৰ্ষ সমূহৰ দৰে এইবাৰো এতিয়া অঞ্চলটো শিঙৰা নৈৰ ওভতনি পানীৰ কবলত ডুবি আছে ৷ একমাত্ৰ নাৱেই অঞ্চলটোৰ এতিয়া যাতায়াতৰ মাধ্যম হৈ পৰিছে ৷ ঘৰ-বাৰী, শস্য ক্ষেত্ৰ, ৰাষ্টা-পদুলি সকলো পানীৰ তলত ৷ অঞ্চলটোৰ এনে দুৰ্দশা দূৰ কৰাত কোনেও উদ্যোগ নোলোৱাত ৰাইজ হতাশাগ্ৰস্ত হৈ পৰিছে ৷ ৰাইজে এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ কামনা কৰিছে ৷ মুখ্যমন্ত্ৰীগৰাকীক এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰি অঞ্চলটোৰ এই দীর্ঘদিনীয়া সমস্যা দূৰ কৰি ৰাইজক বানৰ কবলৰ পৰা উদ্ধাৰ কৰাৰ আহ্বান জনাইছে ৷

লগতে পঢ়ক: Himachal Flood Situation : হিমাচলত ৩০ হাজাৰ পৰ্যটকক সুৰক্ষিতভাৱে উদ্ধাৰ; মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.