ETV Bharat / state

Flood in Lakhimpur: লখিমপুৰত বাঢ়িয়েই আছে নদীৰ জলপৃষ্ঠ, অপৰিৱৰ্তিত বান পৰিস্থিতি

author img

By

Published : Jun 16, 2023, 6:08 PM IST

অপৰিৱৰ্তিত ৰূপত লখিমপুৰত বান পৰিস্থিতি ৷ জিলাখনত ইখনৰ পাছত সিখনকৈ নদীৰ জলপৃষ্ঠই অতিক্ৰম কৰিছে বিপদ সীমা ৷

Flood situation in Lakhimpur
নদীৰ জলপৃষ্ঠই অতিক্ৰম কৰিছে বিপদ সীমা
লখিমপুৰত অপৰিৱৰ্তিত বান পৰিস্থিতি

লখিমপুৰ, 16 জুন: লখিমপুৰত সলনি হোৱা নাই বান পৰিস্থিতি ৷ বিপৰীতে অধিক শোচনীয় হোৱাৰ আশংকাহে প্ৰকাশ পাইছে বান পৰিস্থিতিয়ে ৷ কিয়নো জিলাখনত ইখনৰ পাছত সিখনকৈ নদীৰ জলপৃষ্ঠই অতিক্ৰম কৰিছে বিপদ সীমা ৷

লখিমপুৰত আৰু দুখন নদীৰ জলপৃষ্ঠই অতিক্ৰম কৰিলে বিপদ সীমা ৷ জটিল সংকটৰ দিশত জিলাখনৰ বান পৰিস্থিতি ৷ এক জটিল বান সংকটৰ সন্মুখলৈ আগুৱাইছে লখিমপুৰ জিলাৰ বান পৰিস্থিতিয়ে ৷ শিঙৰা নৈয়ে মথাউৰি ছিঙি জিলাখনৰ মধ্যস্থলত তাণ্ডব সৃষ্টি কৰাৰ সময়তে নীপকোৱে ৰঙানদী প্ৰকল্পৰ পানী মোকোলাই দিয়াত ৰঙানদীয়েও অচিৰেই সংহাৰ মুৰ্তি ধাৰণ কৰাৰ আশংকা কঢ়িয়াই আনিছে ৷ সমান্তৰালভাৱে ধাৰাসাৰে হৈ থকা বৰষুণৰ বাবে জিলা খনৰ আন নদী সমূহেও ৰূদ্ৰ ৰূপ ধাৰণ কৰিছে ৷

সোৱণশিৰি নদীৰ জলপৃষ্ঠই বৃহস্পতিবাৰে ঘনচৰাই এলেকাত বিপদ সীমা অতিক্ৰম কৰি বিপদৰ আগজাননী দিছে ৷ নদীখনে বিপদসীমা অতিক্ৰম কৰি সমীপৰ মথাউৰিৰ প্ৰতি ভাবুকি সৃষ্টি কৰাৰ বাবে বিধায়ক মানৱ ডেকা, উপায়ুক্ত সুমিত সাত্তাৱানে এই এলেকা পৰিভ্ৰমণ কৰি প্ৰয়োজনী ব্যবস্থা গ্ৰহণৰ প্ৰস্তুতি চলাইছে ৷

সোৱণশিৰিৰ এনে বিপদজনক অৱস্থাৰ পাছতে জিলাখনত শুকুৰবাৰে আন দুখন নদীয়েও বিপদ সীমা অতিক্ৰম কৰে ৷ ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ জামুগুৰি অঞ্চলত বিপদ সীমাৰ 8 মিলিমিটাৰ ওপৰত আছে ৷ একেদৰে ডিক্ৰং নদী চিচাপথাৰ অঞ্চলত বিপদ সীমাৰ 5 মিলিমিটাৰ ওপৰেৰে বৈ আছে ৷ ৰঙানদী, সোৱণশিৰি, শিঙৰা, বগী নদী, কাকৈ, দোৰপাং, চেচা পিছলা আদি নৈ সমূহৰ পানীও বাঢিয়েই আছে ৷

উল্লেখ্য যে, কেৱল নদীৰ বানেই নহয়; কৃত্ৰিম বানৰ বাবেও জিলাখনৰ বহু অঞ্চল বিপৰ্যস্ত হৈছে ৷ আনহাতে নেৰানেপেৰা বৰষুণে জিলাখনৰ পৰিস্থিতি অধিক অৱনতি হোৱাত ইন্ধন যোগাইছে ৷ উল্লেখযোগ্য যে, জিলাখনৰ বান পৰিস্থিতি আজি তৃতীয় দিনৰ বাবেও অপৰিবৰ্তিত হৈ আছে ৷ জিলাখনৰ বিভিন্ন স্থানত আজি নতুনকৈ কেইবাখনো গাঁও জলমগ্ন হোৱাৰ খবৰ আহিছে ৷

লগতে পঢ়ক: Flood threat: নীপকোৱে মোকোলালে ৰঙানদী প্ৰকল্পৰ পানী; লখিমপুৰত বাজিছে বিপদৰ ধ্বনি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.