ETV Bharat / state

অধিক শোচনীয় হৈছে নাওবৈচাৰ বান পৰিস্থিতি - district administration

শিঙৰা নদীৰ জলপৃষ্ঠ বৃদ্ধিৰ ফলত অধিক শোচনীয় হৈছে নাওবৈচাৰ বান পৰিস্থিতি । গৰু-ছাগলীৰ লগতে সহৱস্থান কৰি এতিয়া উজাগৰী নিশা পাৰ কৰিছে অঞ্চলটোৰ বান বিধস্ত ৰাইজে । তীব্র খাদ্য সংকটত ভুগিছে বানপানীত বিধ্বস্ত লোকসকলে । মুকলি আকাশৰ তলতে গৰু-মহ-ছাগলীৰে সহৱস্থান কৰি উজাগৰী নিশা পৰা কৰিব লগা হৈছে এইসকল লোকে । বান সাহাৰ্যৰ বাবে পথতে আন্দোলনৰ বাবে সাজু হৈছে বান কবলিত অঞ্চলটোৰ ৰাইজ ।

flood situation grin at naobaisa
অধিক শোচনীয় হৈছে নাওবৈচাৰ বান পৰিস্থিতি
author img

By

Published : Jun 27, 2020, 9:31 PM IST

নাওবৈচা,২৭জুন: বিগত এমাহতকৈ অধিক দিনে শিঙৰা নদীকে ধৰি পাহাৰৰ পৰা নামি অহা চাৰি-পাঁচটা জান-জুৰিৰ সংহাৰী বানে নিঃশেষ কৰা দক্ষিণ নাওবৈচাৰ ২০খনতকৈ অধিক গাঁৱৰ সহস্ৰাধিক জনতাই অন্ন-বস্ত্ৰ-বাসস্থানৰ অভাৱত এতিয়াওঁ মুকলি আকাশৰ তলতে উজাগৰী নিশা কটাইছে । ধাৰাসাৰ বৰষুণ দি থকাৰ ফলত সম্প্ৰতি অঞ্চলটোত বান পৰিস্থিতি দিনক দিনে অধিক শোচনীয় হৈ পৰিছে । যদিহে বৰষুণ একেৰাহে দি থাকে তেনেহলে শিঙৰাৰ তাণ্ডৱ আৰু অধিক ভয়াবহ হোৱাৰ আশংকা কৰা হৈছে ।

flood situation grin at naobaisa
অধিক শোচনীয় হৈছে নাওবৈচাৰ বান পৰিস্থিতি

উল্লেখ্য যে, বৃহত্তৰ দক্ষিণ নাওবৈচা অঞ্চলৰ মাজেৰে পাৰ হৈ যোৱা শিঙৰা আৰু চাৰি পাঁচটা জান-জুৰিৰ প্ৰবাহমান সুঁতিত অপৰিকল্পিত ভাৱে বান্ধ নিৰ্মাণ কৰাৰ ফলত শিঙৰা নদীকে ধৰি জান-জুৰিৰ আবদ্ধ পানীয়ে বিগত এমাহ ধৰি বৃহত্তৰ দক্ষিণ নাওবৈচা অঞ্চলক ডুবাই ৰাখি সহস্ৰাধিক জনতাৰ জীৱনলৈ অন্ধকাৰ নমাই আনিছে ।

শেহতীয়াকৈ যোৱা তিনিটা দিনত অঞ্চলটোত বৃদ্ধি পোৱা সংহাৰী বানৰ তাণ্ডৱত বানপীড়িত ৰাইজৰ মাজত এক হাহাকাৰময় পৰিস্থিতি সৃষ্টি কৰিছে । তীব্র খাদ্য সংকটত ভোগা বিধস্ত পৰিয়াল সমূহক চৰকাৰে আজি পৰ্যন্ত কোনোধৰণৰ সাহাৰ্য নিদিয়াত ৰাইজ অধিক ক্ষুব্ধ হৈ পৰিছে । সমান্তৰালকৈ বান কবলিত গাওঁসমূহত পশুধনৰ খাদ্যৰ বাবেওঁ হাহাকাৰ কৰিবলগীয়া এক পৰিস্থিতিৰ সৃষ্টি হৈছে । ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰাকৃতিক দুৰ্যোগত বিপদাপন্ন লোকক সাহাৰ্য প্ৰদানৰ লগতে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়াৰ পিছতো লখিমপুৰ জিলা প্ৰশাসনে নাওবৈচা বানপীড়িত অঞ্চলত কোনো সাহাৰ্য অথবা প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ নকৰাটো দুভাগ্যজনক আখ্যা দিলে অঞ্চলবাসীয়ে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.