ETV Bharat / state

নাওবৈচাত অপৰিৱৰ্তিত শিঙৰা নৈৰ বান পৰিস্থিতি

author img

By

Published : Jun 6, 2021, 6:32 PM IST

বানাক্ৰান্ত অঞ্চলটোৰ ক্ৰমান্বয়ে বান পৰিস্থিতি অধিক জটিল হৈ পৰা গোসাঁনীবাৰী, ১ নং গেলাহাটী, ২ নং গেলাহাটী আৰু চেঙেলীজান গাঁৱৰ তিনি শতাধিক পৰিয়ালে জীৱন ধাৰণৰ বাবে অন্ন বস্ত্ৰ আৰু বিগত পাঁচ দিনে বাসগৃহ ডুব গৈ থকাত জীৱন যাত্ৰা ব্যাহত হৈ ওখ ঠাইত গৰু ছাগলীৰে সহাৱস্থান কৰিব লগীয়া হৈছে ।

Nowboicha
নাওবৈচাত শিঙৰা নদীয়ে সৃষ্টি কৰা বান পৰিস্থিতি অপৰিৱৰ্তিত

নাওবৈচা, ৬ জুন : লখিমপুৰ জিলাৰ নাওবৈচা ৰাজহ চক্ৰৰ মাজেৰে প্ৰবাহিত শিঙৰা নৈৰ পূব পাৰৰ শিঙৰা গাঁৱৰ সমীপত থকা মথাউৰি উন্মুক্ত অংশৰে বাঢ়নী পানী অহৰহ সোমাই থকাৰ পৰিপ্ৰেক্ষিতত সপ্তম দিনাও নাওবৈচাৰ দক্ষিণ অঞ্চলত বান পৰিস্থিতি ক্ৰমান্বয়ে জটিল ৰূপ ধাৰণ কৰিছে । বিগত এসপ্তাহে দি থকা নেৰানেপেৰা বৰষুণৰ ফলত দেওবাৰে পুনৰ শিঙৰা নৈৰ বৰ্ধিত জলৰাশিৰ লগতে উজনি পৰা নামনিলৈ বৈ যোৱা চাৰি-পাঁচটা জান-জুৰিৰ আবদ্ধ পানীয়ে কালৰূপ ধাৰণ কৰি দক্ষিণ নাওবৈচাৰ ৩০খনতকৈ অধিক গাঁও প্লাবিত কৰি বান পৰিস্থিতি অধিক জটিল কৰি তুলিছে ।

উল্লেখযোগ্য যে, দেওবাৰৰ বান পৰিস্থিতি ইমানেই ভয়াৱহ হৈ পৰে যে, অঞ্চলটোৰ কেইবাখনো মিছিং সম্প্ৰদায়ৰ চাং ঘৰৰ ভিতৰত একাঁঠু পৰ্যন্ত পানীৰে বুৰাই অভাৱনীয় পৰিস্থিতি সৃষ্টিৰে বানাক্ৰান্ত ৰাইজৰ মাজলৈ আতংক নমাই আনিছে । অঞ্চলটোৰ ভিতৰত বানে অধিক জটিল ৰূপ ধাৰণ কৰা গোসাঁনীবাৰী, ১নং গেলাহাটী , ২ নং গেলাহাটী আৰু চেঙেলীজান গাঁৱত আজি পাঁচ দিনৰ অন্তত জিলা প্ৰশাসনৰ ফালৰ পৰা চাউল, দালি আৰু মিঠা তেলকে ধৰি কিছু খাদ্য সামগ্ৰী প্ৰদান কৰে যদিও বানত ডুব গৈ থকা কেইবাখনো গাঁৱৰ ৰাইজে বান সাহাৰ্য নোপোৱাৰ অভিযোগ উত্থাপন কৰিছে ।

ইফালে উল্লেখিত বানাক্ৰান্ত গাঁওকেইখনৰ পৰিয়াল সমূহে পশুধনৰ খাদ্যৰ বাবেও ভীষণ সমস্যাত পৰিছে । আনহাতে শনিবাৰে সংবাদ মাধ্যমত সমালোচনাৰ সন্মূখীন হোৱা নাওবৈচাৰ বিধায়ক ভৰত নৰহে বিলাসী গাড়ী উঠি দেওবাৰে বান পৰিস্থিতি পৰ্যবেক্ষণ কৰে যদিও বহু বানপিড়ীত ৰাইজে বিধায়ক গৰাকীক লগ কৰিবলৈ ৰৈ থাকে যদিও ৰাইজৰ কাৰোৰে অভাৱ অভিযোগৰ বুজ নোলোৱাকৈয়ে বিলাসী বাহনতে উঠি গুচি যায় । ইয়াকে লৈ বানাক্ৰান্ত ৰাইজৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে । একেদৰে নদীখনৰ বাঢ়নী পানীয়ে অঞ্চলটোৰ যোগাযোগৰ একমাত্ৰ গড়কাপ্তানি পথটো গোসাঁনীবাৰী আৰু গেলাহাটী অংশত প্ৰায় তিনি কিলোমিটাৰ একাঁঠু পৰ্যন্ত ডুবাই ৰখাত শনিবাৰৰ পৰা যোগাযোগ বন্ধ হৈ পৰে ।

উল্লেখযোগ্য যে, লখিমপুৰৰ জলসম্পদ বিভাগে চূড়ান্ত মইমতালি আৰু অদূৰদৰ্শিতাৰে শিঙৰা নদীৰ পূৱ পাৰৰ মথাউৰিটো সম্পূৰ্ণকৈ নির্মাণ নকৰি শিঙৰা গাঁৱৰ সমীপত মথাউৰিৰ কাম বন্ধ কৰি দিয়ে । যাৰ ফলত নিৰ্মাণ নকৰা মথাউৰি উন্মুক্ত অংশৰে নদীখনৰ বাঢ়নী পানী সোমাই আহি যোৱা আঠটা বছৰে অঞ্চলটো সংহাৰী বানে অধিক জটিল ৰূপ ধাৰণ কৰি ৰাইজৰ মাজত সন্ত্ৰাস সৃষ্টি কৰি আহিছে বুলি বানাক্ৰান্ত ৰাইজে অভিযোগ কৰে । ইফালে যোৱা ২০ৰ পৰা ২৫বছৰ ধৰি অঞ্চলটোৰ ৰাইজে নদীখনৰ বান সমস্যাটো স্থায়ী সমাধান কৰাৰ ক্ষেত্ৰত চৰকাৰ প্ৰশাসনক আবেদন নিবেদন কৰি অহাৰ উপৰিও ধাৰাবাহিকভাৱে গণতান্ত্ৰিক আন্দোলন কৰি আহিছিল যদিও কোনো এখন চৰকাৰে এই স্পৰ্শকাতৰ বিষয়টো সমাধান নকৰাৰ বাবেই আজি ৰাইজে জীয়াতু ভুগিব লগীয়া হৈছে । সম্প্ৰতি অঞ্চলটোৰ বানাক্ৰান্ত ৰাইজে জিলা উপায়ুক্তক বানবিধ্বস্ত অঞ্চলটোত ক্ষেত্ৰভিত্তিক পৰিদৰ্শন কৰি বান সমস্যাটো বুজ লোৱাৰ লগতে পৰ্যাপ্ত বান সাহাৰ্য প্ৰদান কৰিবলৈ আহ্বান জনাইছে ।

লগতে পঢ়কঃ কাৰ্বি লাংপি জলবিদ্যুত প্ৰকল্পত কৰ্মৰত জোৱান নিৰুদ্দেশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.