ETV Bharat / state

Flood at Bihpuria : ভৰা ডিক্ৰঙে কন্দুৱাইছে বিহপুৰীয়াবাসীক; দিশহাৰা বহু পৰিয়াল

বিপদ ঘন্টা বাজিছে ৷ বিপদসীমাৰ ওপৰেৰে গতি কৰিছে ব্ৰহ্মপুত্ৰ পানী ৷ ইতিমধ্যে উফন্দি উঠা ডিক্ৰং নদীয়ে মহতীয়াই নিবলৈ ধৰিছে সকলো ৷ দিশহাৰা হৈ পৰিছে বহু পৰিয়াল ৷

Flood at Bihpuria
বানে লৈছে সংহাৰী ৰূপ
author img

By

Published : Jun 23, 2023, 2:15 PM IST

বানে লৈছে সংহাৰী ৰূপ

বিহপুৰীয়া, 23 জুন : ৰাজ্যত প্ৰতিদিনাই হৈ আছে মুষলধাৰ বৰষুণ ৷ এই বৰষুণৰ ফলত উফন্দি উঠিছে ব্ৰহ্মপুত্ৰ নদীৰ লগতে ইয়াৰ উপনৈসমূহৰ বক্ষ ৷ আনকি ৰাজ্যৰ বহু জিলাতে এই মুষলধাৰ বৰষুণৰ ফলত সৃষ্টি হৈছে বানৰ ৷ বানত উটি গৈছে সপোনৰ ঘৰখন ৷ কি নলবাৰী, কি বৰপেটা - সকলোতে এতিয়া বানে লৈছে সংহাৰী ৰূপ ৷

বছৰৰ প্ৰথমটো বানৰ কৱলত পৰিছে লখিমপুৰ জিলাও ৷ বিশেষকৈ লখিমপুৰ জিলাৰ বিহপুৰীয়াত ভয়াৱহ ৰূপ ধাৰণ কৰিছে ডিক্ৰং নৈয়ে । বানৰ সমান্তৰালভাৱে খহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰাৰ ফলত লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ দঙিবিলত ডিক্ৰং নৈয়ে কালৰূপ ধাৰণ কৰিছে ৷ ফলত প্ৰায় দহটাকৈ পৰিয়াল এতিয়া গৃহহীন হৈ পৰিছে ৷

আনফালে, অন্য লোকৰ লেখিয়াকৈ প্ৰাণৰ মমতাত সপোনৰ ঘৰখন এৰি যাবলৈ উদ্যত হৈছে বিহপুৰীয়াৰ প্ৰেমী ইচু সাংহা ৷ সাংহা পেচাত এগৰাকী গাড়ী চালক । দিনৰ দিনটো গাড়ীৰ চলাই লাভ কৰা টকা কেইটাৰে সাতজনীয়া পৰিয়ালটো পোহপাল দি আহিছিল ৷

লগতে পঢ়ক : Flood in Lakhimpur: লখিমপুৰৰ এক কৰুণ দৃশ্য; বানৰ প্ৰকোপত পানীৰ ওপৰতে কৰিলে মৃতকৰ তিলনি

আনকি সাঁচতীয়া ধনেৰে তেওঁ এটা ঘৰ সাজিছিল । সপোনৰ ঘৰখনত বৃদ্ধা মাতৃসহ সাতজনীয়া পৰিয়ালটো সুখেৰে থাকিবলৈ লোৱাৰ পাচতে এতিয়া দিশহাৰা হৈ পৰিছে পৰিয়ালটো ৷ কিয়নো ভৰা ডিক্ৰং আহি প্ৰেমী ইচু সাংহাৰ চোতাল পালেহি ৷ উফন্দি উঠা ডিক্ৰং নদীয়ে মহতীয়াই নিবলৈ ধৰিছে সকলো ৷ হয়তো কিছুসময়ৰ পাচতে ইচু সাংহাৰ ঘৰখনো জাহ যাব নদীৰ বক্ষত ৷ সেই হেতুকে প্ৰাণৰ মমতাত ইচু সাংহাৰ পৰিয়ালটোৱে টালি-টোপোলা বান্ধি ঢাপলি মেলিছে নিৰাপদ স্থানলৈ ৷

ইফালে খহনীয়াৰ পৰা নিজৰ আপোন ঘৰখন বচাবলৈ গৈ গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হয় এজন যুৱক । আহত ঘনশ্যাম চেত্ৰী নামৰ যুৱকজনক স্থানীয় লোকে ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰে । দঙিবিলৰ 80 নং শ’লমৰাত নদীখনৰ খহনীয়াই ধাৰণ কৰা ভয়ংকৰ ৰূপৰ ফলত বৃহত্তৰ বিহপুৰীয়া অঞ্চললৈকে এতিয়া বিপদঘণ্টা বাজিছে । একপ্ৰকাৰে অভিশাপ হৈ উঠিছে লখিমপুৰৰ সৰু-বৰ প্ৰতিখন নদী ৷

লগতে পঢ়ক : Bihpuria erosion news:বিহপুৰীয়াত ডিক্ৰং নৈৰ ভয়াৱহ খহনীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.