নাওবৈচা, 9 আগষ্ট : তিনি মাহৰো অধিক কাল শিঙৰা নদীৰ ধাৰাবাহিক বানত দিশহাৰা হোৱা দক্ষিণ নাওবৈচাৰ গোসাঁনীবাৰী,1 নং গেলাহাটী,2 নং গেলাহাটী চেঙেলীজান আদি গাঁৱলৈ স্বাভাৱিক অৱস্থা ঘূৰি আহিলেও গাঁও কেইখনৰ বানপীড়িত ৰাইজক বলিয়া বানৰ আতংকই আজিও খেদি ফুৰিছে । নদীখনৰ বলিয়া বানৰ আতংকৰ লগতে গাঁও কেইখনৰ ৰাইজৰ মাজত বৰ্তমান দেখা দিছে তীব্ৰ খাদ্য সংকটে ।
এনে সময়তে গাওঁ কেইখনৰ লোকসকলক সহায় কৰিবলৈ ওলাই আহিছে অগপৰ ভাতৃ সংগঠন অসম ছাত্ৰ পৰিষদ । সংগঠনটোৰ ৰাজ্যিক সভাপতি ত্ৰিনয়ন বৰুৱাৰ নেতৃত্বত অহা এটা সজাতি দলে দেওবাৰে বানাক্ৰান্ত গাঁও কেইখনত উপস্থিত হৈ শেহতীয়া বান পৰিস্থিতি বুজ লোৱাৰ লগতে কিছু বান সাহাৰ্য বিতৰণ কৰে ।
গাওঁ কেইখনৰ পৰিয়াল সমূহৰ মাজত চিৰা,মুৰি,গাখীৰৰ পেকেট,চেনীকে ধৰি একোটা খাদ্যৰ টোপোলা বিতৰণ কৰে । বান সাহাৰ্য বিতৰণী অনুষ্ঠানটোত সংগঠনটোৰ সভাপতিগৰাকীয়ে অঞ্চলটোত দীৰ্ঘবছৰে বানপানীয়ে সন্ত্ৰাস চলাই থকা বিষয়টোৰ ওপৰত উদ্বেগ প্ৰকাশ কৰি এইক্ষেত্ৰত ৰাজ্যৰ জলসম্পদ বিভাগৰ মন্ত্ৰীগৰাকীক এই সমস্যাৰ কথা অৱগত কৰি বান সমস্যাটোৰ স্থায়ী সমাধানৰ বাবে আহ্বান জনাব বুলিও আশ্বাস দিয়ে ।
উক্ত উনুষ্ঠানটোত অগপৰ ৰাজ্যিক সম্পাদক জয়ন্ত খাউণ্ড,ৰাজ্যিক সদস্য প্ৰেম বৰুৱা,ছাত্ৰ পৰিষদৰ উপ সভাপতি ৰবি শংকৰ কোঁৱৰ,প্ৰীতম ৰাজ মিলিয়ে সহযোগিতা আগবঢ়ায় ।