ETV Bharat / state

নাওবৈচাত বান সাহায্য বিতৰণ অৰুণাচলত কৰ্মৰত অসমীয়া যুৱকৰ - নাওবৈচা

জিলা প্ৰশাসনে সামান্য পৰিমাণৰ সাহায্য প্ৰদান কৰিয়েই দায়িত্ব সামৰা অন্ন-বস্ত্ৰ-বাসস্থানহীন নাওবৈচাৰ বানপীড়িত সকলৰ সাহায্যৰ্থে আগবাঢ়ি আহিল অৰুণাচলত কৰ্মৰত কিছু অসমীয়া যুৱক

নাওবৈচাৰ বানপীড়িতক সাহায্য বিতৰণ অৰুণাচলত কৰ্মৰত অসমীয়া যুৱকৰ
author img

By

Published : Jul 29, 2019, 5:45 PM IST

নাওবৈচা, 29 জুলাই :

  • নাওবৈচাত বৰ্তমান স্বাভাৱিক অৱস্থাত শিঙৰা নদীৰ বান পৰিস্থিতি
  • কিন্তু বন্যাতৰ মাজত কমা নাই সংহাৰী বানৰ বিভীষিকা
  • বানে কাঢ়ি লৈ গ'ল অঞ্চলটোৰ ৰাইজৰ অন্ন-বস্ত্ৰ-বাসস্থান
  • সামান্য পৰিমাণৰ সাহায্য প্ৰদান কৰিয়েই দায়িত্ব সামৰিছে জিলা প্ৰশাসনে
  • তাৰ মাজতে অঞ্চলটোৰ বানপীড়িতৰ সাহায্যৰ্থে আহিল অৰুণাচলত কৰ্মৰত অসমীয়া একাংশ যুৱক
  • দেওবাৰে ১৩ জনীয়া অসমীয়া যুৱকৰ দলটোৱে নিজা উদ্যোগত কিছু সাহায্য প্ৰদান কৰে বানপীড়িতক

Intro:বানবিপন্ন নাওবৈচাত বান সাহাৰ্য।Body:নাওবৈচা: ২৯ জুলাই : নাওবৈচাত শিঙৰা নদীৰ বান পৰিস্থিতি বৰ্তমান স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে যদিও বন্যা'তৰ মাজত কমা নাই সংহাৰী বানৰ বিভীষিকা। শিঙৰা নদীৰ ধাৰাবাহিক বানে দক্ষিণ নাওবৈচাবাসীৰ প্ৰাত্যহিক জীৱন বিপদাপন্ন কৰি তোলাৰ পাছত এতিয়া অঞ্চলটোত ভোকাতুৰ বানপীড়িতৰ ৰাইজৰ কৰুণ আর্তনাদ। যোৱা ২০-২১ দিনে নদীখনৰ সংহাৰী বানত অন্ন- বস্ত্ৰ-বাসস্থান হেৰুৱাই কোনোমতে জীৱন অতিবাহিত কৰা অঞ্চলটোৰ বানপীড়িত ৰাইজক সামান্য পৰিমাণৰ বান সাহায্য প্ৰদান কৰিয়েই দায়িত্ব সামৰিছে জিলা প্ৰশাসনে। এই দুৰ্ভগীয়া বানপীড়িত ৰাইজক কিছু সকাহ দিয়াৰ লক্ষ্যৰে দেওবাৰে অৰুণাচল প্ৰদেশৰ নাহৰলগুন-ইটানগৰৰ বিভিন্ন প্ৰতিষ্ঠানত কৰ্মৰত ১৩ জনীয়া এটা অসমীয়া যুৱকৰ দলে নিজা উদ্যোগত কিছু বান সাহায্য প্ৰদান কৰে । উদ্যমী যুৱকৰ দলটোয়ে বানবিধস্ত অঞ্চলটোৰ গোসাঁনীবাৰী, ১নং গেলাহাটী ,২নং গেলাহাটী, চেঙেলীজান , সৰুদলনি, আদিৰ গাঁওৰ প্ৰায় ৩৫০টা পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে। পৰিয়াল সমূহৰ মাজত চাউল , দালি, মিঠাতেল, খোৱাপানী, বিস্কুট , মমকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীসমূহ বিতৰণ কৰে।Conclusion: নিতুল বৰা
নাওবৈচা
২৯/৭/১৯
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.