ETV Bharat / state

লখিমপুৰৰ তিনি কোটি টকীয়া পথৰ ওপৰত পানী

লখিমপুৰ নগৰৰ গাতে লাগি থকা কেন্দ্রীয় আঁচনিৰ অধীনত নিৰ্মাণ কৰা এটা পথে জলা-কলা খুৱাইছে স্থানীয় ৰাইজক ৷ তিনি কোটি টকীয়া ব্যয় সাপেক্ষে নিৰ্মাণ কৰা পথটিৰ দুৰৱস্থাৰ ফলত ত্ৰাহি মধুসূদন সুঁৱৰিছে ৰাইজে(Flood in Lakhimpur) ৷

Flood in Lakhimpur
লখিমপুৰত তিনি কোটি টকীয়া পথৰ ওপৰত পানী
author img

By

Published : Jun 14, 2022, 2:18 PM IST

লখিমপুৰ, 14 জুন : লখিমপুৰ নগৰৰ গাতে লাগি থকা কেন্দ্ৰীয় আঁচনিৰ অধীনত নিৰ্মাণ কৰা এটা পথে এতিয়া জলা-কলা খুৱাইছে স্থানীয় ৰাইজক ৷ উল্লেখ্য যে, ভাৰত চৰকাৰৰ গ্ৰাম্য উন্নয়ন মন্ত্ৰালণায়ৰ দ্বাৰা অনুমোদিত হৈছিল মৈদমীয়াৰ এটা পকী পথ । প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত নিৰ্মাণ কৰা তিনিকোটিৰো অধিক টকা ব্যয়ৰ এই পথটোৰ দুৰৱস্থাৰ ফলত দুৰ্ভোগ ভুগিছে ৰাইজে(Flood on Lakhimpur road) ৷

লখিমপুৰত তিনি কোটি টকীয়া পথৰ ওপৰত পানী

মাহৰা বৰচাপৰিৰৰ পৰা মৈদমীয়া হৈ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথলৈ নিৰ্মাণ কৰা এই পথচোৱাৰ এতিয়া ঠায়ে ঠায়ে একাঁঠু পৰ্যন্ত পানী । লখিমপুৰৰ বিধ্বস্ত এই পথত এতিয়া যমৰ-যাতনা ভুগিছে সৰ্বসাধাৰণ ৰাইজে । এজাক বৰষুণতে পথৰ ওপৰত হয় আঁঠুলৈকে পানী । লগতে যাতায়ৰ ক্ষেত্ৰতো যথেষ্ঠ অসুবিধাৰ সন্মুখীন হৈছে সাধাৰণ নাগৰিক । বিদ্যায়লৈ যোৱা ছাত্ৰ-ছাত্ৰীসকলেও ইয়াৰ ফলত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে ৷

পথছোৱাৰ নিৰ্মাণৰ সময়ত বিভিন্ন ক্ৰুটি ৰৈ যোৱা বুলি ৰাইজে বাৰম্বাৰ উল্লেখ কৰিছিল যদিও এই ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ শীঘ্ৰেই পথছোৱাৰ পুন মেৰামতি কৰি দিয়াৰ দাবী জনাইছে ৰাইজে ৷

লগতে পঢ়ক : গুৱাহাটী মহানগৰীত ভূমিস্খলনত চাৰিজনৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.