ETV Bharat / state

Flood in Lakhimpur: নীপকোৱে এৰি দিয়া বানত দিক-বিদিক হেৰুৱাইছে লখিমপুৰবাসীয়ে - ৰঙানদীত নিপকোৱে প্ৰকল্পৰ পানী মোকোলাই দিয়া

আৱতৰীয়া বানত পুনৰ বিধস্ত হ’ল লখিমপুৰ (Flood in Lakhimpur)৷ মঙলবাৰে দুপৰীয়াৰ পৰা ৰঙানদীত নীপকোৱে প্ৰকল্পৰ পানী মোকোলাই দিয়াৰ ফলত নদীখনে বলীয়া ৰূপ ধাৰণ কৰি নদীপৰীয়া অঞ্চলত তাণ্ডৱ সৃষ্টি কৰিছে (Ranganodi flood in Lakhimpur)৷

Flood in Lakhimpur
Flood in Lakhimpur: নীপকোৱে এৰি দিয়া বানত দিক বিদিক হেৰুৱাইছে লখিমপুৰবাসীয়ে
author img

By

Published : Oct 25, 2022, 6:30 PM IST

লখিমপুৰ, 25 অক্টোবৰ: "চৰকাৰে নীপকোৰ ওপৰত নাকী লগাব যে নোৱাৰে এয়াই প্ৰমাণ ৷ ইমান দিনে নীপকোৱে লখিমপুৰবাসীৰ ওপৰত অত্যাচাৰ চলাই আহিছে ৷ চৰকাৰখন বিফল হৈছে ৷ এই খৰালি কালত লোকসকলে বাম খেতিৰ কাৰণে যা-যোগাৰ কৰিছিল ৷ কিন্তু এতিয়া এই বানে সকোলোবোৰ ছাৰখাৰ কৰিলে ৷ নীপকোৱে একেবাৰকে ইমান পানী এৰাতকৈ অলপ অলপকৈ পানী এৰা হ’লে ৰাইজৰ ইমান ক্ষয়-ক্ষতি নহ’লহেতেন ৷" চৰকাৰৰ ওপৰত এইদৰে তীব্ৰ ক্ষোভ উজাৰিলে স্থানীয় লোকে ৷

Flood in Lakhimpur: নীপকোৱে এৰি দিয়া বানত দিক বিদিক হেৰুৱাইছে লখিমপুৰবাসীয়ে

আৱতৰীয়া বানত পুনৰ বিধস্ত হ’ল লখিমপুৰ (Flood in Lakhimpur)৷ মঙলবাৰে দুপৰীয়াৰ পৰা ৰঙানদীত নীপকোৱে প্ৰকল্পৰ পানী মোকোলাই দিয়াৰ ফলত নদীখনে বলীয়া ৰূপ ধাৰণ কৰি নদীপৰীয়া অঞ্চলত তাণ্ডৱ সৃষ্টি কৰিছে (Ranganodi flood in Lakhimpur)৷ বিশেষকৈ লখিমপুৰৰ চকুলোখ্যাত ৰঙানদীৰ পাৰত থকা অঞ্চলসমূহত হাহাকাৰ পৰিৱেশ সৃষ্টি হৈছে ৷ শেহতীয়াকৈ বাৰিষা কালত উপৰ্যুপৰি বানত বিধ্বস্ত হোৱা জিলাখনৰ ৰাইজে বাৰিষা অন্ত পৰাৰ লগে লগে শান্তিৰে উশাহ লৈছিল যদিও মঙলবাৰে পুনৰ নীপকোৰ সৃষ্ট দুৰ্যোগত অৱস্থা কাঢ়িল হৈ পৰে লোকসকল ৷

নীপকোৱে দুপৰীয়া প্ৰকল্পৰ জলাধাৰত পানীৰ চাপ অত্যধিক হোৱাৰ বাবে পানী মোকোলাই দিয়া হ’ব বুলি লখিমপুৰ জিলা প্ৰশাসনলৈ সতৰ্কবাৰ্তা প্ৰেৰণ কৰে (Flood cause for NEEPCO) ৷ তাৰ পাছতেই নীপকোৱে প্ৰকল্পৰ চাৰি নং গেট খুলি ৰঙানদীত পানী এৰি দিয়ে ৷ প্ৰথমে এশ দুশৰ পৰা আৰম্ভ কৰি গেট খন ১৫ শ মিলিমিটাৰ পৰ্যন্ত খুলি দিয়ে ৷ সন্ধিয়াৰ পূৰ্বে গেটখনেৰে ১৭ শ মিলিমিটাৰ খুলি দিয়ে ৷

এতিয়া প্ৰকল্পটোৱে পানী এৰি দিয়াৰ ফলত কালৰূপ ধাৰণ কৰে ৰঙানদীয়ে ৷ বিশেষকৈ নদীপৰীয়া পাচনৈ অঞ্চলত এই আবতৰীয়া বানে তাণ্ডৱ সৃষ্টি কৰে ৷ পাচনৈত ঘৰ বাৰী, ৰাস্তা-পদুলি বুৰাই পেলায় নদীৰ বানে । খৰালিত অকস্মাতে হোৱা এই প্ৰলয়ংকৰী বানত ক্ষয়ক্ষতিৰ পৰিমাণ বৃদ্ধি পাইছে ৷

কেৱল কৃষিৰ ওপৰতে নিৰ্ভৰশীল অঞ্চলটোৰ ৰবি শস্যৰ ওপৰত এতিয়া একঁকালতকৈয়ো অধিক পানী ৷ শস্যক্ষেত্ৰৰ ওপৰেৰে বৈছে নদীৰ কোবাল সোঁতে ৷ নিজৰ খেতি-বাতি হেৰুৱাই এতিয়া দিক বিদিক হেৰুৱাইছে লোকসকলে ৷

লগতে পঢ়ক: Assam CM Visited old DC office site: ব্ৰহ্মপুত্ৰ নদীমুখ প্ৰকল্পৰ উন্নয়নমূলক কাম-কাজ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.