জোনাই,তেজপুৰ, ২১ জুলাইঃ দেওবাৰে পুৱাই স্থানীয় সাংসদ প্ৰদান প্ৰদান বৰুৱাই জোনাই ৰাজহ চক্ৰৰ অন্তৰ্গত বেৰাচাপৰি, বেৰা বেংগলীত চেঙাজান,অপ্সৰা আদি ঠাইত উপস্থিত হৈ বান খহনীয়াৰ বুজ লয় ৷ সাংসদ প্ৰদান বৰুৱাই বানপীড়়িত অঞ্চলত উপস্থিত হৈয়ে খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা শীঘ্ৰেই গ্ৰহণ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে ৷ সাংসদ প্ৰদান বৰুৱাৰ সৈতে পুৱ জোনাই জিলা পৰিষদৰ সদস্য অতুল পেগু, মিছিং স্বায়ত্ত শাসিত পৰিষদৰ কৰ্মকতাই বান পৰিস্থিতি বুজ লয় ।
ইপিনে গহপুৰত বান কমিল কিন্তু হ্ৰাস পোৱা নাই বানাক্ৰান্তৰ সমস্যা ৷ গহপুৰৰ বৰদলনী অঞ্চলত শিবিৰৰ পৰা ঘৰলৈ উভতি মূৰে-কপালে হাত দিছে বন্যাৰ্তই । ঘৰৰ ভিতৰত বোকা, পানীৰে ভৰপূৰ অতি কৰ্দযময় পৰিবেশ ।