বিহপুৰীয়া,6 মে'ঃ 41 টা বছৰ গৰকিলে নাৰায়ণপুৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনে ৷ ঐতিহ্যমণ্ডিত বিহু সন্মিলনীখনলৈ বহু আশাৰে বাট চাই ৰয় এটা বৃহৎ অঞ্চলৰ লোকে ৷ মহামাৰী কৰ'ণা ভাইৰাছৰ ফলত দেশজুৰি চলা লক্ ডাউনৰ বাবে এইবাৰ প্ৰতিবছৰৰ দৰে উদ্যাপন কৰিব পৰা নহ'ল নাৰায়ণপুৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন ৷ নিয়মমাফিক ৰূপত এইবাৰ অনুষ্ঠিত কৰিব লগা হ'ল ঐতিহ্যমণ্ডিত ৰঙালী বিহু সন্মিলনখন ৷ মঙলবাৰে আনুষ্ঠানিকতা ৰক্ষা কৰি সামাজিক ব্যৱধানৰ মাজেৰে পাঁচ গৰাকী বিষয়ববীয়াৰ উপস্থিতিত বিহু সন্মিলনীৰ পতাকা উত্তোলন কৰি উদ্যাপন কৰে 41 সংখ্যক নাৰায়ণপুৰ কেন্দ্ৰীয় বিহু মেলা ৷
পতাকা উত্তোলনেৰেই সামৰিলে নাৰায়ণপুৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন - কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন
এইবাৰ 41 টা বৰ্ষ গৰকিছে নাৰায়ণপুৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনে ৷ মহামাৰী কৰ'ণা ভাইৰাছৰ ফলত দেশজুৰি চলা লক্ ডাউনৰ বাবে প্ৰতিবছৰৰ দৰে এইবাৰ উদ্যাপন কৰিব পৰা নহ'ল ঐতিহ্যমণ্ডিত নাৰায়ণপুৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন ৷ পতাকা উত্তোলন কৰিয়েই সামৰিব লগা হ'ল বিহু সন্মিলন খনৰ সকলো অনুষ্ঠান ৷