ETV Bharat / state

লখিমপুৰত বিধ্বংসী অগ্নিকাণ্ডত জাহ গ'ল লক্ষাধিক টকাৰ সামগ্ৰী

author img

By

Published : Dec 27, 2020, 1:48 PM IST

লখিমপুৰৰ চিয়াজুলিত নিশা বিধ্বংসী অগ্নিকাণ্ড ৷ জুইত জাহ গ'ল লক্ষাধিক টকাৰ সা-সম্পত্তি ৷ মাজনিশা সংঘটিত অগ্নিকাণ্ডত ভস্মীভূত তিনিখনকৈ দোকান ৷ এখন চাইকেলৰ দোকানত জুইৰ সূত্ৰপাত হৈ কাষৰ দোকানকেইখনলৈ বিয়পি পৰে ৷

fire engulfed three shops in lakhimpur
লখিমপুৰত বিধ্বংসী অগ্নিকাণ্ড

লখিমপুৰ, 27 ডিচেম্বৰ: লখিমপুৰৰ চিয়াজুলিত শনিবাৰে নিশা সংঘটিত এক বিধ্বংসী অগ্নিকাণ্ডত লক্ষাধিক টকাৰ সা-সম্পত্তি ভস্মীভূত হৈছে ৷ বগীনদী আৰক্ষী থানাৰ অন্তৰ্গত চিয়াজুলিত মাজনিশা সংঘটিত এই অগ্নিকাণ্ডৰ ফলত তিনিখনকৈ দোকান জুইত জাহ যায় ৷

মাজনিশা সংঘটিত অগ্নিকাণ্ডত ভস্মীভূত তিনিখনকৈ দোকান

ঘটনাৰ বিৱৰণী অনুসৰি শনিবাৰে নিশা 11 বজাত চিয়াজুলি লীলাবস্তিৰ চুৰামনি উপাধ্যায় নামৰ ব্যক্তি গৰাকীৰ চাইকেলৰ দোকানত প্ৰথমে জুইৰ সূত্ৰপাত ঘটি আৰু তাৰ পাছতে একেলগে থকা এখন ইলেকট্ৰনিকচৰ দোকান আৰু গেলামালৰ দোকানলৈ জুই বিয়পি পৰাত কাষৰ দোকান কেইখন সম্পূৰ্ণৰূপে ভস্মীভূত হয় ৷

আটাইকেইখন দোকানেই চুৰামনি উপাধ্যায় নামৰ ব্যক্তি গৰাকীৰ যদিও ইয়াৰে ইলেকট্ৰনিকচৰ হেম বাহাদুৰ বিশ্বকৰ্মা নামৰ যুৱকজনৰ বুলি জানিব পৰা গৈছে ৷ ভুক্তভোগীয়ে জানিবলৈ দিয়া মতে ঘটনাৰ পাছতে ওচৰ চুবুৰীয়াৰ সহযোগত দোকানৰ মালিকে জুই নুমুৱাবলৈ চেষ্টা কৰি ব্যৰ্থ হোৱাত গোটেই নিশা জুইকুৰা জ্বলি দোকান গৃহৰ লগতে দোকান কেইখনত থকা লক্ষাধিক টকাৰ সা সম্পত্তি ভস্মীভূত হয় ৷

লগতে পঢ়ক:বগীনদীত দ্বিতীয়খন পকী দলং নিৰ্মানৰ জৰীপ আৰম্ভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.