লখিমপুৰ,৫ জানুৱাৰী : লখিমপুৰ জিলাত ভয়ংকৰ ঘটনা সংঘটিত হৈছে । ১৮ বছৰীয়া পুত্ৰক প্ৰথমে হত্যা কৰি পিছত পিতৃয়ে আত্মহত্যা কৰাৰ এক ঘটনা পোহৰলৈ আহিছে । ঘটনাটোক লৈ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।
বৃহস্পতিবাৰে নিশা লখিমপুৰৰ বগীনদী থানাৰ অন্তৰ্গত ২ নং শেনচোৱা গাঁৱত এই লোমহৰ্ষক ঘটনাটো সংঘটিত হৈছে । জানিব পৰা মতে গাঁওখনৰ বাসিন্দা অম্বুৰাম সোণোৱালৰ ঘৰত নিশা কাজিয়াৰ সূত্ৰপাত হৈছিল । পুত্ৰ দিম্পুল সোণোৱালৰ সৈতে কোনো কথাক লৈ অম্বুৰামৰ কাজিয়া হৈছিল । কিন্তু এই কাজিয়াই পৰৱৰ্তী সময়ত ভয়ংকৰ ৰূপ লয় । যাৰ পৰিণতি স্বৰূপে এই ঘটনাটো সংঘটিত হয় ।
একাংশ স্থানীয় লোকে সন্দেহ কৰা মতে পাৰিবাৰিক কাৰণতে এই কাজিয়াৰ সূত্ৰপাত হৈছিল । স্থানীয় লোকসকলে সন্দেহ কৰা মতে কাজিয়াৰ পৰিণতি স্বৰূপে অম্বুৰামে ১৮ বছৰীয়া পুত্ৰক দাৰে ঘপিয়াই আক্ৰমণ কৰে । ফলস্বৰূপে পুত্ৰ দিম্পুলৰ মৃত্যু হয় । কিন্তু পুৱা স্থানীয় লোকে ঘৰৰ ভিতৰত পুত্ৰৰ মৃতদেহ তেজেৰে লুতুৰি পুতুৰি অৱস্থাত আৰু পিতৃৰ মৃতদেহ চিপ লোৱা অৱস্থাত উদ্ধাৰ কৰে । পুত্ৰ দিম্পুলৰ মূৰত আঘাতৰ দাগ স্পষ্ট আছিল । লগে লগে স্থানীয় লোকসকলে আৰক্ষীক খবৰ দিয়ে ।
শুকুৰবাৰে পুৱাই বগীনদী আৰক্ষীৰ লগতে দণ্ডাধীশ ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰে । লগতে পিতা-পুত্ৰৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্তও আৰম্ভ কৰিছে । ইফালে এই ঘটনাক লৈ উদ্বিগ্ন হৈ পৰিছে গাঁওখনৰ ৰাইজ । ইফালে পৰিয়ালটোৰ লগতে গাঁওখনত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে । একাংশ লোকে জনোৱা মতে পিতৃ অম্বুৰাম মানসিকভাৱে কিছু অসুস্থ আছিল ।
লগতে পঢ়ক :অৰ্কেষ্ট্ৰা নৃত্যশিল্পীক ধৰ্ষণ দুই নিচাসক্ত যুৱকৰ