ETV Bharat / state

পথাৰত চিৰাল ফাঁট : খৰাঙে সপোন ভাঙিলে বিহপুৰীয়াৰ কৃষকৰ - farmer appeals for help due to drought situation in Bihpuria

প্ৰকৃতাৰ্থত কৃষকে হাড়ভঙা পৰিশ্ৰমৰ মূল্য পায় নে ? কিন্তু হিচাপ কৰিলে সেই প্ৰশ্নৰ উত্তৰত দেখা যায় খেতিৰ শেষত কৃষকে এটা বৃহৎ শূন্যহে লাভ কৰে ৷ বিহপুৰীয়াৰ পুহমহীয়া পথাৰত দেখিবলৈ পোৱা গৈছে বিপৰীত ছবি ৷ বিঘাই বিঘাই নষ্ট হ'ল গাঁঠিৰ ধন ভাঙি কৰা আলু খেতি ৷ চিৰাল ফাঁট মেলিছে খেতিপথাৰত (Drought situation in Bihpuria) ৷

drought-situation-in-bihpuria-farmer-appeals-for-help-to-agriculture-department
তিনি মহীয়া খৰাঙে সপোন ভাঙিলে বিহপুৰীয়াৰ কৃষকৰ
author img

By

Published : Jan 3, 2022, 11:32 AM IST

বিহপুৰীয়া, 3 জানুৱাৰী : ধান খেতি কৰি এজন কৃষকৰ কিমান লাভ হয়, সেয়া হয়তো প্ৰতিগৰাকী সচেতন ব্যক্তিৰ সহজে অনুমেয় । কিন্তু এইবাৰ ধান খেতিৰ কথা ক'বলৈ যোৱা নাই ৷ সম্প্ৰতি আলু খেতি কৰি কৃষকে মূৰে-কপালে হাত দিছে ৷ ইয়াৰ কাৰণ হৈছে পথাৰত দেখা দিয়া চিৰাল ফাঁট ৷

বিহপুৰীয়াত পুহমহীয়া পথাৰত কৃষকৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি ৷ কাৰণ বৰষুণৰ অভাৱত আলু খেতি কৰিবলৈ পথাৰত নাই পৰ্যাপ্ত পৰিমাণৰ পানী ৷ যাৰ বাবে এতিয়া মূৰে-কপালে হাত দিবলগীয়া হৈছে বিহপুৰীয়াৰ অধিকাংশ কৃষকে ৷ চৰকাৰী জলসিঞ্চন বিভাগৰ পয়ালগা অৱস্থা (Poor Condition of Irrigation department) ৰ ফল ভূগিছে কৃষকসকলে ৷ দীৰ্ঘদিন ধৰি অঞ্চলটোত বৰষুণ নোহোৱাত পথাৰত মেলিছে চিৰাল ফাঁট (Drought situation in Bihpuria) ৷

খৰাঙে সপোন ভাঙিলে বিহপুৰীয়াৰ কৃষকৰ

বৰষুণৰ অভাৱত চিৰাল ফাঁট মেলা পথাৰত কৃত্ৰিম পদ্ধতিৰে পানী দিয়াৰ বাবেও নাই কোনো পৰ্যাপ্ত ব্যৱস্থা ৷ নাই চৰকাৰী জলসিঞ্চন বিভাগৰ সুবিধা ৷ ইফালে পেট্ৰ’ল-ডিজেল আদি ইন্ধনজাত সামগ্ৰীৰে চালিত মেচিন চলাই পথাৰত পানী যোগান ধৰিবলৈও আৰ্থিকভাৱে টনকিয়াল নহয় অঞ্চলটোৰ কৃষক ৷ পানীৰ অভাৱত বিহপুৰীয়াৰ অধিকাংশ কৃষকে গাঁঠিৰ ধন ভাঙি কৰা আলু খেতি বিঘাই বিঘাই নষ্ট হৈছে ৷ যাৰ বাবে উপায়ন্তৰ হৈ মূৰে-কপালে হাত দিবলগীয়া অৱস্থা হৈছে কৃষকসকলৰ ৷

"কি কম, কাক ক'লে কোনে বুজিব" ৰ দৰে ওৱাদিহ নোপোৱা অৱস্থাৰ সন্মুখীন হৈছে কৃষকসকল ৷ যাৰ বাবে খৰাং পীড়িত বিহপুৰীয়াৰ কৃষকসকলে মুখ্যমন্ত্ৰী, কৃষি মন্ত্ৰী আৰু কৃষি বিভাগক পথাৰত পানী যোগানৰ ক্ষেত্ৰত ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে (Bihpuria's farmer appeals for help from Agriculture department) ৷

বিহপুৰীয়াত দেখা দিয়া এই খৰাং পৰিস্থিতিয়ে উদঙাইছে চৰকাৰী নেতা-আমোলাৰ মুখত আখৈ ফুটাদি ফুটা কৃষি বিভাগৰ আমোল পৰিবৰ্তনৰ প্ৰকৃত ছবিখন ৷

লগতে পঢ়ক : অসমৰ ৪ হাজাৰ বৰ্গ কিলোমিটাৰ তৈলক্ষেত্ৰ নিলাম কৰিব দিল্লীয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.