ETV Bharat / state

সচিবালয়ৰ দেৱালত NO MORE DAMS লিখি গ্ৰেপ্তাৰ হ’ল শিল্পী নীলিম মহন্ত

author img

By

Published : Mar 28, 2022, 8:55 AM IST

চিত্ৰশিল্পী নীলিম মহন্তক গ্ৰেপ্তাৰ । অৰুণাচলত পঞ্জীয়ন হোৱা এক গোচৰৰ ভিত্তিত লখিমপুৰৰ আৰক্ষীৰ সহযোগত দেওবাৰে নিশা অৰুণাচল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে শিল্পীজনক ।

Graffiti Artist Nilim Mahanta
দেৱালত লিখি অৰুণাচল আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ চিত্রশিল্পী নীলিম মহন্ত

লখিমপুৰ, 28 মাৰ্চ : অৰুণাচলৰ সচিবালয়ৰ দেৱালত NO MORE DAMS লিখি গ্ৰেপ্তাৰ হ’ল শিল্পী নীলিম মহন্ত(Artist Nilim Mahanta Arrested By Arunachal Police) । অৰুণাচলৰ বৃহৎ নদীবান্ধৰ বিৰোধী শিবিৰৰ আমন্ত্ৰণ ক্ৰমে শনিবাৰে নিশা দেৱাল লিখন কৰিছিল নীলিম মহন্তই । ভাৰতবৰ্ষৰ ভিতৰতে অন্যতম উচ্চ দেৱালৰূপে পৰিগণিত অৰুণাচল প্ৰদেশৰ ৫০ সংখ্যক বৰ্ষপূৰ্তিত(50 years of Arunachal Pradesh’s formation) সচিবালয়ৰ দেৱালত নদীবান্ধে কেনেদৰে ৰাজ্যখনক সমৃদ্ধ কৰিছে সেই সন্দৰ্ভত চৰকাৰীভাৱে চিত্ৰ অংকন কৰা হৈছিল ।

Graffiti Artist Nilim Mahanta
চিত্রশিল্পী নীলিম মহন্ত

সেই দেৱালৰ চিত্ৰৰ ওপৰতে NO BIG DAM লিখাৰ অভিযোগ চিত্ৰশিল্পীগৰাকীৰ বিৰুদ্ধে । এই সন্দৰ্ভত ইটানগৰ আৰক্ষী থানাত ৮০/২২ নম্বৰৰ আৰু ৪২৫/৩৪/৩ পি ডি পি পি জামিনবিহীন ধাৰাত তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু হয় । আনহাতে অৰুণাচলৰ যিটো বান্ধ বিৰোধী শিবিৰৰ আমন্ত্ৰণ ক্ৰমে নীলিম মহন্তই দেৱাল লিখন কৰিবলৈ গৈছিল সেই শিবিৰৰ এজন নেতাকো ইতিমধ্যে গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে ।

Graffiti Artist Nilim Mahanta
দেৱালত লিখন গ্ৰেপ্তাৰ চিত্রশিল্পী নীলিম মহন্ত

এই সমগ্ৰ বিষয়টো অৰুণাচল চৰকাৰৰ বাবে সন্মানৰ বিষয় হিচাপে পৰিগণিত হৈছে আৰু সেয়ে চৰকাৰে ক্ষীপ্ৰতাৰে ব্যৱস্থা গ্ৰহণ কৰিছে ।

চিত্রশিল্পী নীলিম মহন্তৰ সতীৰ্থ

দেওবাৰে নিশা লখিমপুৰ আৰক্ষীৰ সহযোগত শিল্পী নীলিম মহন্তক তেওঁৰ লখিমপুৰ নগৰৰ সমীপৰ চৰাইমৰীয়াৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰি অৰুণাচললৈ নিয়ে আৰক্ষীয়ে । চিত্ৰশিল্পী নীলিম মহন্তক গ্ৰেপ্তাৰ পাছতেই অৰুণাচল আৰক্ষীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ভিন্ন মহলত । শিল্পীৰ স্বাধীনতাত হস্তক্ষেপ কৰা বুলিও ধিক্কাৰ দিছে শিল্পীগৰাকীৰ সতীৰ্থ-শুভাকাংক্ষীয়ে ।

লগতে পঢ়ক : গৃহচহৰতে আক্ৰমণৰ বলি হ’ল বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.