ETV Bharat / state

নাওবৈচাত জালনোট বনোৱা মেচিনসহ গ্ৰেপ্তাৰ অভিযুক্ত

author img

By

Published : Oct 4, 2020, 8:52 PM IST

শনিবাৰে আৰক্ষীয়ে চলোৱা এক যুটীয়া অভিযানত নাওবৈচাৰ ডিজুপথাৰৰ পৰা নকল টকা বনোৱা মেচিনসহ গ্ৰেপ্তাৰ এজন লোকক ৷ ধৃত লোকজন হবিবুৰ ৰহমান (৩৪) বুলি জানিবলৈ দিছে আৰক্ষীয়ে ৷

মেচিনসহ গ্ৰেপ্তাৰ অভিযুক্ত
মেচিনসহ গ্ৰেপ্তাৰ অভিযুক্ত

নাওবৈচা, 4 অক্টোবৰ: লখিমপুৰৰ খেলমাটি আৰু চিলনীবাৰী আৰক্ষীয়ে গোপন সুত্ৰৰ ভিত্তিত শনিবাৰে নিশা চলোৱা এক যুটীয়া অভিযানত, ডিজুপথাৰৰ পৰা 10 লাখ টকা জালনোট, নকল টকা বনোৱা মেচিনসহ হবিবুৰ ৰহমান (৩৪) নামৰ অভিযুক্ত এজনক গ্ৰেপ্তাৰ কৰে ৷ আৰক্ষীয়ে ধৃত লোকজনৰ পৰা 10 লাখ টকাৰ ৫০০ টকীয়া নোটৰ বাণ্ডিল জব্দ কৰে ৷ লগতে এটা মোবাইলো জব্দ কৰে আৰক্ষীয়ে ৷ অভিযুক্ত জনৰ বিৰুদ্ধে ৯২০/২০২০নম্বৰত ভাৰতীয় দণ্ড বিধি আইন অনুসৰি ১২০ (বি) ৪৬৮, ৪৮৯ (বি)/৪৮৯ নম্বৰত এটা গোচৰ ৰুজু কৰি জেল হাজোতলৈ প্ৰেৰণ কৰা হৈছে ৷

নাওবৈচাত জালনোট বনোৱা মেচিনসহ গ্ৰেপ্তাৰ অভিযুক্ত

উল্লেখ্য যে, লখিমপুৰ জিলাৰ নাওবৈচাত নকল নোট প্ৰস্তুত কৰাৰে ধৰি সোণৰ চোৰাং বেহাৰ এক বৃহৎ চক্ৰ থকাৰ বিষয়ে ভিন্ন সয়মত বাতৰি প্ৰচাৰ হৈ আহিছে ৷ ইয়াৰ পূৰ্বেও সেই স্থানৰ পৰা সোণ সৰবৰাহকে ধৰি নকল নোটৰ ব্যৱসায়ৰ বহু অভিযোগ পোহৰলৈ আহিছিল ৷

লগতে পঢ়ক: গোলাঘাটত অবৈধ সুৰা সহ 3 জনক আটক আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.