লখিমপুৰৰ, ১৭ মে': ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ লখিমপুৰতো আৰম্ভ হৈছে বানৰ বিভীষিকা(Flood in Lakhimpur) । ৰঙানদীত নীপকোৱে প্ৰকল্পৰ পানী মেকোলাই দিয়াৰ পাচতেই জিলাখনত বানৰ সৃষ্টি হয় । যোৱা দুদিন ধৰি একেৰাহে পানী এৰি দিয়াৰ পাছত দেওবাৰে নিশা ছেকেণ্ডত এহেজাৰ ঘনমিটাৰ পৰ্যন্ত পানী এৰি দিয়ে নীপকোৱে ।
নীপকোৱে পানী এৰি দিয়াৰ সময়ত দুৰ্যোগৰ আশংকা কৰি নদী পৰীয়া ৰাইজক সতৰ্ক কৰিবলৈ ঘনে ঘনে চাইৰেণ বজায় । ধাৰাসাৰ বৰষুণৰ লগতে নীপকোৱে পানী এৰি দিয়াৰ ফলত ৰুদ্ৰ মূৰ্তি ধৰা ৰঙানদীয়ে নগৰখনৰ নামনিৰ দিশে পাঁচ খনকৈ কাঠ আৰু বাঁহৰ দলং উটুৱাই নিয়ে । পাঁচ নৈ সংযোগী দলং খনো যি কোনো মূহুর্তত উটুৱাই নিয়াৰ আশংকা কৰিছে ৰাইজে । নদী পৰীয়া বহু অঞ্চলত আৰম্ভ হৈছে বান সংকট ।
কেৱল ৰঙানদীয়েই নহয় । লখিমপুৰৰ প্ৰায়বোৰ নদীৰ জলপৃষ্ঠই বিপদজনক ৰূপ ধাৰণ কৰিছে । সোৱণশিৰি, ডিক্ৰং,পাভ আদি নদীৰ জলস্তৰে বিপদসীমা অতিক্রম কৰিছে । নাওবৈচা অঞ্চলত পাভ, শিঙৰা আৰু গাভৰু নৈয়ে তাণ্ডৱ সৃষ্টি কৰিছে লখিমপুৰত । ক্ষতিগ্রস্ত হৈছে প্ৰায় পাঁচ শতাধিক পৰিয়াল ।
সোমবাৰৰ সন্ধ্যা পৰ্যন্ত জিলা প্ৰশাসনে প্ৰকাশ কৰা তথ্য মতে জিলা খনত ২৮ খনকৈ গাঁও বানৰ কবলত পৰাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে । ছয় হেজাৰৰো অধিক লোক ক্ষতিগ্রস্ত হৈছে বানত । একেদৰে পশুধনৰো হৈছে বিস্তৰ ক্ষতি । কেইবাশ হেক্টৰ কৃষিভূমি বানৰ ফলত ক্ষতিগ্ৰস্ত হোৱাৰ তথ্য পোৱা গৈছে ।
লগতে পঢ়ক: কাৰ্তি চিদাম্বৰমৰ বাসগৃহ আৰু কাৰ্যালয়ত CBIৰ অভিযান