ETV Bharat / state

Massive erosion in Lakhimpur: লখিমপুৰত সোৱণশিৰিৰ প্ৰৱল খহনীয়া; শংকিত নৈপৰীয়া ৰাইজ - সোৱণশিৰিৰ প্ৰৱল খহনীয়া অব্য়াহত

ৰাজ্য়ৰ বিভিন্ন ঠাইত এতিয়া বানৰ প্ৰকোপ । বানে ক্ষতি কৰাৰ লগতে ঠাই বিশেষে মথাউৰিৰ প্ৰতিও আনিছে ভাবুকি । লখিমপুৰ নগৰৰ সমীপৰ বধাকৰাতো সোৱণশিৰি নৈয়ে মথাউৰিৰ প্ৰতি অনা ভাবুকিয়ে কেৱল সেই অঞ্চলৰ বাবেই নহয় লখিমপুৰ নগৰৰ প্ৰতিও দুৰ্যোগৰ আশংকা নমাইছে ।

Erosion terror in Lakhimpur
সোৱণশিৰিৰ প্ৰৱল খহনীয়া অব্য়াহত
author img

By ETV Bharat Assamese Team

Published : Aug 29, 2023, 2:13 PM IST

সোৱণশিৰিৰ প্ৰৱল খহনীয়া অব্য়াহত

লখিমপুৰ, ২৯ আগষ্ট: লখিমপুৰ জিলাত সোৱণশিৰিৰ প্ৰৱল খহনীয়া অব্য়াহত আছে । এই প্ৰৱল খহনীয়াৰ ফলত উচন হৈছে বহুতো পৰিয়ালৰ ঘৰ-বাৰী । জিলাখনৰ বিস্তীৰ্ণ এলেকাৰ শস্য ক্ষেত্র জাহ গৈছে নদীৰ বুকুত । দুৰ্দশাই যেন লগ এৰা দিয়া নাই লখিমপুৰবাসীক । লখিমপুৰৰ বধাকৰাত মথাউৰিৰ প্ৰতি ভাবুকি কঢ়িয়াইছে সোৱণশিৰিয়ে । সেইবাবে শংকিত হৈছে নৈপৰীয়া ৰাইজ । ৰাইজে বাৰম্বাৰ মথাউৰিটোৰ সুৰক্ষাৰ ব্যৱস্থা কৰিবলৈ দাবী জনাই আহিছে যদিও জনপ্ৰতিনিধিয়ে ব্য়ৱস্থা গ্ৰহণ নকৰাত ক্ষোভ প্ৰকাশ কৰিছে ।

ৰাজ্যৰ চৌদিশে বানৰ প্ৰকোপৰ সমানে খহনীয়ায়ো সৃষ্টি কৰিছে উপৰ্যুপৰি দুৰ্যোগ । পুনৰ বানৰ কবলত পৰা জিলাখন বিস্তৰ ক্ষতিৰ সন্মুখীন হৈছে । পথ, সুৰক্ষা বান্ধ আদিৰ ক্ষতি হোৱাৰ সমানে মথাউৰিৰ প্ৰতিও ভাবুকি আনিছে কেইবাখনো নৈয়ে । জিলাখনৰ আন কেবাখনো নৈৰ লগতে সোৱণশিৰিয়েও কেইবাঠাইতো মথাউৰিৰ প্ৰতি ভাবুকি আনিছে । বিশেষকৈ নগৰৰ সমীপত বধাকৰা অঞ্চলত নৈখন আগুৱাই আহি মথাউৰিত খুন্দিয়াইছে ।

এই অঞ্চলটোৰ বহু কৃষি ভূমি ইতিমধ্যে নৈখনে গ্ৰাস কৰাৰ পাছত এইবাৰ মথাউৰিৰ প্ৰতি ভাবুকি আনিছে । মথাউৰিটো খহাব লাগিলে বৃহৎ এক অঞ্চলসহ লখিমপুৰ নগৰ পৰ্যন্ত বিপদাপন্ন হ'ব । উক্ত এলেকাত মথাউৰিটোৰ সুৰক্ষাৰ ব্যৱস্থা ল'বলৈ ৰাইজে বহুদিনৰ পৰা দাবী জনাই আহিছে যদিও চৰকাৰ অথবা সংশ্লিষ্ট বিভাগে কাণসাৰ দিয়া নাই । পৰিণতিত নৈখনে ভয়াবহ দুৰ্যোগৰ আশংকা নমাইছে । যাৰ বাবে এতিয়া শংকিত নদীপৰীয়া ৰাইজ ।

এনে ভয়াবহ দুৰ্যোগৰ সন্মুখীন হৈ ৰাইজ ক্ষুদ্ধ হৈ পৰিছে । একাংশ লোকে মথাউৰিটোতেই চৰকাৰ,জন প্ৰতিনিধিৰ বিৰুদ্ধে শ্লোগান দি তৎকালীনভাৱে মথাউৰিটোৰ সুৰক্ষাৰ ব্যৱস্থা কৰি ৰাইজৰ জীৱন সম্পত্তি ৰক্ষাৰ দাবী জনাইছে । ৰাইজৰ জীৱন সম্পত্তি ৰক্ষা নকৰিলে উক্ত এলেকাৰ ৰাইজে আগন্তুক নিৰ্বাচনত ভোট বৰ্জনৰো হুংকাৰ দিয়ে ।

লগতে পঢ়ক: Flood at Biswanath:বিশ্বনাথত বানৰ তাণ্ডৱ,এশ বিঘাতকৈ অধিক কৃষি ভূমি ক্ষতিগ্ৰস্ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.