ETV Bharat / state

ব্ৰহ্মপুত্ৰৰ ভয়াৱহ গৰাখহনীয়াৰ কৱলত নাৰায়ণপুৰৰ এটা বৃহৎ অঞ্চল - জামুগুৰি

এফালৰ পৰা ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই খহাই নিছে নাৰায়ণপুৰৰ বনপুৰৈ-জামুগুৰি অঞ্চল ৷ আপোন ঘৰখন ভাঙি নিৰাপদ স্থানৰ অপেক্ষাত দুৰ্ভগীয়া জনতা ৷ চৰকাৰ তথা জন প্ৰতিনিধিৰ সহায়ৰ পৰা বঞ্চিত হোৱা অঞ্চলবাসীয়ে উপায়হীন হৈ ব্ৰহ্মপুত্ৰৰ বুকুত জাপ দিয়াৰ দৰে বেদনাদায়ক মন্তব্য কৰে ৷

erosion in banpuroi jamuguri narayanpur
ব্ৰহ্মপুত্ৰৰ ভয়াৱহ গৰাখহনীয়াৰ কৱলত নাৰায়ণপুৰৰ এটা বৃহৎ অঞ্চল
author img

By

Published : Nov 20, 2020, 1:38 PM IST

বিহপুৰীয়া,20 নৱেম্বৰ : লখিমপুৰৰ নাৰায়ণপুৰৰ বনপুৰৈ-জামুগুৰিত চপৰা চপৰে খহিছে ব্ৰহ্মপুত্ৰৰ গৰা ৷ নাই জীৱন-সম্পত্তিৰ নিৰাপত্তা ৷ আপোন ঘৰখন নিজ হাতে ভাঙি নিৰাপদ স্থানৰ সন্ধানত আছে বনপুৰৈ-জামুগুৰিবাসী ৷ চকুলোৰে বাট নেদেখা হৈছে দুৰ্ভগীয়া ৰাইজে ৷ নদীৰ বুকুত সম্পূৰ্ণ এফাল জাহ গৈছে বৃহত্তৰ অঞ্চলটোৰ ৰক্ষাকৱচস্বৰূপ জামুগুৰি-আৰিমৰা সংযোগী মথাউৰিটো ৷ ফলত এতিয়া নৈপৰীয়া জনতাৰ মাজত কান্দোনৰ ৰোল ৷

ব্ৰহ্মপুত্ৰৰ ভয়াৱহ গৰাখহনীয়াৰ কৱলত নাৰায়ণপুৰৰ এটা বৃহৎ অঞ্চল

উল্লেখ্য যে, বিগত 28 জুলাইত অঞ্চলটোৰ 3 নং চেক বান্ধত উপস্থিত হৈ মথাউৰিটো ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি দিছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ সেই প্ৰতিশ্ৰুতি অসাৰ প্ৰতিপন্ন হোৱাৰ পাচত পুনৰ 30 অক্টোবৰত তেওঁ বিহপুৰীয়ালৈ গৈ বনপুৰৈ-জামুগুৰিলৈ প্ৰায় 10 কোটি টকা আৱণ্টনৰ কথা ঘোষণা কৰে ৷ কিন্তু আজি পৰ্যন্ত দুৰ্ভগীয়া নৈপৰীয়াই নিৰাপত্তা লাভৰ ক্ষেত্ৰত লাভ নকৰিলে কোনো সুবিধা ৷ দুৰ্ভাগ্যবশতঃ এতিয়া বৃহত্তৰ বনপুৰৈ-জামুগুৰিবাসীয়ে হেঁপাহৰ ঘৰখন ভাঙি জীৱনৰ নিৰাপত্তাৰ স্বাৰ্থত অকণমান নিৰাপদ স্থান লাভ কৰাৰ আশাৰে অপেক্ষা কৰি আছে ৷

কেৱল সেয়াই নহয়, শিক্ষাৰ ক্ষেত্ৰত আগবঢ়া অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীসকলো শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত হৈ আছে ৷ ঘৰখন ভঙাৰ ফলত পাঠ্যপুথি আৰু ইউনিফৰ্মৰ অভাৱত তেওঁলোকে যাব পৰা নাই বিদ্যালয়লৈ ৷ এমুঠি আহাৰ, আশ্ৰয়স্থলৰ অভাৱত উজাগৰী নিশা কটোৱা অঞ্চলটোত এই পৰ্যন্ত পদাৰ্পণ কৰা নাই স্থানীয় বিধায়ক ৷ সেয়েহে উপায়হীন হৈ ক্ষোভিত ৰাইজে ব্ৰহ্মপুত্ৰৰ বুকুত জাপ দিব বুলি বেদনাদায়ক মন্তব্য কৰে ৷

লগতে পঢ়ক : আত্মৰক্ষাৰ প্ৰশিক্ষণৰ আহ্বান জনাই প্ৰধনমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কণমানি ছাত্ৰীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.