ETV Bharat / state

বিদ্যুতৰ বিলক লৈ উত্তপ্ত লখিমপুৰ - লখিমপুৰৰ হিন্দু গাঁও

লখিমপুৰৰ হিন্দু গাঁৱত, বিদ্যুত বিলৰ অত্যধিক ধনক লৈ মঙলবাৰে অতিষ্ঠ হৈ পৰিল ৰাইজ । ৰাইজৰ অভিযোগ, ব্যৱহাৰত কৈ অধিক আহে মাহিলি বিল ।

বিদ্যুতৰ বিলক লৈ উত্তপ্ত লখিমপুৰ
বিদ্যুতৰ বিলক লৈ উত্তপ্ত লখিমপুৰ
author img

By

Published : Mar 17, 2020, 8:33 PM IST

লখিমপুৰ, 17 মাৰ্চ : আপোনাৰ ঘৰৰ মাহিলি বিদ্যুতৰ বিল কিমান আহিব পাৰে । যদিহে অত্যধিক হয় তেনেহলে কি কৰিব আপুনি !

অনুৰূপ ঘটনাই সংঘটিত হৈছে লখিমপুৰত ৷ লখিমপুৰৰ হিন্দু গাঁৱত, বিদ্যুত বিলৰ অত্যধিক ধনক লৈ মঙলবাৰে অতিষ্ঠ হৈ পৰে স্থানীয় ৰাইজ । ৰাইজৰ অভিযোগ, হিচাপতকৈ অধিক আহে মাহিলি বিল । যাৰ বাবে হাৰাশাস্তিৰ সন্মুখীন হৈ আহিছে স্থানীয় ৰাইজ । ঘটনা সন্দৰ্ভত বিদ্যুৎ বিভাগক বাৰম্বাৰ অভিযোগ দাখিল কৰিও এতিয়ালৈকে কোনো সুফল পোৱা নাই গাঁৱৰ ৰাইজে ।

বিদ্যুতৰ বিলক লৈ উত্তপ্ত লখিমপুৰ

এনে অৱস্থাত বুধবাৰে ৰাইজে আৱদ্ধ কৰিলে মাহিলি বিল দিবলৈ অহা বিদ্যুত বিভাগৰ কৰ্মচাৰীক । ৰাইজৰ দাবী বিদ্যুৎ বিভাগে তদন্ত কৰক সমগ্ৰ ঘটনাৰ । ৰাইজৰ ঘৰে ঘৰে মিটাৰৰ ৰিডিং নিবলৈ নাহে কৰ্মচাৰী । যাৰ বাবে সকলো সন্মুখীন হৈছে এই সমস্যাৰ । ঘটনাৰ পিছতে অঞ্চলটোত উপস্থিত হয় বিদ্যুৎ বিভাগৰ উচ্চ পৰ্যায়ৰ কৰ্মচাৰী । ঘটনাৰ সন্দৰ্ভত বিভাগীয় বিষয়াই ৰাইজক তদন্তৰ আশ্বাস প্ৰদান কৰে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.