লখিমপুৰ,২০ মাৰ্চ: লখিমপুৰত বিভিন্ন ৰাজনৈতিক দলৰ লগতে নিৰ্দলীয় প্ৰাৰ্থীসকলৰ প্ৰচাৰ তুংগত উঠিছে । দলীয় প্ৰাৰ্থীসকলৰ হৈ প্ৰচাৰত নামিছে হেভীৱেইট নেতাৰ পৰা শিল্পীলৈ । কংগ্ৰেছৰ ৰিপুণ বৰা, গৌৰৱ গগৈ, ৰকিবুল হুছেইন আদিয়ে প্ৰচাৰ চলোৱাৰ বিপৰীতে বিজেপি প্ৰাৰ্থীৰ হৈ প্ৰচাৰত নামিছে মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা আদি শক্তিশালী নেতা । নেতাৰ প্ৰচাৰ অভিযানত বিৰোধী দলক তীব্র আক্ৰমণ কৰি ভোটাৰৰ মন জয় কৰাৰ প্ৰয়াস কৰিছে ।
তেনেদৰে প্ৰচাৰ অভিযানত শিল্পীক অংশগ্রহণৰে ভোটাৰক আকৰ্ষিত কৰাৰ চেষ্টা অব্যাহত আছে । শনিবাৰে বিজেপি প্ৰাৰ্থী মানৱ ডেকাৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰে শিল্পী যতীন বৰাই ৷ বৰাই ডেকাৰ বিজয় নিশ্চিত বুলি কোৱাৰ লগতে ২০২১ ত ৰাজ্যত বিজেপিয়েই পুনৰ চৰকাৰ গঠন কৰিব বুলি কয় ।
দলীয় প্রার্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই সাংসদ গৌৰৱ গগৈয়েও বিজেপিক তুলাধূনা দিয়ে । তেওঁ মন্ত্রী হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণ কৰি কয় যে, কংগ্ৰেছে এই নিৰ্বাচনত চৰকাৰ গঠন কৰিব আৰু কাম নাইকিয়া হোৱা হিমন্ত বিশ্ব শৰ্মাক অৱসৰ বিনোদনৰ বাবে বাংলাদেশলৈ যাবলৈ কংগ্ৰেছে টিকট কৰি দিব । মিত্রজোঁটৰ পৰা বিগত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰি লখিমপুৰ সমষ্টি দখল কৰা বিধায়ক উৎপল দত্তয়ো এইবাৰ মিত্ৰজোঁটৰ টিকটৰ পৰা বঞ্চিত হৈ অগপৰ পৰাই প্ৰতিদ্বন্দ্বিতা কৰিছে ।
মিত্ৰজোঁটৰ প্ৰতি ক্ষোভ উজাৰি দত্তই কয় যে, লখিমপুৰত মিত্ৰতা আৰু বন্ধুত্ব সুলভ সৰ্ম্পক একো নাই । নিজা শক্তিৰে যুঁজ দি মই সমষ্টি দখল কৰিম । লখিমপুৰত বৰ্তমান এনে ভিন্ন দৃশ্যপটেৰে চলিছে তীব্র নিৰ্বাচনী প্ৰচাৰ । বিভিন্ন দলৰ প্ৰাৰ্থী তথা নেতাৰ এনে তুংগত উঠা নিৰ্বাচনী প্ৰচাৰ যুঁজখনত কোন সফল হয় সেয়া ২৭ মাৰ্চত ভোটাৰে নিৰ্ণয় কৰিব ।
লগতে পঢ়ক: লখিমপুৰত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত সৰ্বানন্দ সোণোৱাল