ETV Bharat / state

মাধৱদেৱ বিশ্ববিদ্যালয়ত উপস্থিত হৈ কি ক’লে শিক্ষামন্ত্ৰীয়ে? - নাৰায়ণপুৰত ৰণোজ পেগু

শনিবাৰে নাৰায়ণপুৰৰ মাধৱদেৱ বিশ্ববিদ্যালয়ত উপস্থিত হৈ প্ৰস্তাৱিত মাধৱদেৱ বিশ্ববিদ্যালয়ক দেশৰ ভিতৰতে এখন আগশাৰীৰ বিশ্ববিদ্যালয় হিচাপে গঢ়ি তোলাৰ কথা ঘোষণা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ ৷ লগতে সদ্য প্ৰাদেশীকৃত শিক্ষকসকলে পাবলগীয়া দৰমহা আৰু বঞ্চিত শিক্ষকসকলৰ পদ শীঘ্ৰেই প্ৰাদেশিকীকৰণ কৰাৰ কথা উল্লেখ কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে ৷

ranoj-pegu-visited-to-madhabdev-university
মাধৱদেৱ বিশ্ববিদ্যালয়ত ডাঃ ৰণোজ পেগু
author img

By

Published : May 16, 2021, 2:16 PM IST

বিহপুৰীয়া,16 মে’ : শিক্ষামন্ত্ৰীৰ দায়িত্ব লাভ কৰাৰ পাচতে শনিবাৰে প্ৰথমবাৰৰ বাবে নাৰায়ণপুৰৰ মাধৱদেৱ বিশ্ববিদ্যালয়ত উপস্থিত হয় ডাঃ ৰণোজ পেগু ৷ মহাপুৰুষ মাধৱদেৱৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি সেৱা লয় মন্ত্ৰীগৰাকীয়ে ।

মাধৱদেৱ বিশ্ববিদ্যালয়ত ডাঃ ৰণোজ পেগু

ইয়াৰ পাচতে বিশ্ববিদ্যালয়খনৰ প্ৰেক্ষাগৃহত আয়োজন কৰা এখন সম্বৰ্ধনা সভাত অংশগ্ৰহণ কৰি শিক্ষামন্ত্ৰীগৰাকীয়ে প্ৰস্তাৱিত মাধৱদেৱ বিশ্ববিদ্যালয়ক দেশৰ ভিতৰতে এখন আগশাৰীৰ বিশ্ববিদ্যালয় হিচাপে গঢ়ি তোলাৰ কথা ঘোষণা কৰে । বিশ্ববিদ্যালয়খনৰ প্ৰয়োজনীয় আন্তঃগাঁঠনি আৰু খালি পদসমূহ কম দিনৰ ভিতৰতে পূৰণ কৰাৰ কথাও ঘোষণা কৰে শিক্ষামন্ত্ৰী পেগুৱে ।

আনহাতে সদ্য প্ৰাদেশীকৃত শিক্ষকসকলে পাবলগীয়া দৰমহা আৰু বঞ্চিত শিক্ষকসকলৰ পদসমূহ পৰীক্ষা-নিৰীক্ষাৰ অন্তত শীঘ্ৰেই প্ৰাদেশিকীকৰণ কৰাৰ কথা উল্লেখ কৰাৰ সমান্তৰালকৈ বঞ্চিত শিক্ষাৰ্থী সকলকো এসপ্তাহ-দহ দিনৰ ভিতৰতে স্কুটী প্ৰদান কৰাৰ কথা ঘোষণা কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে ।

উক্ত সভাত আদৰণি ভাষণ প্ৰদান কৰে বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড৹ শৰৎ হাজৰিকাই ৷ সভাত স্থানীয় বিধায়ক ড৹ অমিয় কুমাৰ ভূঞা আৰু জিলা উপায়ুক্ত খৰ্গেশ্বৰ পেগু উপস্থিত থাকে ৷

লগতে পঢ়ক : টিংৰাই বিস্ফোৰণত জড়িত থকা সন্দেহত এজনক আটক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.