ETV Bharat / state

বানবিধ্বস্ত নাওবৈচাত কৃষি বিপ্লৱ এজাক যুৱকৰ

বানবিধ্বস্ত নাওবৈচাত আশাৰ ৰেঙণি, ভোট জলকীয়া খেতিৰে সেউজীয়া সপোনক বাস্তৱ ৰূপ দিছে এজাক যুৱকে ৷ বাৰ জন উচ্চ শিক্ষিত যুৱকে আত্মসহায়ক গোট খুলি বহু বছৰ পৰিত্যক্ত হৈ থকা চৰকাৰী গ্ৰেজিঙত ভোট জলকীয়া খেতি কৰি স্বাৱলম্বিতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে অঞ্চলটোত ।

author img

By

Published : Jun 13, 2021, 6:15 PM IST

educated youth of flood affected nowboicha brings revolution through agriculture work
বানবিধ্বস্ত নাওবৈচাত কৃষি বিপ্লৱ

নাওবৈচা, ১৩ জুন : নতুন নতুন উৎপাদনৰ কৌশল প্ৰয়োগ কৰি বানবিধ্বস্ত নাওবৈচাৰ পৰিত্যক্ত চৰকাৰী ভূমিত এদল যুৱকে গঢ়ি তুলিছে এক অতুলনীয় কৃষি বিপ্লৱ । বানে পলস পেলায় থৈ যোৱা পথাৰত দুহাতেৰে সজাই সেউজীয়া সপোনক বাস্তৱ ৰূপ দিছে এইসকল যুৱকে ।

ৰাজ্যৰ কৃষি ক্ষেত্ৰৰ সমৃদ্ধিৰ বাবে একেৰাহে কাম কৰা নাওবৈচাৰ বঙালচুক গাঁৱৰ বাৰ জন শিক্ষিত যুৱক কৰ’ণাৰ দুঃসময়ৰ মাজতো বহুতৰ বাবে আদর্শ হৈ জিলিকি উঠিছে । নিবনুৱা সকলে স্বাৱলম্বিতাৰ পথ ল’লেই ৰাজ্যৰ সকলো সমস্যা সমাধান হ’ব বুলি বিশ্বাস কৰা যুৱক কেইজনে সম্প্ৰতি কৃষি ক্ষেত্ৰত জপিয়াই পৰি বান-খহনীয়াত সৰ্বস্বান্ত নাওবৈচাবাসীৰ মাজত নতুনকৈ আশাৰ সঞ্চাৰ কৰিবলৈ সক্ষম হৈছে ।

বানবিধ্বস্ত নাওবৈচাত কৃষি বিপ্লৱ

নাওবৈচাৰ বঙলাচুক গাঁৱৰ জগত,নিপুল,ভাৰত,তপন,বাবুল,বিদ্যুৎ,দাদুকে ধৰি ১২ জন উচ্চ শিক্ষিত যুৱকে সেউজ বিপ্লৱ নিবনুৱা আত্মসহায়ক নামেৰে এটা গোট খুলি বহু বছৰ পৰিত্যক্ত হৈ থকা চৰকাৰী গ্ৰেজিঙত ভোট জলকীয়া খেতি কৰি স্বাৱলম্বিতাৰ উৎকৃষ্ট নিদৰ্শন ডাঙি ধৰিছে ।

ইফালে, এই গোটটোক দুগুণ উৎসাহেৰে আগুৱাই নিছে এজন প্ৰাক্তন ভাৰতীয় সেনা বাহিনীৰ জোৱান দেৱজিৎ শইকীয়াই । পূৰ্বতে এইসকল উচ্চ শিক্ষিত যুৱকে ঘূৰি-ফুৰি সময় অতিবাহিত কৰি থকা দেখি দেৱজিৎ শইকীয়াই যুৱকসকলক একগোট কৰি পৰিত্যক্ত চৰকাৰী ভূমিত প্ৰথম পৰ্যায়ত ভোট জলকীয়াৰ খেতি কৰি অভাৱনীয় সফলতা লাভ কৰে ।

উল্লেখ্য যে, যুৱকৰ দলটোৱে ৬০০ জোপা ভোট জলকীয়া খেতি কৰিয়েই যথেষ্ট লাভৱান হোৱাৰ লগতে অৰ্থনৈতিক ভাৱেও উপকৃত হৈছে । উৎপাদিত ভোট জলকীয়াসমূহ তেওঁলোকে জিলাখনৰ হাৰমতি বজাৰত প্ৰতিকিলোত চাৰিৰ পৰা পাঁচশ টকাকৈ বিক্ৰী কৰি আহিছে । লখিমপুৰ জিলা কৃষি বিভাগৰ সহযোগিতাৰ অবিহনেই প্ৰথম বাৰৰ বাবে মালচিং পদ্ধতিৰে কৰা ভোট জলকীয়া খেতিৰে এই সকল যুৱকে বৰ্তমানলৈ তিনি কুইণ্টল জলকীয়া ছিঙিবলৈ সক্ষম হৈছে আৰু পৰৱৰ্তী সময়ত অধিক জলকীয়া উৎপাদন হ’ব বুলিও জানিবলৈ দিয়ে ।

বানবিধ্বস্ত নাওবৈচাৰ লগতে জিলাখনতে কৃষিৰ জড়িয়তে অৰ্থনৈতিক বুনিয়াদ শক্তিশালী কৰাৰ ক্ষেত্ৰত সৱল ভূমিকা গ্ৰহণ কৰা উচ্চ শিক্ষিত যুৱককেইজনক চৰকাৰীভাৱে অধিক সহায় কৰিলে ভৱিষ্যতে হয়তো অঞ্চলটোত বহু শিক্ষিত যুৱক কৃষি কৰ্মৰ জৰিয়তে স্বাৱলম্বী হ’বলৈ ওলাই আহিব ৷ তেনে হ’লে ৰাজ্যখনৰ অৰ্থনৈতিক দিশটো অধিক টনকিয়াল হ’ব বুলি সম্প্ৰতি অঞ্চলটোৰ সচেতন মহলত চৰ্চিত হৈছে ৷

লগতে পঢ়ক :চিনেমাৰ কায়দাৰে চলন্ত ৰে’লৰ পৰা তেল চুৰিৰ শিহৰণকাৰী দৃশ্য...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.