ETV Bharat / state

Drugs smuggling: বঙালমৰাৰ ছাদ্দামে কামুৰিলে আৰক্ষীক; ড্ৰাগছ সৰবৰাহকাৰীৰ সন্ধানত আটক অৰ্ধশতাধিকক

author img

By ETV Bharat Assamese Team

Published : Sep 7, 2023, 12:43 PM IST

লখিমপুৰৰ বঙালমৰাত চাঞ্চল্যকৰ ঘটনা ৷ আৰক্ষী জোৱানৰ শৰীৰত কামুৰি পলাল ড্ৰাগছ সৰবৰাহকাৰী ৷ অৰ্ধশতাধিকক আটক ৷

Drugs smuggling in Lakhimpur
বঙালমৰাত আৰক্ষীক আক্ৰমণ কৰি পলাল ড্ৰাগছ পেডলাৰ ছাদ্দাম হুছেইন
বঙালমৰাত আৰক্ষীক আক্ৰমণ ড্ৰাগছ সৰবৰাহকাৰীৰ

বিহপুৰীয়া, 7 ছেপ্টেম্বৰ : লখিমপুৰত চাঞ্চল্য়কৰ ঘটনা ৷ অভিযানকাৰী আৰক্ষীৰ দলক আক্ৰমণ কৰি পলাল ড্ৰাগছ সৰবৰাহকাৰী ৷ লখিমপুৰ বঙালমৰাৰ ২ নং আহমেদপুৰৰ দলনিৰপাৰত এই ঘটনা সংঘটিত হৈছে ৷ ঘটনা অনুসৰি ড্ৰাগছ বিৰোধী অভিযান চলোৱাৰ সময়তে বুধবাৰে নিশা বিহপুৰীয়া আৰক্ষীৰ জালত পৰিছিল ড্ৰাগছ সৰবৰাহকাৰী ছাদ্দাম হুছেইন ৷ নিশাৰ ভাগতে আৰক্ষীৰ জালত পৰা ড্ৰাগছ সৰবৰাহকাৰী ছাদ্দাম হুছেইনক লগত লৈ আৰক্ষীৰ দল এটাই বুধবাৰে নিশা বঙালমৰাৰ ২ নং আহমেদপুৰৰ দলনিৰপাৰত অভিযান চলাবলৈ গৈছিল ৷

আনহাতে অসামৰিক পোচাকত থকা আৰক্ষীৰ দলটোৱে ড্ৰাগছ সৰবৰাহকাৰী ছাদ্দাম হুছেইনক কৰায়ত্ত কৰে ৷ তেতিয়াই আৰক্ষী জোৱানৰ সৈতে টনা-আঁজোৰা হয় ছাদ্দামৰ ৷ লগে লগে আৰক্ষীৰ ওপৰত জঁপিয়াই পৰে ছাদ্দাম ওৰফে বেলায়তৰ পৰিয়ালৰ লোকো ৷ সেই সুযোগতে আৰক্ষী জোৱানক কামুৰি আৰক্ষীৰ বেষ্টনীৰ পৰা পলায়ন কৰে ছাদ্দাম হুছেইনে ৷ ফলত গুৰুতৰভাৱে আহত হয় আৰক্ষী জোৱানজন ৷ আনহাতে এই ঘটনাত আহত হয় ড্ৰাগছ পেডলাৰ ছাদ্দামৰ পত্নীও ৷

এই ঘটনাৰ খবৰ লাভ কৰাৰ পাচতে বৃহস্পতিবাৰে পুৱতি নিশা লখিমপুৰৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ নেতৃত্বত অভিযান আৰম্ভ কৰে ৷ সেই অভিযানত ড্ৰাগছ পেডলাৰ ছামদ্দামৰ সন্ধানত প্ৰায় 50 গৰাকীক লোকক আটক কৰিছে ৷ ইতিমধ্যে আটকাধীন লোকসকলক বঙালমৰা, বিহপুৰীয়া, ধলপুৰ, নাওবৈচা, লালুক থানাত পৃথকে পৃথকে ৰখা হৈছে ৷

লখিমপুৰ বৃদ্ধি পোৱা ড্ৰাগছৰ বেহা নিয়ন্ত্ৰণ কৰিবলৈ জিলা আৰক্ষীয়ে অভিযান চলাছে ৷ সফলো হৈছে লখিমপুৰ আৰক্ষী ৷ কিন্তু বৃহস্পতিবাৰৰ নিশা হোৱা ঘটনাক উদ্বেগ প্ৰকাশ কৰিছে লখিমপুৰবাসী ৷

লগতে পঢ়ক:Swine flu infection in Lakhimpur : ছোৱাইন ফ্লুৱে চকুপানী নিগৰাইছে গাহৰি পালকক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.