বিহপুৰীয়া,৮ ছেপ্টেম্বৰ: আৰক্ষীৰ লোকক হাতত কামুৰি ড্ৰাগছ পেডলাৰক মোকলাই নিয়া ঘটনাত জড়িত ৰোমেনা বেগম আৰু চালমাক আটক কৰিবলৈ সক্ষম হয় আৰক্ষী । বঙালমৰা আৰক্ষী আৰু স্থানীয় ৰাইজে খেদি খেদি কৰায়ত্ত কৰে ৰোমেনা বেগম আৰু চালমা নামৰ দুই মহিলাক । ৰোমেনা বেগম মূল অভিযুক্ত পেডলাৰ বোলায়ত হুছেইন ওৰফে ছাদ্দাম হুছেইনৰ ভগ্নী আৰু চালমা ছাদ্দামৰ ভাই বোৱাৰীয়েক বুলি জানিবপৰা গৈছে ।
উল্লেখ্য যে ড্ৰাগছ বিৰোধী অভিযান চলোৱাৰ সময়তে বুধবাৰে নিশা বিহপুৰীয়া আৰক্ষীৰ জালত পৰিছিল ড্ৰাগছ সৰবৰাহকাৰী ছাদ্দাম হুছেইন ৷ নিশাৰ ভাগতে আৰক্ষীৰ জালত পৰা ড্ৰাগছ সৰবৰাহকাৰী ছাদ্দাম হুছেইনক লগত লৈ আৰক্ষীৰ দল এটাই বুধবাৰে নিশা বঙালমৰাৰ ২ নং আহমেদপুৰৰ দলনিৰপাৰত অভিযান চলাবলৈ গৈছিল আৰু ঠিক তেনে সময়তে আৰক্ষী জোৱানক কামুৰি আহত কৰিছিল আক্ৰমণকাৰীৰ দলে ।
ড্ৰাগছ পেডলাৰ ছাদ্দাম হুছেইনক কৰায়ত্ত কৰাৰ পিছতেই আৰক্ষীৰ ওপৰত জপিয়াই পৰিছিল ছাদ্দাম ওৰফে বেলায়তৰ পৰিয়ালৰ লোক । ইয়াৰ পিছতেই আৰক্ষীৰ হাতত কামুৰি মোকলাই নিছিল ড্ৰাগছ পেডলাৰ ছাদ্দাম হুছেইনক । পৰৱৰ্তী সময়ত আৰক্ষীৰ এটা বৃহৎ দল লৈ ঘটনাস্থলী দলনিৰপাৰত উপস্থিত হৈ অৰ্ধ শতাধিক লোকক আটক কৰি বঙালমৰা, বিহপুৰীয়া, ধলপুৰ, নাওবৈচা, লালুক থানালৈ লৈ গৈছিল । শুকুৰবাৰে পুনৰ আৰক্ষী উক্ত স্থানত উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত অভিযান চলাই ৰোমেনা বেগম আৰু চালমাক আটক কৰিবলৈ সক্ষম হয় । এতিয়াও ছাদ্দাম হুছেইন আৰু পিতৃ আবুল খায়েৰে আত্মগোপন কৰিয়েই আছে বুলি আৰক্ষীৰ এক সুত্ৰই জানিবলৈ দিয়ে ।
লগতে পঢ়ক: Arupjyoti Saikia is no more: সাংস্কৃতিককৰ্মী অৰূপজ্যোতি শইকীয়াৰ অকাল বিয়োগ