ETV Bharat / state

লখিমপুৰত কুম্ভকৰ্ণ নিদ্ৰাত বন বিভাগ !

author img

By

Published : Sep 16, 2020, 7:06 PM IST

লখিমপুৰৰ দ্ৰোপাং নদীত অব্যাহত শিল-বালিৰ অবৈধ কোৱেৰী । চকু মুদা কুলিৰ ভাওত বন বিভাগ ।

Dropang river syndicate at lakhimpur
লখিমপুৰত কুম্ভকৰ্ণ নিদ্ৰাত বন বিভাগ !

লখিমপুৰ,16 ছেপ্তেম্বৰঃ লখিমপুৰৰ দ্ৰোপাং নদীত অব্যাহত শিল-বালিৰ অবৈধ কোৱেৰী । জিলাখনৰ হাৰমতী বনাঞ্চলিক কাৰ্যালয়ৰ অধীনষ্ঠ দ্ৰোপাং নদীত আজিও অব্যাহত আছে অবৈধ খনন ৷ অঞ্চলবাসীয়ে অবৈধভাৱে চলি থকা কোৱেৰীটো সন্দৰ্ভত ইতিপূৰ্বে বহুবাৰ বন বিভাগক অৱগত কৰিছিল যদিও কমিছনৰ লোভত বিভাগটোৰ বৰমূৰীয়াই চকু মুদা কুলিৰ ভাও ধৰা বুলি অভিযোগ উত্থাপিত হৈছে ।

লখিমপুৰত কুম্ভকৰ্ণ নিদ্ৰাত বন বিভাগ !

কোৱেৰীটো অদৃশ্য শক্তিৰ বলত জনৈক বৰা উপাধিৰ এজন লোকৰ নেতৃত্বত কেইজনমান এজেন্টে হাজিৰা লগাই শিল বালি সংগ্ৰহ কৰাই অধিক দামত চালান বিহীনভাৱে সৰবৰাহ কৰি অহাৰ অভিযোগ উঠিছে ৷ পুৱতি নিশাৰে পৰা শ শ টেক্টৰ আৰু ডাম্পাৰৰ সহায়ত শিল বালি অবাধ হাৰত সৰবৰাহ কৰি বনজ সম্পদ লুণ্ঠনৰ প্ৰতিযোগিতাত নামি পৰাৰ ফলত চৰকাৰে হেৰুৱাবলগীয়া হৈছে কোটি কোটি টকাৰ ৰাজহ । স্থানীয় ৰাইজে অতি শীঘ্ৰে অবৈধভাৱে চলি থকা কোৱেৰীটোৰ বন্ধ কৰাৰ দাবী জনাইছে চৰকাৰ খনক ।

লগতে পঢ়কঃ মানিকপুৰত ভদীয়া বানত জলমগ্ন 20 খনৰ অধিক গাঁও

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.