ETV Bharat / state

ঢকুৱাখনাত পৰম্পৰাগত খেল ধেমালী - Bihu

পহিলা বহাগৰ দিনা ঢকুৱাখনাৰ হিলৈদাৰী গাঁৱত অনুষ্ঠিত হয় পৰম্পৰাগত খেল ধেমালীৰ । ডেকাৰ পৰা বুঢ়ালৈ, জীয়াৰীৰ পৰা বোৱাৰীলৈ সকলো ওলাই আহিল এই খেল ধেমালীলৈ

ঢকুৱাখনাত ৰঙালীৰ ধেমালি
author img

By

Published : Apr 15, 2019, 2:38 PM IST

ঢকুৱাখনা,15 এপ্ৰিলঃ আজি পহিলা বহাগৰ দিনটোত ৰাজ্যবাসী ৰঙালীৰ উচাহত মতলীয়া হোৱাৰ সময়তে ঢকুৱাখনা হিলৈদাৰী গাঁৱত দেখা গ'ল এক ব্যতিক্ৰমী দৃশ্য । হিলৈদাৰী গাঁৱৰ লোকসকলে পুৱাৰ কাম কাজ সামৰি ওলাই আহিল মুকলি পথাৰলৈ। বহাগৰ প্ৰথম দিনটোত অতীজৰে পৰা গাঁওখনৰ লোকসকলে পৰম্পৰাগত খেল ধেমালীৰে আনন্দ উলাহ কৰে । আজিও প্ৰতিটো খেলৰ শেষত নগদ ধন আৰু অন্যান্য পুৰস্কাৰেৰে প্ৰতিযোগী সকলক পুৰস্কৃত কৰা হয় ৷ বহাগৰ পহিলা দিনটোত এইদৰে ঢকুৱাখনাৰ হিলৈদাৰী গাঁৱৰ ৰাইজ আহি পৰম্পৰাগত খেল ধেমালীৰ মাজেৰে ৰঙালীৰ ৰঙত বুৰ যায় ।

Intro:পহিলা ব'হাগৰ দিনা ঢকুৱাখনা হিলৈদাৰী গাঁৱত পৰম্পৰাগত খেল ধেমালি । ডেকাৰ পৰা বুঢ়ালৈ, জীয়াৰীৰ পৰা বোৱাৰীলৈ সকলোটি ওলাই আহিল এই খেল ধেমালিলৈ।Body:আজি পহিলা ব'হাগ অৰ্থাৎ মানুহ বিহু । এই মানুহ বিহুৰ দিনটোত ৰাজ্যৰ সকলো প্ৰান্তৰ লোকসকল ৰঙালীৰ উচাহত মতলীয়া হোৱাৰ সময়তে ঢকুৱাখনা হিলৈদাৰী গাঁৱত দেখা গ'ল এক ব্যতিক্ৰমী দৃশ্য । হিলৈদাৰী গাঁৱৰ লোকসকলে পুৱাৰ কাম কাজ সোনকালে সামৰি ওলাই আহিল সমীপৰ মুকলি পথাৰলৈ । ব'হাগৰ প্ৰথম দিনটোত অতীজৰে এই গাৱঁৰ লোকসকলে পৰম্পৰাগত খেল ধেমালিৰে আনন্দ ফূৰ্তি কৰে । আজিও গাঁৱৰ ডেকা-বুঢ়া জীয়ৰী বোৱাৰীহঁতে টেকেলি ভঙা, মিউজিকচকী,কাবাডী,ক্ৰিকেট,ফুটবল ভলীবল,কণীযুঁজ,ৰচিটনা আৰু কলগছ বগোৱা আদি নানান খেল খেলি আনন্দত মতলীয়া হোৱা দেখা গ'ল । প্ৰতিটো খেলৰ শেষত নিৰ্দিষ্ট দাতাসকলেও নগদ ধন আৰু অন্যান্য পুৰস্কাৰে প্ৰতিযোগী সকলক পুৰস্কৃত কৰা দেখা গ'ল মুঠৰ ওপৰত বহাগৰ পহিলা দিনটোত ঢকুৱাখনা হিলৈদাৰী গাঁৱৰ সকলোটি আহি এইদৰে পৰম্পৰাগত খেল ধেমালিৰ মাজেৰে ৰঙালীৰ ৰঙত বুৰ যোৱা দেখা গ'ল।Conclusion:Byte:গাঁৱৰ যুৱক আৰু মহিলা।

দীপৰঞ্জন চমুৱা, ঢকুৱাখনা।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.