ETV Bharat / state

'ইবাঁকু বিচু' উপলক্ষে নাৰায়ণপুৰত উলহ-মালহ পৰিৱেশ - deuri

ব’হাগৰ প্ৰথমটো বুধবাৰে দেউৰী জনগোষ্ঠীয় লোকসকলে পালন কৰে ব’হাগীয় বিচু বা ইবাঁকু বিচু ৷ ৰাজ্যখনৰ অন্যান্য অঞ্চলৰ সমান্তৰালকৈ নাৰায়ণপুৰতো জনগোষ্ঠীটোৰ লোকসকলে অতি উলহ-মালহেৰে হেঁপাহৰ বিহুটি উদযাপন কৰিছে ।

'ইবাঁকু বিচু' উপলক্ষে নাৰায়ণপুৰ উলহ-মালহ পৰিবেশ

author img

By

Published : Apr 22, 2021, 9:31 PM IST

বিহপুৰীয়া,22 এপ্ৰিল: অসমৰ দেউৰী জনগোষ্ঠীয় লোকসকলৰ আজি ব’হাগ বিহু ৷ পৰম্পৰা অনুযায়ী ব’হাগ মাহৰ প্ৰথমটো বুধবাৰে দেউৰী জনগোষ্ঠীয় লোকসকলে পালন কৰে বিহুৰ উৰুকা ৷ লগতে বৃহস্পতিবাৰে পালন কৰে বিহু তথা দেউৰী জনগোষ্ঠীয় লোকসকলৰ মতে বহাগীয় বিচু বা ইবাঁকু বিচু ৷ ৰাজ্যখনৰ অন্যান্য অঞ্চলৰ সমান্তৰালকৈ নাৰায়ণপুৰতো জনগোষ্ঠীটোৰ লোকসকলে অতি উলহ-মালহেৰে হেঁপাহৰ বিহুটি উদযাপন কৰিছে । মহামাৰী ক'ৰণা ভয়াৱহতাৰ মাজতে নাৰায়ণপুৰৰ কিনাপথাৰ, মাজৰ চাপৰি, পিছলা, জয়পুৰ, লংকাপুৰ, কাচিকতা দেউৰী গাঁৱৰ লগতে বৰদেউৰী গাঁৱৰ ৰাইজে উদযাপন কৰিছে বিহু ৷

'ইবাঁকু বিচু' উপলক্ষে নাৰায়ণপুৰত উলহ-মালহ পৰিৱেশ

বুধবাৰে উৰুকাৰ সন্ধিয়াৰ পৰা বৃহস্পতিবাৰে পুৱালৈকে গাঁৱৰ বৰপূজাৰীৰ ঘৰৰ চোতালত গাঁৱৰ ডেকা-গাভৰুসকলে বোকা বিহু মাৰি আনন্দ কৰাটো জনগোষ্ঠীটোৰ এক ঐতিহাসিক পৰম্পৰা । দেউৰী জনগোষ্ঠীয় লোকসকলৰ বাবে ই অতি প্ৰাচীন কালৰে পৰা চলি অহা এক কৃষি ভিত্তিক সাংস্কৃতিক মহোৎসৱ । জনগোষ্ঠীটোৰ লোকসকলে বিহুৰ দিনা পুৱা বিভিন্ন পৰম্পৰাগত খেল-ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত কৰাটোও আন এক পৰম্পৰা । এই উপলক্ষে পুৱা বয়োজ্যেষ্ঠসকলে ঘৰে ঘৰে চন্দ্ৰ সূৰ্যক সাক্ষী কৰি পূৰ্বপুৰুষক পূজা-অৰ্চনা কৰে ।

আনহাতে, জনগোষ্ঠীটোৰ মহিলাসকলে ঘৰে ঘৰে বিভিন্ন পৰম্পৰাগত খাদ্য প্ৰস্তুত কৰি অতিথিক আপ্যায়ন কৰে ৷ উল্লেখ্য যে, কৃষিজীৱি জনগোষ্ঠীটোৰ লোকসকলে অতি উলহ-মালহেৰে ব’হাগ বিহু উদযাপনৰ পাচতে কৃষি কাৰ্যৰ লগত জড়িত হৈ পৰে ৷

লগতে পঢ়ক: অ'এনজিচিৰ কৰ্মচাৰী অপহৰণৰ তদন্তৰ দায়িত্ব ল'লে জি পি সিঙে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.