বিহপুৰীয়া, 20 জানুৱাৰী : আজিৰ দেউৰী সকলৰ মাঘ বিহু উৰুকা ৷ পৰম্পৰা অনুসৰি দেউৰীসকলে মাঘ মাহৰ পহিলা বুধবাৰে পালন কৰে মাঘ বিহুৰ উৰুকা আৰু বৃহস্পতিবাৰে বিহু পালন কৰে । ৰাজ্যৰ অন্য প্ৰান্তৰ দৰে বুধবাৰে লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ দেউৰী জনগোষ্ঠীৰ অধ্যুষিত অঞ্চলসমূহত জনগোষ্ঠীটোৰ লোকসকলে বিশাল আয়োজনেৰে হেঁপাহৰ মাঘ বিহু উদযাপন কৰে ।
সাংবাদিকক জানিবলৈ দিয়া অনুসৰি নাৰায়ণপুৰৰ কিনাপথাৰ-মাজৰ চাপৰি অঞ্চলত বৰ্ণাঢ্য কাৰ্যসূচীৰে জনগোষ্ঠীটোৰ লোকসকলে মাঘ বিহু পালন কৰাৰ লগতে পিছলা দেউৰী গাঁও, বৰদেউৰী গাঁও, ভোগপুৰ দেউৰী গাঁও, কাচিকতা দেউৰী গাঁৱতো বিশাল আয়োজনেৰে মাঘ বিহু উৎযাপন কৰা হয় । এই উপলক্ষে প্ৰতিখন গাঁৱৰ ডেকা-গাভৰুসকলৰ লগতে বয়োজ্যেষ্ঠসকল বিহু উদযাপন স্থলীলৈ ওলাই আহি বিহু আনন্দত মতলীয়া হোৱা দেখা যায় ৷
স্থানীয় লোকে সদৰি কৰা মতে এই উপলক্ষে দিনৰ ভাগত বিভিন্ন পৰম্পৰাগত খেল-ধেমালিৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ উপৰিও সকলোৱে মিলি এসাঁজ খোৱাৰ উদ্দেশ্য উৰুকা ভোজৰ আয়োজন কৰা হৈছে ৷ ইয়াৰ সমান্তৰালভাৱে নিশালৈ এক সাংস্কৃতিক সন্ধিয়াৰো আয়োজন কৰা হৈছে ৷
উল্লেখ্য যে, বুধবাৰৰ দিনটোত সকলো স্থানতে জনগোষ্ঠীটোৰ লোকসকলে আকৰ্ষণীয় ৰূপত মেজি, ভেলাঘৰ, পৰম্পৰাগত ডেকাচাং আদি নিৰ্মাণ কৰা দেখা যায় ।
লগতে পঢ়ক: বিহুৰ পূৰ্বেই অসমত নিৰ্বাচনৰ ইংগিত মুখ্য নিৰ্বাচন আয়ুক্তৰ