লখিমপুৰ, ১৬ জুলাই: ৰাজ্যত আঠ বছৰে নিযুক্তি নহ'ল বিভাগীয় প্ৰশিক্ষণপ্ৰাপ্ত সাত সহস্রাধিক নাৰ্ছৰ । বিগত ২০১৩ চনৰ পৰা ২০১৫ চনলৈ চৰকাৰী প্ৰশিক্ষণ সমাপ্ত কৰা ৰাজ্যৰ সাত সহস্রাধিক এ এন এম নাৰ্ছৰ আজিও নিযুক্তি নোহোৱাত ক্ষুব্ধ হৈছে এইসকল নাৰ্ছ ।
যি সময়ত ৰাজ্যখনত চৰকাৰে সঘনে নিযুক্তিৰ মেলাৰ কথা সগৌৰৱে ঘোষণা কৰি আহিছে সেই সময়ত এনেদৰে প্ৰশিক্ষণপ্ৰাপ্ত হাজাৰ হাজাৰ এএনএম নাৰ্ছে নিযুক্তি বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে । এই সন্দৰ্ভত দেওবাৰে নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত বঞ্চিত একাংশ নাৰ্ছে চৰকাৰৰ বিৰুদ্ধে প্ৰকাশ কৰিলে ক্ষোভ ।
চৰকাৰে বিভিন্ন বিভাগৰ লগতে স্বাস্থ্য বিভাগত শ শ নিযুক্তিৰ ব্যৱস্থা কৰাৰ বিপৰীতে তিনি বছৰীয়া চৰকাৰী প্ৰশিক্ষণ সমাপ্ত কৰা এইসকল এএনএমৰ নিযুক্তিৰ প্ৰতি পিঠি দিছে । এইসকল প্ৰশিক্ষণপ্ৰাপ্ত নাৰ্ছে বিভিন্ন সময়ত চৰকাৰ, বিভাগৰ লগত যোগাযোগ কৰাৰ উপৰি সাক্ষাৎকাৰতো অৱৰ্তীৰ্ণ হৈছে যদিও নিযুক্তিৰ মুখ দেখা নাই । এই সন্দৰ্ভত দেওবাৰে নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত বঞ্চিত একাংশ নাৰ্ছে আয়োজন কৰা এখন সংবাদমেলত তেওঁলোকৰ দুৰ্দশাৰ কথা প্ৰকাশ কৰে ।
তিনি বছৰীয়া প্ৰশিক্ষণ সমাপ্ত কৰি নিযুক্তিৰ আশাত বহি থাকিবলগীয়া হোৱা এইসকল প্ৰশিক্ষণপ্ৰাপ্ত নাৰ্ছৰ বহুতৰে চাকৰিৰ বয়স উকলি যোৱাৰ উপক্রম কৰিছে । এটা সংস্থাপনৰ আশাৰে, মানৱ সেৱাৰ আশাৰে নাৰ্চৰ প্ৰশিক্ষণ লৈ মুৰকত চাকৰিটো নাপাই তেওঁলোক এতিয়া ভাগি পৰিছে ।
সংবাদমেলৰ জৰিয়তে তেওঁলোকে স্বাস্থ্য মন্ত্রী কেশৱ মহন্তৰ লগতে মুখ্যমন্ত্রীক ড৹ হিমন্ত বিশ্ব শৰ্মাক এই ক্ষেত্ৰত মানৱীয় দৃষ্টি ভংগীৰে ব্যবস্থা গ্রহণ কৰি তেওঁলোকক উপকৃত কৰিবলৈ কাতৰ আহ্বান জনাইছে । চৰকাৰে এই ক্ষেত্ৰত ব্যবস্থা গ্রহণ নকৰিলে অনতি পলমে তেওঁলোকে ৰাজ্যজুৰি আন্দোলনৰ প্ৰস্তুতি কৰিব বুলিও সংবাদমেলখনত চৰকাৰক সকীয়াই দিয়ে । সংবাদমেলখনত পপী নাথ, ৰঞ্জু বৰুৱা, বিন্দু কৌৰ, বিনীতা দত্তৰ লগতে কেইবাগৰাকী প্ৰশিক্ষণ প্ৰাপ্ত নাৰ্ছে অংশগ্রহণ কৰি তেওঁলোকৰ মনোবেদনা ব্যক্ত কৰে ।