লখিমপুৰ,১৫ অক্টোবৰ: ৰাজ্যৰ আন জিলাৰ দৰে শেহতীয়া কৈ লখিমপুৰ জিলাতো ডেংগু ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাইছে । এই পৰ্যন্ত জিলাখনত এঘাৰজন লোক ডেংগু ৰোগত আক্রান্ত বুলি চিনাক্ত কৰা হৈছে । সৌভাগ্য ক্ৰমে জিলাখনত এই ৰোগত কোনো লোকৰ প্ৰাণহানি ঘটা নাই । জিলাখনত ডেংগুৰ লগতে জাপানীছ এনকেফেলাইটিছ ৰোগো ধৰা পৰিছে বুলি স্বাস্থ্য বিভাগে জানিবলৈ দিয়ে । চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পৰা বৰ্তমান লৈকে জিলাখনত ২৪ জন লোক এই ৰোগত আক্রান্ত হৈছে ।
ইয়াৰে এজনৰ ইতিমধ্যে মৃত্যু ঘটিছে । জিলাখনত জাপানী এনকেফেলাইটিছ আৰু ডেংগু ৰোগৰ প্ৰাদুৰ্ভাৱৰ ৰোধ কৰিবলৈ স্বাস্থ্য বিভাগে তৎপৰতা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে । জ্বৰৰ লক্ষণ যুক্ত লোকৰ পৰা ৭১ হেজাৰ ১০ টা তেজৰ নমুনা পৰীক্ষাৰ বাবে সংগ্রহ কৰা হৈছে । এনে ৰোগত আক্রান্ত লোকৰ বসতি প্ৰধান এলেকাত ৪ হেজাৰ ৬১৬ খন সজাগতা সভা অনুষ্ঠিত কৰা হৈছে । ৬০ খন গাঁৱত যন্ত্রৰে ধোৱা দিয়াৰ ব্যৱস্থা কৰা হৈছে ।
মাইকযোগে ১০৯ খন গাঁৱত সজাগতা মূলক প্ৰচাৰ চলোৱা হৈছে । ৩১ হেজাৰ ২৩৮ খন আঠুৱা ঔষধিকৰণ কৰা হৈছে । জিলাখনত জাপানীছ এনকেফেলাইটিছ আৰু ডেংগু ৰোগৰ প্ৰাদুৰ্ভাৱ ঘটিলেও স্বাস্থ্য বিভাগে গ্রহণ কৰা এনে পদক্ষেপ ৰ বাবে ৰোগৰ সংক্ৰমণ বৰ্তমান লৈকে নিয়ন্ত্রণত আছে বুলি জানিব পৰা গৈছে । তথাপিও যেন আশ্বস্ত হ'ব পৰা নাই ৰাইজ । কিয়নো এসময়ত মেলেৰিয়া ৰোগে মহামাৰী ৰূপ ধাৰণ কৰা জিলাখনত শ শ লোকৰ মৃত্যু হৈছিল ।
পৰিস্থিতি নিয়ন্ত্রণ ৰ বাহিৰ হৈ গৈছিল যোৱাত চৌদিশে সৃষ্টি হৈছিল এক হাঁহাকাৰময় পৰিস্থিতি । ৰোগ নিয়ন্ত্রণৰ বাবে দেশ-বিদেশৰ বিশেষজ্ঞ আহিবলগীয়া হৈছিল । পুনৰ যাতে জিলাখনত তেনে পৰিস্থিতি সৃষ্টি নহয় তাৰ বাবে শক্তিশালী ৰূপত ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাইজে স্বাস্থ্য বিভাগক দাবী জনাইছে ।
লগতে পঢ়ক: Heated situation in Golaghat: শিশুৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি