ETV Bharat / state

সাংসদ-বিধায়কৰ উপস্থিতিত জোনাইত কেইবা কোটি টকাৰ আঁচনিৰ শুভাৰম্ভ

author img

By

Published : Jan 4, 2022, 10:10 PM IST

লখিমপুৰ জিলাত প্ৰতিবছৰে বানত লাখ লাখ লোক ক্ষতিগ্ৰস্ত হৈ আহিছে । সেয়ে চৰকাৰে লখিমপুৰবাসীৰ এই প্ৰধান সমস্যা সমাধানৰ বাবে গুৰুত্ব আৰোপ কৰিছে । কেইবা কোটি টকাৰ মথাউৰি নিৰ্মাণৰ কামো আৰম্ভ কৰিছে চৰকাৰে (Dam construction scheme launched in Jonai)। সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক ভূৱন পেগুৰ উপস্থিতিত ধৰ্মীয় ৰীতি-নীতিৰ মাজেৰে আৰম্ভ মথাউৰি নিৰ্মাণৰ কাম ।

Dam construction scheme
জোনাইত কেইবা কোটি টকাৰ আঁচনিৰ শুভাৰম্ভ

জোনাই, ৪ জানুৱাৰী : জোনাইত পূজা অৰ্চনাৰে ১৩.৫ কোটি টকাৰ আচঁনিৰ শুভাৰম্ভ কৰে লখিমপুৰ সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা আৰু জোনাইৰ স্থানীয় বিধায়ক ভূৱন পেগুৱে ৷ প্ৰথমে জোনাইৰ বেৰা চাপৰিত উপস্থিত হয় সাংসদগৰাকী । জোনাই মহকুমাত চিয়াং-লালী নদীৰ বাঢ়নী পানীয়ে বাৰিষা কালত বছৰ বছৰ ধৰি বহু কেইখন গাঁৱক প্লাবিত কৰা বানক বিজ্ঞানসন্মতভাৱে প্ৰতিৰোধ কৰিবৰ বাবে ৰাজ্যিক স্ব-অধিকাৰ উন্নয়ন পুঁজিৰ শিতানৰ লালী নদীৰ বানপানী প্ৰতিৰোধৰ বাবে বেৰা নগাঁৱৰ পৰা বলোকাগুৰিলৈ এছ অ' পি ডি-জি শিতানৰ ৭ কোটি টকা ব্যয় সাপেক্ষে ৩,১৩৫ মিটাৰ দৈৰ্ঘ্যৰ মথাউৰি নিৰ্মাণ আঁচনিৰ শুভাৰম্ভ কৰে সাংসদগৰাকীয়ে (Dam construction scheme launched in Jonai)৷

জোনাইত কেইবা কোটি টকাৰ আঁচনিৰ শুভাৰম্ভ

ইয়াৰ পাছতে সাংসদ গৰাকীয়ে জোনাই সমষ্টিৰ বিধায়ক ভূৱন পেগুৰ সৈতে "বানমুক্ত অসম, বানমুক্ত ধেমাজি" গঢ়াৰ স্বাৰ্থত ঐৰামঘাট কেমিৰ নৈপৰীয়া ৰাইজক বান সমস্যাৰ পৰা মুক্ত কৰাৰ লক্ষ্যৰে অসম চৰকাৰৰ জলসম্পদ বিভাগৰ দ্বাৰা ৰূপায়ণ হোৱা "নাবাৰ্ডৰ ৬ কোটি ৫০ লাখ পুঁজিৰে পাৰ্কোপাইন আঁচনিৰ অসম অৰুণাচল সীমান্তৱৰ্তী ঐৰামঘাটৰ পৰা নতুন মিচিং গাঁৱলৈ চিয়াং নদীৰ পাৰত শুভাৰম্ভ কৰে লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাই ৷ অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বান মুক্ত ধেমাজি শ্ল'গানৰ অংশ ৰূপে গৰাখহনীয়া ৰোধৰ বাবে জলসম্পদ বিভাগৰ অধীনত এই ১০ দিনৰ ভিতৰত মুঠ প্ৰায় ৩২ পৰা ৩৫ কোটি টকাৰ কাম আৰম্ভ কৰিব বুলি স্থানীয় বিধায়ক ভূৱন পেগুৱে মন্তব্য কৰে ৷

ইয়াৰোপৰি খেতিয়ক ৰাইজক সকাহ দিয়াৰ উদ্দেশ্যে অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ সৈতে মিলি ১,৯৪০ টকাত ধান ক্ৰয় কৰিব বুলি কয় ৷ খেতিয়কৰ ধান চৰকাৰৰ ওচৰত বিক্ৰী কৰিবলৈও আহ্বান জনাই বিধায়কগৰাকীয়ে ৷ সাংসদ প্ৰদান বৰুৱাই বৰ্ষাৰণ্য পবা বনাঞ্চলৰ মাটিত বেদখল কৰা সকলে মাটিৰ পট্টা নাপাব বুলি কয় ।

সাংসদগৰাকীয়ে উল্লেখ কৰা মতে চৰকাৰে সকলো ৰাইজক মাটি পট্টা দিয়াৰ ব্যৱস্থা কৰিছে । সেয়ে এই সুযোগ গ্ৰহণ কৰিবলৈ ৰাইজক তেওঁ আহ্বান জনায় । ইফালে সীমান্তৱৰ্তী জোনাই মহকুমাত বান-খহনীয়া প্ৰতিৰোধৰ বাবে কেইবাটাও আঁচনি গ্ৰহণ কৰা হৈছে যদিও জলসম্পদ বিভাগৰ জোনাই উপ-সংমণ্ডলত বৰ্তমানলৈ কোনো নিজা কাৰ্যালয় নাই । সেয়ে অতি শীঘ্ৰে জলসম্পদ বিভাগৰ কাৰ্যালয় নিৰ্মাণ কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দিয়ে বিধায়ক ভূৱন পেগুৱে ৷

উক্ত অনুষ্ঠানত জোনাই বিধানসভা সমষ্টিৰ বিধায়ক ভূৱন পেগুৰ উপৰিও জলসম্পদ বিভাগৰ জোনাই সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তা জৱাহৰলাল ৰয়, মিচিং স্বায়ত্ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য নৰেশ কুম্বাং, ববীকান্ত পেগু, পদুম ৰায়, ধেমাজি জিলা পৰিষদৰ সদস্য অতুল পেগুৰ, দেউৰী স্বায়ত্ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী মাধৱ দেউৰী, সাধাৰণ সদস্য হেমন্ত দেউৰী প্ৰমুখ্যে বিজেপি, গণশক্তি দলৰ কেইবাজনো নেতা উপস্থিত থাকে ।

লগতে পঢ়ক :ৰাজ্যত অভাৱনীয় হাৰত বৃদ্ধি পাব মাটিৰ মূল্য !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.