লখিমপুৰ,18মে': চৰকাৰী গৃহৰ ধন আত্মসাৎ কৰি ৰঙাঘৰত সোমাল গাঁওবুঢ়া ৷ এই ঘটনা সংঘটিত হৈছে লখিমপুৰ জিলাৰ বিহপুৰীয়াত৷ জানিব পৰা মতে,এগৰাকী স্বামীহীনা মহিলাই 2016-17 বৰ্ষত লাভ কৰিছিল চৰকাৰী গৃহ ৷ কিন্তু আজি পৰ্যন্ত চৰকাৰী গৃহত সোমোৱাৰ সাহস নহ'ল মহিলাগৰাকীৰ ৷ কাৰণ চল-চাতুৰীৰে গৃহ নিৰ্মাণৰ বাবে অহা সমূদায় ধনৰ 50 শতাংশ হৰলুকি কৰিলে সৌলমাৰীৰ গাঁওবুঢ়া ৰাকেশ পাডিৰে ৷ইয়াৰ উপৰিও ভুক্তভোগী মহিলাগৰাকীৰ অভিযোগ ,বেংকৰ পৰা টকা উলিয়াবলৈ বুলি এ টি এম কাৰ্ড সহ সকলো হস্তগত কৰিছিল গাঁওবুঢ়া ৰাকেশ পাডিৰে ৷
অৱশেষত উপায়ন্তৰ হৈ চাৰিটা সন্তানৰ মাতৃ তথা দৰিদ্ৰ মহিলাগৰাকী কাষ চাপিল বিহপুৰীয়া আৰক্ষীৰ ৷ মহিলাগৰাকীৰ গোচৰৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে গাঁওবুঢ়া ৰাকেশ পাডিৰক ৷
লগতে পঢ়কঃচাকৰিলৈ বাট নাচায় কৃষিকৰ্মত ব্যস্ত ৰসায়ন বিভাগৰ স্নাতক দেৱাশীস