লক্ষিমপুৰ, 27 জানুৱাৰীঃ লখিমপুৰ জিলাত আজি কংগ্ৰেছে অনুষ্ঠিত কৰে কা বিৰোধিতাৰে অস্তিত্ব ৰক্ষাৰ জনজাগৰণ সভা । এই জনজাগৰণ সভাত বিজেপি চৰকাৰ আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰে ৰিপুণ বৰা আৰু প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী ৰকিবুল হুছেইনে ।
শদিয়াৰ পৰা ধুবুৰী লৈ কংগ্ৰেছে আৰম্ভ কৰা জনজাগৰণ সভাৰ লখিমপুৰৰ অনুষ্ঠানত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ভস্মাসুৰ আক্ষা দিয়ে ৰিপুণ বৰাই । ইপিনে ৰকিবুল হুছেইনে ক’লে বন্ধু সময় থাকোতে সাৱধান হোৱা । অন্যথা আগন্তুক নিৰ্বাচনত ফলাফল দিব ৰাইজে ।
![কংগ্ৰেছৰ অস্তিত্ব ৰক্ষাৰ জনজাগৰণ যাত্ৰা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-nlp-congress-protest-7204036_27012020143724_2701f_01010_505.jpg)